Logo
image

ডিব্ৰুগড়ত মটক স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসহ ৭ জনৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ সম্পূৰ্ণৰূপে গেৰুৱা হৈ পৰিব নৱগঠিত মটক স্বায়ত্বশাসিত পৰিষদ। শাসকীয় বিজেপিৰ আগ্ৰাসনত শিৰণত হ'ল এসময়ত মটক জনগোষ্ঠীৰ স্বাধিকাৰৰ বাবে সংগ্ৰাম কৰা জনগোষ্ঠীয় সংগঠনটোৰ ৭ জনকৈ প্ৰাক্তন নেতৃত্বই। মটক স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নেতৃত্বত ৭ জনকৈ সদস্যই শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত। 

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান সমাৰোহত মটক স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, কাৰ্যবাহী সদস্য অমূল্য সেনাপতি, যতীন দিহিঙ্গীয়া, সাধাৰণ সদস্য দীপজয় শইকীয়া, ধৰ্মানন্দ কোঁৱৰ আৰু প্ৰাণদ্বীপ মহনে গেৰুৱা বসন পৰিধান কৰে। শেহতীয়াকৈ পৰিষদৰ ২২ সদস্যৰ বিপৰীতে ৭ জনকৈ সদস্যই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছতে একপ্ৰকাৰ গেৰুৱা হৈ পৰিল মটক স্বায়ত্বশাসিত পৰিষদ।

কম সময়ৰ ভিতৰত আন ১৫ সদস্যও বিজেপিত যোগদান কৰিব বুলি প্ৰকাশ কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়াই। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অন্তিম কাৰ্যকালত অৰ্থাৎ ২০২১ চনৰ ১৫ জানুৱাৰীত গঠন হোৱা মটক স্বায়ত্ব পৰিষদে ইতিমধ্যে দুটা বছৰত ভৰি দিছে। কিন্তু বিজেপিৰ আগ্ৰাসনত স্বতন্ত্ৰভাৱে কাম কৰিব নোৱাৰিলে এইসকল ন-বিজেপিৰ নেতৃত্বই। ফলত বিজেপিৰ ওচৰত শিৰণত হৈ নিজকে গেৰুৱাকৰণ কৰিলে মটক স্বায়ত্বশাসিত পৰিষদৰ ৭ সদস্যই। 

ইফালে বিজেপিত যোগদান কৰিয়েই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়াই কয় যে, মটক জনগোষ্ঠীৰ উন্নয়ন আৰু সকলো জনগোষ্ঠীৰ সৈতে সমন্বয় তথা সম্প্ৰীতি ৰক্ষা কৰাৰ স্বাৰ্থত আমি বিজেপিত যোগ দিছোঁ। মটক জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগতো মটক স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যজনে কয় যে, মটক জনগোষ্ঠীয় সংগঠনসমূহে জনজাতিকৰণৰ দাবী জনাই আহিছে। চৰকাৰৰ লগতো আলোচনাত বহিছে। জনজাতিকৰণৰ দাবীক ইতিমধ্যে চৰকাৰে ইতিবাচক সঁহাৰি জনাইছে। কম সময়ৰ ভিতৰত চৰকাৰে জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বুলি আমি আশাবাদী। ইফালে পৰিষদৰ ৭ সদস্যক বিজেপিলৈ আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দলটোৰ তৃণমূল পৰ্যায়ৰ পৰা সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ আহ্বান জনায়। আনহাতে এই কাৰ্যসূচীতে আম আদমী পাৰ্টীৰ সামাজিক মাধ্যমৰ আহ্বায়ক দুলু কৰ্মকাৰেও বিজেপত যোগদান কৰে। জিলা বিজেপিৰ সাধাৰণ সম্পাদক প্ৰশান্ত গগৈয়ে আঁত ধৰা এই যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ উপস্থিত থাকে।