উক্তি-বক্ৰোক্তি
ন্যায় সকলোৰে বাবে সহজলভ্য হ’ব লাগিব৷ বিনামূলীয়া আইনী পৰামৰ্শৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব৷ ন্যায়পালিকাই স্থানীয় ভাষাত ৰায়দান কৰাটো প্ৰশংসনীয়৷
– ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
আইনৰ নীতিহীনতাই পক্ষপাতিত্বৰ সৃষ্টি কৰে৷ আইনৰ ব্যৱহাৰ ইয়াৰ নিৰ্দিষ্ট নীতিৰ মাজত হ’ব লাগে৷ ন্যায়পালিকাৰ প্ৰকৃত স্বতন্ত্ৰতাৰ ওপৰত নাগৰিকৰ আস্থা আৰু বিশ্বাস নিহিত থাকে৷
– ডি ৱাই চন্দ্ৰচূড়
দেশখন আগবাঢ়ি যোৱাটো কামনা নকৰা কিছু কিছু শক্তিয়ে চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত সংঘাত থকা বুলি প্ৰচাৰ কৰে৷ আমাৰ মাজত মতভেদ থাকিব পাৰে, কিন্তু কোনো সংঘাত নাই৷ কেতবোৰ শক্তিৰ অপপ্ৰচাৰৰ বিৰুদ্ধে আমি সজাগ হ’ব লাগিব৷
– কিৰেণ ৰিজিজু
দিল্লীত চৰকাৰী স্কুলৰ জয়যাত্ৰা অব্যাহত আছে৷ ইফালে অসমত চৰকাৰী স্কুলবোৰ বন্ধ কৰি দিয়া হৈছে৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত স্কুল খুলিছে৷
– অৰবিন্দ কেজৰিৱাল
যি দেশৰ ৰজা বেপাৰী, সেই দেশৰ প্ৰজা ভিক্ষাৰী হয়৷
– ভগৱন্ত মান
মা কামাখ্যাৰ পাদদেশতে মিছা কথা কৈছে কেজৰিৱালে৷ দিল্লীত চৰকাৰী চাকৰি ডেৰ লাখ৷ তেন্তে ডেৰ লাখ পদত কেজৰিৱালে ১২ লাখক কেনেকৈ চাকৰি দিলে?
– হিমন্ত বিশ্ব শৰ্মা
কেজৰিৱালৰ কথাৰ ভুল ব্যাখ্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ কেজৰিৱালে দিল্লীত ১২ লাখক ৰোজগাৰ দিয়াৰ কথা কৈছে, পঞ্জাবত ২৮ হাজাৰক চৰকাৰী চাকৰি দিয়াৰ কথা কৈছে৷ চৰকাৰী চাকৰি আৰু ৰোজগাৰ বেলেগ৷ হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনত পঞ্জাবত পেপাৰ লীক হোৱাৰ কথা কৈছে৷ তেতিয়া পঞ্জাবত কংগ্ৰেছৰহে চৰকাৰ আছিল৷
– আম আদমী পাৰ্টী
শোণিতপুৰ জিলাৰ ছিজুচা অঞ্চলৰ তিনিটাকৈ সৰু স্থানত বহু বছৰ ধৰি অৰুণাচল প্ৰদেশৰ চৰকাৰী আন্তঃগাঁথনি থকাৰ বিপৰীতে কাগজে-পত্ৰই অসমৰ অধীন হৈ আছে৷ সেই ঠাইখিনি অৰুণাচলক দি আন ঠাইত অৰুণাচলৰ সমপৰিমাণৰ মাটি অসমৰ লগত চামিল কৰাৰ বিষয়ত আমি সহমতত উপনীত হৈছোঁ৷
– পীয়ূষ হাজৰিকা
ভৰলুৰ লেতেৰা ঢাকিবলৈ নহয়, আই পি এলৰ খেলুৱৈক মহে কামোৰাত বাধা দিবলৈহে এগ্ৰি-হাৰ্ভেষ্টিং নেটেৰে ভৰলু নৈ ঢাকি দিয়া হৈছে৷
– গুৱাহাটী পৌৰ নিগম






