Logo
image

পবিতৰাৰ পৰা হেৰাই গ’ল ৪০০ হেক্টৰ ভূমি

আমাৰ অসম, ৯ এপ্ৰিলঃ ৰাজ্যৰ সৰ্বত্ৰ বনভূমি বেদখল অব্যাহত থকাৰ মাজতে গুৱাহাটীৰ সমীপৱৰ্তী পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বৃহৎ একৰ ভূমি হঠাতে মেপৰ পৰা হেৰাই যোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ প্ৰায় ৪০০ হেক্টৰ মাটিকালি চৰকাৰী নথিৰ পৰা অন্তৰ্ধান হোৱাৰ কাৰ্যই সচেতন মহলৰ চকু কঁপালত তুলিছে৷ খোদ অসম বিধানসভাৰ মজিয়াত ভূমি নোহোৱা হোৱা এই আশ্চৰ্যজনক তথ্য উন্মোচন হৈছে৷ কিন্তু পবিতৰাৰ ৪০০ হেক্টৰ ভূমি মেপৰ পৰা কিয়-কেনেকৈ নোহোৱা হ’ল সেই সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে বন বিভাগ৷ 

উল্লেখ্য, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যক চৰকাৰী ঘোষণা কৰা ১৯৯৮ চনৰ ১৭ মাৰ্চত বন বিভাগৰ জাননীত মাটিকালি দেখুওৱা হৈছিল সৰ্বমুঠ ৩৮৮০.৬২ হেক্টৰ৷ পৰৱৰ্তী সময়তো বিভিন্ন নথিত পবিতৰাৰ মুঠ ভূমি ৩৮.৮১ বৰ্গ কিলোমিটাৰ বুলিয়েই উল্লেখ কৰি আহিছিল৷ শেহতীয়াকৈ অসম বিধানসভাত ৰাজ্যৰ বনভূমি বেদখলৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি ৩৪৮১ হেক্টৰ বুলিহে বন বিভাগে উল্লেখ কৰিছে৷ আনকি পবিতৰাৰ কোনো ভূমি বেদখলকাৰীৰ কবলত নাই বুলিও বিধানসভাত অৱগত কৰিছে বনমন্ত্ৰীয়ে৷ পবিতৰাক স্বীকৃতি দিয়াৰ সময়ত উল্লেখ কৰা ৩৮৮০.৬১ হেক্টৰ ভূমিৰ পৰা প্ৰায় ৪০০ হেক্টৰ ভূমি কেনেকৈ নোহোৱা হ’ল তাৰ কোনো সবিশেষ ৰাজহুৱা কৰা নাই বনমন্ত্ৰীয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জালিয়াতিৰে পবিতৰাৰ ৪০০ বিঘা ভূমি কোনো পুঁজিপতি ব্যৱসায়ীক গতালে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ অৱশ্যে এই সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েহে সঠিক তথ্য স্পষ্ট কৰিব পাৰিব৷ কিন্তু, বন বিভাগে প্ৰকৃত সত্য প্ৰকাশ কৰিব নে, নে কোনো চক্ৰৰ হেঁচাত তাক ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিব সেয়া সময়তহে স্পষ্ট হ’ব৷