Logo
image

অসমৰ পাট-মুগাক শলাগিলে সংগীতা বিজলানীয়ে, ফেশ্বন জগতত সংযুক্তা দত্তৰ ১০ বছৰ

আমাৰ অসম, ৯ এপ্ৰিলঃ  ফেশ্বন আৰু গ্লেমাৰৰ জগতত গৌৰৱোজ্বল ১০টা বছৰ সম্পূৰ্ণ কৰে অসম কন্যা তথা খ্যাতিমান ডিজাইনাৰ সংযুক্তা দত্তই৷ এই দহ বছৰীয়া যাত্ৰাক উদ্‌যাপনৰ বাবে গুৱাহাটীৰ বেলতলাত অৱস্থিত ‘সংযুক্তা ষ্টুডিঅ’ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত বলীউডৰ বিশিষ্ট অভিনেত্ৰী সংগীতা বিজলানীকে ধৰি অসমৰ আগশাৰীৰ কেইবাগৰাকীও স্বনামধন্য শিল্পীয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে, অনুষ্ঠানত অভিনেত্ৰী সংগীতা বিজলানীয়ে অসমৰ পাট-মুগাৰ শলাগ লোৱাৰ লগতে সংযুক্তা দত্তৰ ডিজাইনক উচ্ছ প্ৰশংসা কৰে৷ স্মৰ্তব্য, সংযুক্তা দত্তই অসমীয়া পাট-মুগাৰ চাদৰ-মেখেলাত নিজা সৃষ্টিশীলতাৰে বিভিন্নধৰণে ব্যতিক্ৰমী আৰু মনোগ্ৰাহী ডিজাইন কৰি দেশ-বিদেশৰ মডেলৰ দ্বাৰা অসমৰ হস্ততাঁত শিল্পক উন্নতধৰণে তুলি ধৰিছে৷  প্ৰায় ১০ বছৰ পূৰ্বে সংযুক্তা দত্তৰ এই বিশেষ সপোনটোৱে পোখা মেলিছিল ‘সংযুুক্তা ষ্টুডিঅ’ৰ পৰা৷ তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাই কম দিনতে সকলোৰে দৃষ্টি কাঢ়ে৷ ১০ বছৰীয়া বৰ্ষপূৰ্তিত শনিবাৰে ‘সংযুক্তা ষ্টুডিঅ’ত ডিজাইনাৰগৰাকীৰ অনুৰাগীসকলৰ মাজত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত ভাগ লৈ ডিজাইনাৰ সংযুক্তা দত্তক উৎসাহিত কৰাৰ প্ৰয়াসেৰে মুম্বাইৰ পৰা গুৱাহাটীত আহি উপস্থিত হয় বলীউড অভিনেত্ৰী সংগীতা বিজলানী৷ মনকৰিবলগীয়া যে, সংযুক্তাই ডিজাইনিঙক পেছা হিচাপে বাছি লোৱাৰ পূৰ্বে আছিল এগৰাকী অভিযন্তা৷ সংযুক্তা দত্তই প্ৰথমগৰাকী অসমীয়া ডিজাইনাৰ, যিয়ে লেক্‌মি ফেশ্বন উইকত অসমৰ ৰেচম শিল্পক তুলি ধৰে৷ কেৱল ভাৰততেই নহয় বহু ফেশ্বন উইকত তেওঁ অংশগ্ৰহণ কৰিছে৷ বিশেষকৈ এফ ডি চি আই, লণ্ডন ফেশ্বন উইক আৰু শেহতীয়াকৈ সংযুক্তাই নিউয়ৰ্ক ফেশ্বন উইকতো অংশগ্ৰহণ কৰে৷ তদুপৰি দেশ-বিদেশৰ বিভিন্ন বাতৰি কাকত, আলোচনীত সংযুক্তাৰ ডিজাইনৰ উচ্ছ প্ৰশংসা হয়৷ সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ জিলিকি উঠিছিল কাঁ মহোৎসৱতো৷