Logo
image

স্বামীগৃহত ন-বোৱাৰীক হত্যাৰ অভিযোগঃ দুলীয়াজানত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ,ডিড্ৰুগড়ঃ মাহ-হালধীৰ গোন্ধ নৌযাওঁতে স্বামীগৃহত বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ন-বোৱাৰীক হত্যা কৰি শৌচাগাৰত পেলাই থৈ যোৱাৰ অভিযোগ তুলি দেওবাৰে দুলীয়াজানত পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। দুলীয়াজান আৰক্ষী থানাৰ সন্মুখতে অভিযুক্ত স্বামীক উপযুক্ত শাস্তিৰ দাবীত ন-বোৱাৰীৰ মৃতদেহ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

জানিব পৰা মতে, তিনিমাহৰ পূৰ্বে দুলীয়াজানৰ পুৰণি ডিৰিয়াল চাহ বাগিচাৰ বাসন্তী গোৱালা নামৰ যুৱতীগৰাকী দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাৰ নতুন লাইনৰ ৰাজীৱ গোৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ইয়াৰ পিছতে ৰহস্যজনকভাৱে শনিবাৰে নিশা স্বামীগৃহৰ শৌচাগাৰত বাসন্তীৰ মৃতদেহ উদ্ধাৰ হয়। শৌচাগাৰত পৰি বাসন্তীৰ মৃত্যু হোৱাৰ কথা পৰিয়ালক জনাইছিল স্বামীগৃহই। ইফালে বাসন্তীক ইটা নহ'লে ডিঙি চেপি হত্যাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। 

আনহাতে আৰক্ষীয়ে বাসন্তীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্তত হত্যাকাণ্ড বুলি ধাৰণা কৰিছে। ইফালে এই বাতৰি চৌদিশে বনজুইৰ দৰে বিয়পি পৰাৰ পিছতে মৃত ন-বোৱাৰীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে অভিযুক্ত স্বামী ৰাজীৱ গোৱালা আৰু তেওঁৰ পিতৃ পুস্তম গোৱালাৰ লগতে তেওঁলোকৰ বাসগৃহ উত্তেজিত ৰাইজে আক্ৰমণৰ লক্ষ্য কৰি এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে । পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ ৰোষৰ পৰা দুই অভিযুক্তক ৰক্ষা কৰিবলৈ সক্ষম হয়। ইফালে ঘটনা সৰ্ন্দভত মৃত বোৱাৰীগৰাকীৰ পৰিয়ালে দুলীয়াজান আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে দুলীয়াজান আৰক্ষীয়ে। শেহতীয়াকৈ আৰক্ষীয়ে স্বামী ৰাজীৱ গোৱালা আৰু শহুৰ পুস্তম গোৱালাক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে।