Logo
image

বিহুৰে বিৰিণা পাতে সমনীয়া

বিহু বুলি ক’লেই অসমীয়াৰ হিয়া সাতখন আঠখন কৰে৷ এইবাৰ পৰিস্থিতি আৰু সুকীয়া৷ ইয়াৰ কাৰণ এয়ে যে এইবাৰ অসম চৰকাৰৰ উদ্যোগত ব’হাগ বিহু উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ গুৱাহাটীৰ সৰুসজাইত ১৪ এপ্ৰিলত একেলগে বিহু মাৰিব প্ৰায় ১৩ হাজাৰ বিহুৱা-বিহুৱতীয়ে৷ গীনিজ বুকত স্থান পাবলৈকে বিহুক লৈ এই সম্পৰীক্ষা অসম চৰকাৰৰ৷ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ঘোষণা কৰা হৈছে যে পৰৱৰ্তী সময়ত বিভিন্ন জনজাতি-জনগোষ্ঠীৰ লোককলাক গীনিজ বুকত স্থান দিয়াবৰ বাবে চৰকাৰীভাৱে চেষ্টা চলোৱা হ’ব৷ অসমৰ বিভিন্ন লোককৃষ্টিৰ জৰিয়তে বিশ্ব অভিলেখ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখাৰ জৰিয়তে৷ এই অভিযানত সফলতা লাভ কৰাৰ পাছতে বিভিন্ন লোককৃষ্টিৰ জৰিয়তে বিশ্ব অভিলেখ স্থাপনৰ বাবে অসম চৰকাৰে আৰম্ভ কৰে বিশেষ অভিযান৷ সেই সূত্ৰে এইবাৰ ব’হাগৰ প্ৰাকক্ষণত গাঁৱতকৈ চহৰত, বিশেষকৈ গুৱাহাটীত বিহুকেন্দ্ৰিক উৎসাহ-উদ্দীপনা অধিক পৰিলক্ষিত হৈছে৷ গুৱাহাটীলৈ বাট বুলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ বিহুৱা-বিহুৱতীয়ে৷ গুৱাহাটীতে এইবাৰ গাঁৱৰ শ শ ডেকা-গাভৰুৱে বিহুগীত জুৰিছে, বিহুনাচ নাচিছে৷ ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি মাতেৰে মুখৰ হৈ পৰিছে গুৱাহাটী৷ ১৪ এপ্ৰিলৰ অনুষ্ঠানৰ বাবে গুৱাহাটী আৰু পাশ্বৰ্ৱৰ্তী অঞ্চলৰ সকলো হোটেল, লজ আদি বুক কৰা হৈছে৷ অসম চৰকাৰ আৰু সমগ্ৰ প্ৰশাসনযন্ত্ৰ এতিয়া কাৰ্যতঃ বিহুক লৈ ব্যস্ত৷ 
১৪ এপ্ৰিলত সৰুসজাইত প্ৰায় ১৩ হাজাৰ নাচনী-বিহুৱাৰ বিহুনাচ পৰিৱেশনৰ জৰিয়তে বিশ্বৰ বৃহত্তম নৃত্য (লোকনৃত্য) ৰূপে গীনিজ বুকত অভিলেখ গঢ়িবলৈ আগবাঢ়িছে বিহু৷ বিহুক লৈ গীনিজ বুকত অভিলেখ স্থাপন কৰাৰ বাবে বিহু বিশেষজ্ঞসকলক লৈ ১৫ মিনিটৰ এটা বিহু নৃত্যৰ ভিডিঅ’ প্ৰস্তুত কৰি ‘গীনিজ বুক’ৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে৷ এই সন্দৰ্ভত অসম চৰকাৰে প্ৰেৰণ কৰা তথ্য-পাতি পুনৰীক্ষণ কৰি  প্ৰাৰম্ভিক পৰ্যায়ৰ বাবে ‘গীনিজ বুক’ কতৃৰ্পক্ষই প্ৰয়োজনীয় অনুমোদন জনাইছে৷ ২৭ ফেব্ৰুৱাৰীৰ পৰা মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে৷ ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয়৷ ১৪ এপ্ৰিলৰ এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনোৱা হৈছে৷ জি-২০ সন্মিলনৰ দেশসমূহৰ ৰাষ্ট্ৰদূতসকলৰ উপৰি দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰদূতসকলকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে৷ ৪০০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ দিয়া হৈছে৷ মাষ্টাৰ ট্ৰেইনাৰসকলে ২০-৫০ জনীয়া গোট বান্ধি জিলাই জিলাই প্ৰশিক্ষণ দিছে৷  ৯ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ সকলোৱে গুৱাহাটীত একেলগে প্ৰশিক্ষণ লোৱাৰ দিহা কৰা হৈছে৷ ১৪ এপ্ৰিলৰ দিনা মূল অনুষ্ঠান হ’ব আৰু ১৫ এপ্ৰিলত সকলো ঘৰলৈ উভতি যাব৷ নাচনীসকলৰ বয়স ১৫১  পৰা ৩৫ বছৰৰ ভিতৰত৷ অংশগ্ৰহণকাৰী শিল্পীসকলক মাননি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিগৰাকী বিহুৱা-বিহুৱতীৰ বাবদ ১০,৫০০ টকাকৈ ব্যয় কৰা হ’ব৷ এই ধন প্ৰত্যেকৰে একাউণ্টত সোমাব৷ ১৪ এপ্ৰিলৰ সমগ্ৰ অনুষ্ঠানটো এঘণ্টাৰ হ’ব৷ বিহুনাচৰ অনুষ্ঠানটো ১৫ মিনিট সময়ৰ হ’ব৷  
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে অহা বছৰৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত ৭ দিনীয়াকৈ ৰঙালী বিহু উদ্‌যাপন কৰা হ’ব৷ শিৱসাগৰৰ ৰংঘৰ বাকৰি আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চৰকাৰৰ উদ্যোগত সাতদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰঙালী বিহু৷ দিনত চৰকাৰী বিহু আৰু নিশা হ’ব কমিটীৰ বিহু৷ বিহু উদ্‌যাপনৰ নামত চান্দা উঠোৱা বন্ধ কৰিবলৈও বিহু কমিটীসমূহক আহ৩ান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসম চৰকাৰে ৰংঘৰ আৰু সৰুসজাইত আয়োজন কৰা বিহুক লৈ স্থানীয় বিহু সমিতিৰ কোনো সমস্যা নহয়৷ চৰকাৰৰ উদ্যোগত আয়োজন কৰা বিহু নিতৌ সন্ধিয়া ৬ বজাত সামৰণি পৰিব৷ গধূলিৰ বিহুত বাধা নোহোৱাকৈ  অৰ্থাৎ দিনত অনুষ্ঠিত কৰা হ’ব চৰকাৰী বিহু৷ গীনিজ বুকত অভিলেখৰ বাবে আয়োজন কৰা ১৪ এপ্ৰিলৰ বিহুৰ ক্ষেত্ৰত স্থানীয় বিহু কমিটীয়ে দিনৰ ১১ বজা পৰ্যন্ত অনুষ্ঠান কৰাত অসুবিধা নহয়৷ স্থানীয় বিহু সমিতিৰ উদ্যোক্তাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কৈছে– অনা অসমীয়া লোকৰ পৰা বিহু উদ্‌যাপনৰ নামত বলপূৰ্বক চান্দা সংগ্ৰহ কৰাৰ পৰিৱৰ্তে অনা অসমীয়া লোকসকলক বিহু পাতিবলৈ আহ্বান জনাওক৷ পূৰ্বৰ দৰে এইবাৰো ১০ বছৰ পুৰণি বিহু সমিতি সমূহক বিহু উদ্‌যাপনৰ বাবে ডেৰ লাখ টকাকৈ অনুদান দিয়া হ’ব৷ ১৫ মে’ৰ ভিতৰত বিহু উদযাপন কৰা কমিটীকহে দিয়া হ’ব উক্ত অনুদান৷ ১৫ মে’ৰ পাছত বিহু উদ্‌যাপন কৰা কমিটীয়ে নাপাব চৰকাৰৰ অনুদান৷