Logo
image

মাথোঁ ১৫ মিনিটতে সমাপ্ত হ’ব ১০০ কোটি টকাৰ অনুষ্ঠান

আমাৰ অসম, ১০ এপ্ৰিলঃ ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ১৪ এপ্ৰিল, শুকুৰবাৰে আবেলি ৪.৪৫ বজাত সৰুসজাইত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব একেলগে ১০,০১০ গৰাকী বিহুৱা-বিহুৱতীৰ বিৰল বিহুনৃত্য প্ৰদৰ্শন কাৰ্যসূচী৷ ১৫ মিনিটৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হ’ব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়–‘স্বাভাৱিকতে ১০,০১০গৰাকী বিহুৱা-বিহুৱতীয়ে একেলগে বিহুনৃত্য প্ৰদৰ্শন কৰিলে গীণিজ বুক ৰেকৰ্ডৰ দৰে বিশ্ব ৰেকৰ্ড হ’ব৷ অনুষ্ঠানৰ পাছতে গীণিজ বুকে আমাক চাৰ্টিফিকেট দিব৷

সৰুসজাই বিহু নৃত্য প্ৰদৰ্শন কৰিবলগীয়া বিহুৱা বিহুৱতীসকল আজি বা কাইলৈ নিশা আহি গুৱাহাটীত উপস্থিত হ’ব৷ ১১, ১২ আৰু ১৩ তাৰিখে তেওঁলোকে সৰুসজাইত ড্ৰেছ ৰিহাৰ্চেল কৰিব৷ তিনিবাৰকৈ তেওঁলোকে ড্ৰেছ ৰিহাৰ্চেল কৰিব৷ সাধাৰণ ৰাইজেও এই অনুষ্ঠান চাব পাৰিব৷ অৱশ্যে ১৪ তাৰিখৰ কাৰ্যসূচীৰ বাবে আসন সীমিত হ’ব৷ ১০ হাজাৰ মান দৰ্শকেহে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব৷ নয়নভিৰাম এই অনুষ্ঠান ছোৱাৰ বাবে আগ্ৰহী লোকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ১১-১৩ এপ্ৰিলৰ ভিতৰত পাছ সংগ্ৰহ কৰিব পাৰিব৷ এই অনুষ্ঠানত বাহিৰৰ কোনো মুখ্যমন্ত্ৰী বা আন ভি ভি আই পিক আমন্ত্ৰণ জনোৱা হোৱা নাই৷ প্ৰথমতে তেওঁলোকক আমন্ত্ৰণ জনোৱা হ’ব বুলি ভবা গৈছিল যদিও পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ ব্যস্ততাৰ বাবে ইয়াক বাতিল কৰা হয়৷’ উল্লেখ্য যে ১০০ কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে গুৱাহাটীৰ সৰুসজাইত আয়োজন কৰা বিহুৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণৰ লগতে আন কেইবাটাও কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৪ এপ্ৰিলৰ পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হ’ব৷ সংবাদমেলত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সবিশেষ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনেদৰে কয়–‘অহা ১৪ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীত আহি উপস্থিত হ’ব৷ তেওঁ ৰাতিপুৱা ১১.৩০ বজাত গুৱাহাটী বিমান বন্দৰৰ পৰা আই আই টি গুৱাহাটীলৈ হেলিকপ্তাৰেৰে যাব৷ তাৰ পৰা পোনে পোনে চাংসাৰিৰ এইমছ গুৱাহাটীত গৈ উপস্থিত হ’ব৷ চাংসাৰিত এইমছৰ নিৰ্মাণ কাৰ্য ৮৫ শতাংশ সম্পূৰ্ণ হৈছে আৰু ১৫ শতাংশ সম্পূৰ্ণ হ’বলৈ বাকী আছে৷ প্ৰধানমন্ত্ৰীয়ে এইমছ গুৱাহাটী আনুষ্ঠানিক উদ্বোধন কৰিব৷ এই এইমছখন ভাৰত চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে৷ প্ৰায় ৰ,১২৩ কোটি টকা এইমছ গুৱাহাটী নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে৷ ৭৫০ খন বিচনাযুক্ত এইমছ গুৱাহাটীত প্ৰত্যেক বছৰে ১০০ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে এম বি বি এছ পঢ়িব পাৰিব আৰু ৭৫০ খন বেডৰ ব্যৱস্থা থাকিব৷ অপিডি, জেনেৰেল অপিডি, আয়ুষ অপিডি আৰু বিভিন্ন ধৰণৰ আধুনিক সা-সজুলিৰে এইমছ গুৱাহাটীয়ে আমাৰ স্বাস্থ্যখণ্ডৰ এটা বহুদিনীয়া অভাৱ দূৰ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এইমছ গুৱাহাটী উদ্বোধনৰ কাৰ্যসূচীৰ লগতে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা তিনিখন মেডিকেল কলেজো উদ্বোধন কৰিব৷ এই বছৰ আমাৰ ৰাজ্য চৰকাৰৰ এটা বৃহৎ সফলতা আছিলে যে আমি তিনিখন মেডিকেল কলেজৰ স্বীকৃতি মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ পৰা পাবলৈ সক্ষম হ’লো৷ ৬১৫ কোটি টকা ব্যয়েৰে নলবাৰী মেডিকেল কলেজ, ৫৬০ কোটি টকা ব্যয়েৰে নগাঁও মেডিকেল কলেজ আৰু ৫৩৫ কোটি টকা ব্যয়েৰে কোকৰাঝাৰ মেডিকেল কলেজৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে৷ এই তিনিওখন মেডিকেল কলেজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাংসাৰী এইমছ চৌহদৰ পৰাই ৰিমৰ্টৰ দ্বাৰা উদ্বোধন কৰিব৷ নলবাৰী, কোকৰাঝাৰ আৰু নগাঁৱতো একোখনকৈ সভা অনুষ্ঠিত হ’ব আৰু প্ৰধানমন্ত্ৰীৰ ভাষণ সেই তিনিওস্থানতো ৰাইজে শুনিব পাৰিব৷ এই তিনিওখন মেডিকেল কলেজ ৫০০ বিচনাযুক্ত হ’ব আৰু ১০০ কৈ মেডিকেল আসন থাকিব৷ সেই হিচাপে চলিত বৰ্ষৰ পৰা ৰাজ্যৰ মেডিকেল শিক্ষাত আৰু ৩০০ খন আসন সংযোজিত হ’ব৷ অসমৰ ৰেছন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে আমি ৫ লাখ টকাৰ বাৰ্ষিক স্বাস্থ্য সেৱাৰ এটা সুবিধা প্ৰদান কৰাৰ বাবে আমি বাজেটতত উল্লেখ কৰিছিলো৷ এয়া প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ লগত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ এটা সংযোজন৷ ১৪ এপ্ৰিলৈকে ৰাজ্য চৰকাৰে ৰ কোটি ১০ লাখ মানুহৰ বাবে আয়ুষ্মান অসম কাৰ্ড প্ৰস্তুত কৰি উলিয়াব৷ 

জীৱিকা সখি, এম পি ডব্লিউসকলে যোৱা তিনিমাহ ধৰি ৰাজ্যৰ ঘৰে ঘৰে গৈ এই কাৰ্ডসমূহ বনোৱাৰ কামত লাগি গৈছে৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে ১৪ এপ্ৰিলত উক্ত কাৰ্ডৰ প্ৰতীকিভাৱে আৰম্ভ কৰিব৷ ১০ মে’ত এই চৰকাৰখনৰ দুবছৰ হোৱাৰ দিনাখনৰ পৰাই আঁচনিখন ৰাজ্যত কাৰ্যক্ষম হ’ব৷ আয়ুষ্মান ভাৰত কাৰ্যক্ষম হৈ আছে ২৭ লাখ পৰিয়ালৰ বাবে, বাকী পৰিয়ালৰ বাবে আয়ুষ্মান অসম ১০ মে’ৰ পৰা প্ৰযোজ্য হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ গুৱাহাটীৰ পৰাই আমাৰ স্বাস্থ্যখণ্ডৰ আৰু এক অভিলাষী আঁচনিৰ কাম আৰম্ভ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে আছাম এডভান্স হেল্‌থ কেয়াৰ ইনভেটিভ ইনষ্টিটিউটৰো নিৰ্মাণৰ শুভাৰম্ভ কৰিব৷ অসম চৰকাৰ আৰু আই আই টি গুৱাহাটীৰ বুজাবুজিৰ ভিত্তিত এই ইনষ্টিটিউটখন নিৰ্মাণ হ’ব৷ প্ৰাৰম্ভিক ভিত্তিত অসম চৰকাৰে এই প্ৰতিষ্ঠানখনৰ বাবে ৬০০ কোটি টকা ব্যয় কৰিব৷ এই চিকিৎসালয়খনে স্বাস্থ্য সেৱাৰ লগে লগে স্বাস্থ্য সেৱাৰ লগত জড়িত অভিযান্ত্ৰিক দিশসমূহৰ ওপৰত অধ্যয়ন কৰিব৷ এই প্ৰতিষ্ঠানত হুইল চেয়াৰ, ভালভ আদি থলুৱাভাৱে প্ৰস্তুত কৰিব৷ হাস্পতালখন মেডিচিন আৰু ইঞ্জিনিয়াৰিঙৰ সংযোজন হ’ব৷ যথা সময়ত ইয়াত প্ৰাইভেট চিৰিটেবল ষ্টাষ্ট্ৰেও অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে আই আই টি গুৱাহাটীৰ কাৰ্যসূচী সামৰণি মাৰি হেলিকপ্তাৰ যোগে খানাপাৰাত উপস্থিত হ’ব আৰু খানাপাৰাৰ পৰা পোনে পোনে তেওঁ শংকৰদেৱ কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব৷ দিনৰ ১.৪৫ বজাত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অনুষ্ঠান সামৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩০ মিনিট সময় কইনাধৰা গেষ্ট হাউচত অতিবাহিত কৰিব৷ বিয়লি ৪.৩০ বজাত আমি তেওঁক কইনাধৰাৰ পৰা সৰুসজাইলৈকে লৈ যাম৷ ৪.৪৫ বজাত সৰুসজাইত আমাৰ বিহুৰ মূল অনুষ্ঠান আৰম্ভ হ’ব৷ সৰুসজাইতো প্ৰধানমন্ত্ৰীয়ে মুখ্যতঃ তিনিটা প্ৰজেক্টৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিব৷ প্ৰথম তেওঁ সেই অনুষ্ঠানত নামৰূপত আছাম পেট্ৰকেমিকেলছ লিমিটেডৰ দ্বাৰা ইতিমধ্যে সম্পূৰ্ণ কৰি উলিওৱা ৫০০ ডিপিডি ইথানেল প্ৰকল্পটোৰ শুভ উদ্বোধন কৰিব৷ অইল ইণ্ডিয়া লিমিটেড আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত ১,৭০৯ কোটি টকাৰে এই ইথানেল প্ৰকল্পৰ নিৰ্মাণ কৰি উলিওৱা হৈছে৷ ট্ৰায়েল ৰান আমি কৰিছো৷ সম্পূৰ্ণ ধৰণে এই উদ্যোগটো কমিচনিং হোৱাৰ পৰ্যায়লৈ আহি পৰিছে৷ এই উদ্যোগটো স্থাপন হোৱাৰ লগে লগে অসমৰ পৰা মিথানল ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে ওচৰ চুবুৰীয়া ৰাষ্ট্ৰলৈ ১৫ানি কৰাৰ এখন নতুন বজাৰ মুকলি হ’ব৷ এই মিথানেল প্ৰকল্পত ৰাজ্য চৰকাৰে ৫১ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডে ৪৯ শতাংশ খৰচ কৰিছে৷ নামৰূপৰ এপিএল প্ৰকল্পত ৰাইজ উপস্থিত থাকিব আৰু প্ৰধানমন্ত্ৰীয়ে সৰুসজাইৰ পৰাই ৰিমৰ্টৰ দ্বাৰা এই মিথানেল প্ৰকল্পৰ কাম আৰম্ভ কৰিব৷ অসমৰ উদ্যোগীকৰণত এটা নতুন দিগন্তৰ আৰম্ভ হ’ব৷ বহুদিন ধৰি ৰাজহুৱা খণ্ডত এনে ডাঙৰ প্ৰকল্পৰ ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰা নাছিল৷ ৰাজ্য চৰকাৰে যোৱা এটা দশকত নুমলীগড় শোধনাগাৰৰ শ্বেয়াৰ বৃদ্ধি কৰাৰ পাছত ইয়াক এক ডাঙৰ ইনভেষ্টমেণ্ট বুলি ক’ব পৰা যায়৷ নামৰূপৰ পৰা ইথানল প্ৰকল্প উদ্বোধন আৰু পাছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ আন এখন আঁচনিৰ কাম আৰম্ভ কৰিব৷ প্ৰায় ১০০ কোটি টকা ব্যয় কৰি ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ এখন আঁচনি অসম চৰকাৰে হাতত লৈছে৷ এই আঁচনিখনৰ কামো প্ৰধানমন্ত্ৰীয়ে ৰিমৰ্টৰ দ্বাৰা শুভাৰম্ভ কৰিব৷ শিৱসাগৰৰ ৰংঘৰত ৰাইজ উপস্থিত থাকিব৷ এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় মাটি ইতিমধ্যে আমি ৰাইজৰ পৰা সংগ্ৰহ কৰিছো৷ নিবিদা প্ৰক্ৰিয়া চলি আছে৷ এই দুয়োটা কাৰ্যসূচীৰ পাছত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হ’ব৷ পলাশবাৰী আৰু শুৱালকুছিক সংযোজন কৰি ৩১৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে৷’