Logo
image

শিশু ‘নিৰ্যাতন’ৰ অভিযোগ দালাই লামাৰ বিৰুদ্ধে

আমাৰ অসম,১০ এপ্ৰিলঃ শান্তিৰ নোবেলবিজয়ী তিব্বতী ধৰ্মগুৰু দালাই লামাই এটি কিশোৰক যৌন নিৰ্যাতন কৰাৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ লগে লগে চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৮৭ বছৰ বয়সীয়া ধৰ্মগুৰুজনে কিয় এনে আচৰণ কৰিলে সেই লৈ প্ৰশ্নৰ সৃষ্টি হৈছে৷ এক অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল বৌদ্ধধৰ্মৰ আধ্যাত্মিক গুৰু দালাই লামা৷ সেই অনুষ্ঠানলৈ তেওঁক শ্ৰদ্ধা জনাবলৈ আহিছিল এটি কিশোৰ৷ সম্প্ৰতি ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা গৈছে, ধৰ্মগুৰুজনে তেওঁৰ কাষলৈ অহা কিশোৰটিৰ ঠুতৰিত ধৰি লৈ ওঁঠত চুমা খাইছে৷ কেৱল চুমা খোৱাতে ক্ষান্ত নাথাকি দালাই লামাই কিশোৰটিক তেওঁৰ জিভাখন চুপি দিবলৈ আহ্বান জনাইছে আৰু নিজৰ জিভাখন বাহিৰলৈ উলিয়াই দিছে৷ ভিডিঅ’টোত দালাই লামাই কিশোৰটিক কৈছে– তুমি মোৰ জিভাখন চুপি দিব পাৰিবানে? 
স্বাভাৱিকতে শান্তিৰ নোবেলবিজয়ী বৌদ্ধ ধৰ্মগুৰুজনৰ এই অশালীন আচৰণক সকলোৱে একেমুখে নিন্দা কৰিছে৷ কি পৰিস্থিতিত দালাই লামাই এনেদৰে কিশোৰটিক যৌন নিৰ্যাতনৰ পৰ্যায়ৰ আচৰণ কৰিলে সেই সন্দৰ্ভত তেওঁৰ কোনো মতামত এতিয়াও প্ৰকাশ হোৱা নাই৷ আনহাতে, কোনো কাৰণতে এয়া বৌদ্ধ ধৰ্মৰ প্ৰথাও নহয় বুলি চৰ্চা হৈছে৷ সেয়ে দালাই লামাৰ এই কাৰ্যই বিশ্বজুৰি হৈ চৈৰ সৃষ্টি কৰিছে৷ কোনেও তেওঁৰ এই অশালীন কাৰ্যৰ ব্যাখ্যা বিচাৰি পোৱা নাই৷ দীপিকা পুস্কৰ নামৰ এগৰাকী মহিলাই এই ভিডিঅ’টো টুইটাৰত আপলোড কৰাৰ মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে৷ অনেকেই দালাই লামাৰ দৰে এজন আধ্যাত্মিক ধৰ্মগুৰু আৰু নোবেল বিজয়ীৰ পৰা এনে আচৰণ প্ৰত্যাশা কৰা নাযায় বুলি মন্তব্য কৰিছে আৰু প্ৰবীন ধৰ্মগুৰুজনক অনেকেই কঠোৰ ভাষাৰে সমালোচনা কৰিছে তথা গৰিহণা দিছে৷ উল্লেখ্য, সময়ে সময়ে কোনো আপত্তিকৰ মন্তব্য আগবঢ়াই দালাই লামাই বিতৰ্ক সৃষ্টি কৰাৰ উদাহৰণ আছে৷ ধৰ্মগুৰু হিচাপে তেওঁ যিদৰে নিজৰ মৰ্যাদা অটুত ৰাখিব লাগে, বহু সময়ত তেওঁ সেই মৰ্যাদা পাহৰি যোৱা দেখা গৈছে৷ ২০১৯ চনত তেওঁৰ উত্তৰসুৰী নিৰ্বাচন কৰাৰ সন্দৰ্ভত দালাই লামাই কৈছিল– যদি কোনো মহিলা কেতিয়াবা তেওঁৰ উত্তৰাধিকাৰী অৰ্থাৎ দালাই লামা হয় তেন্তে তেওঁ অনেক বেছি আকৰ্ষণীয় হ’ব লাগিব৷ অৰ্থাৎ সুন্দৰী বৌদ্ধ ভিক্ষুহে কেতিয়াবা দালাই লামা হ’ব পাৰিব বুলি তেওঁ মন্তব্য কৰিছিল৷ আধ্যাত্মিক ধৰ্মগুৰু হিচাপে তেওঁৰ সেই বক্তব্য কোনেও সমৰ্থন কৰা নাছিল৷ ব্ৰিটেইনৰ যি সংবাদ মাধ্যমৰ সাক্ষাতকাৰত  দালাই লামাই সেই কথা কৈছিল, উক্ত বক্তব্যক লৈ স্বাভাৱিকতে সেইবাৰো বিশ্বজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল৷ কিয়নো সমগ্ৰ বিশ্বজুৰি বসবাস কৰা সকলো বৌদ্ধ ধৰ্মাৱলম্বীয়ে দালাই লামাকে তেওঁলোক আধ্যাত্মিক ধৰ্মগুৰু হিচাপে মৰ্যাদা দিয়ে আৰু সন্মান কৰে৷ তেওঁৰ পৰা বৌদ্ধ ধৰ্মাৱলম্বীয়ে তেনেধৰণৰ পাতলীয়া মন্তব্য  আশা নকৰে৷ উক্ত বক্তব্যৰ বাবে পৰৱৰ্তী সময়ত তেওঁ ক্ষমাভিক্ষা মাগিবলগীয়া হৈছিল৷ এইবাৰ শিশুৰ সৈতে কৰা আচৰণক লৈ এতিয়াও দালাই লামা নিশ্চুপ হৈ আছে৷