Logo
image

মাৰ্চত মুকলি হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

আমাৰ অসম, ১০ এপ্ৰিলঃ ‘চলিত বৰ্ষৰ শেষৰ ফালে সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ কাম৷ অহা বৰ্ষৰ মাৰ্চ বা এপ্ৰিল মাহতে এই দলংখন ৰাইজৰ সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেলত অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি নতুন দলঙৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৩১৯৭ কোটি ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই দলংখনে ইতিমধ্যে পৰিৱেশ আৰু আনুসংগিক ক্লিয়াৰেন্স লাভ কৰিছে৷ ভাৰত চৰকাৰৰ নিউ ডেভেলপমেণ্ট বেংক, অনুদান তথা অসম চৰকাৰৰ অনুদানৰ দ্বাৰা এই দলঙৰ নিৰ্মাণ কৰা হ’ব৷ গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু পলাশবাৰী-শুৱালকুছিৰ দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটীৰ ৰিং ৰোডৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত হ’ব৷ যদি নাৰেংগী আৰু কুৰুৱা দলংখনো আমি এইবছৰৰ শেষৰ ফালে আৰম্ভ কৰিব পাৰো তেতিয়া নাৰেংগীৰ পৰা পলাশবাৰী, কুৰুৱাৰ পৰা শুৱালকুছি ৰিং ৰডটোৰ কল্পনাও সাকাৰ হ’ব৷’