Logo
image

মন্ত্ৰী-বিধায়কৰ কনভয়ৰ খুন্দাত ধৰাশায়ী পথচাৰীঃ মন্ত্ৰী তেলী, বিধায়ক ভাস্কৰক প্ৰশ্ন কৰিব পাৰিবনে আৰক্ষীয়ে

আমাৰ অসম, ১০ এপ্ৰিলঃ ‘নেতা-মন্ত্ৰীয়ে কৰিলে লীলা৷ সাধাৰণ ৰাইজে কৰিলে ধৰি-বান্ধি কিলা’৷–এই আপ্ত বাক্যশাৰীকে যেন অনুকৰণ কৰি পৰিচালিত হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন৷ সাধাৰণ লোকৰ বাহনৰ ক্ষেত্ৰত নিৰ্দিষ্ট গতিবেগ নিৰ্ধাৰণ কৰিছে যদিও মন্ত্ৰী-বিধায়কৰ কনভয়ৰ ক্ষেত্ৰত যেন পৰিবহন বিভাগৰ কোনো নীতি-নিৰ্দেশনাৰ মূল্য নাই৷ কিয়নো মন্ত্ৰী-বিধায়কৰ দ্ৰুতবেগী বাহনে দুৰ্ঘটনা সংঘটিত কৰি পথচাৰীক ঘূণীয়া তথা প্ৰাণ কাঢ়ি নিলেও আইনী ব্যৱস্থা ল’বলৈ সাহস নকৰে স্মাৰ্ট অসম আৰক্ষীয়ে৷ মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিলাসী বাহনে বৃহস্পতিবাৰে নিশা দেৰগাঁৱত দীপ ট্ৰেভেলছ নামৰ নৈশ ছুপাৰখনৰ চালক নৃপেন শইকীয়াক খুন্দিয়াই প্ৰাণ কাঢ়ি নিয়াৰ পাছতো আজিলৈকে দেৰগাঁও আৰক্ষীয়ে বিধায়কজনৰ এ এছ ০১ ই কে ২০৮৪ নম্বৰ মাৰ্চিডিছ ব্ৰেণ্ডৰ বাহনখন জব্দ নকৰিলে৷ একেদৰে শুকুৰবাৰে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ তীব্ৰবেগী কনভয়ে দীপজ্যোতি ভট্টাচাৰ্য নামৰ এজন বাইক আৰোহীক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে যদিও আৰক্ষীয়ে এই পৰ্যন্ত মন্ত্ৰীৰ কনভয়ৰ বাহনখনৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই৷ দুৰ্ঘটনা সংঘটিত কৰি মন্ত্ৰীৰ কনভয়ত থকা আৰক্ষীয়ে আঘাতপ্ৰাপ্ত যুৱকজনক চৰিয়াই দিয়াৰ ভাবুকি দিয়াৰ পাছতো হাত-সাৱটি বহি আছে ডিব্ৰুগড় আৰক্ষী৷ আনকি কেন্দ্ৰীয় মন্ত্ৰীজনে আহত যুৱকজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰিয়েই দায়িত্ব সামৰিছে৷ ইফালে বিধায়কৰ বাহনে নৈশ ছুপাৰৰ চালকক খুন্দিয়াই প্ৰাণ কাঢ়ি নিয়াৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত ক্ষোভ ব্যক্ত কৰিছে দূৰণিবটীয়া বাছ চালক সন্থাৰ বিষয়ববীয়া তথা আম আদমি পাৰ্টীৰ নেতা ৰূপম দত্তই৷ সংবাদ মাধ্যমৰ আগত ৰূপম দত্তই কয়– কোনো বাছ চালকে ৰাজপথত ৰিক্সা এখনত খুন্দা লগালেও আৰক্ষীয়ে চালক-হেণ্ডিমেনক থানালৈ নিয়ে৷ আনকি বাছখনকো জব্দ কৰে৷ কিন্তু এজন চালকক ৰাজপথত খুন্দিয়াই প্ৰাণ কাঢ়ি নিয়াৰ পাছতো বিধায়কৰ গাড়ী হোৱাৰ বাবেই আৰক্ষীয়ে কোনো তদন্ত কৰা নাই৷ এয়া কেতিয়াও মানি লোৱা নহ’ব৷ দুৰ্ভগীয়া চালক নৃপেন শইকীয়াৰ পৰিয়ালে ন্যায় পাব লাগিব৷