Logo
image

ডায়েটিং নকৰাকৈ এইদৰে ওজন কমাওক

অতিৰিক্ত ওজন কমাবৰ বাবে আজিকালি বিভিন্ন ধৰণৰ অত্যাধুনিক যন্ত্ৰপাতি ওলাইছে যদিও কেইটামান সহজ ব্যায়াম কৰিয়েই কম সময়তে দেহৰ ওজন কমাব পৰা যায়৷ বহুতে ওজন কমাবলৈ ডায়েট নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে৷ যাৰ বাবে, খাদ্য খোৱাৰ পৰিমাণ হঠাতে কমাই দিয়ে৷ কিন্তু ডায়েট নিয়ন্ত্ৰণৰ পাছতো ওজন হ্ৰাস নাপালে উদ্বিগ্নতাত ভোগে৷ পিছে ওজন হ্ৰাস কৰাৰ বাবে কেইটামান বিশেষ ব্যায়াম আছে৷ এই কেইটা ব্যায়াম কৰিলেই ওজন হ্ৰাস পোৱাৰ লগতে মেদবহুলতাৰ পৰাও নিজকে ৰক্ষা পৰা যায়৷ উল্লেখ কৰা হ’ল অতিৰিক্ত ওজন কমাবলৈ কেনেধৰণৰ ব্যায়াম কৰা উচিত–
 - স্কিপিং কৰক
নিতৌ পোন্ধৰ মিনিটমান সময় স্কিপিং কৰিলে শৰীৰৰ কেল’ৰি হ্ৰাস পায়৷ ফলত কম সময়তে অতিৰিক্ত ওজন হ্ৰাস পায়৷ 
- বক্সিং 
শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে বক্সিং উপযোগী ব্যায়াম৷ বক্সিং কৰাৰ ফলত হাত-ভৰিৰ শক্তি বৃদ্ধি পোৱাৰ লগতে পেশীবোৰ শিথিল হৈ পৰে৷ এঘণ্টা পান্সিংবেগৰ সহায়ত বক্সিং কৰিলে প্ৰায় ৫২৫ কেল’ৰি হ্ৰাস পায়৷ ফলত অতিৰিক্ত ওজন হ্ৰাস হোৱাতসহায় হয়৷
- ষ্টেয়াৰ এক্সাৰচাইজ
দুই-তিনি মহলাৰ ঘৰত থাকিলে সাধাৰণতে অট্টালিকাত লিফ্‌টৰ ব্যৱস্থা কৰা হয়৷ কিন্তু লিফ্‌ট পৰিহাৰ কৰি চিৰি বগোৱাৰ অভ্যাস গঢ়ি তুলিলে স্বাস্থ্যৰ বাবে ভাল৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ষ্টেয়াৰ এক্সাৰচাইজ অৰ্থাৎ খটখটীৰে উঠা-নমা কৰিব পাৰে৷ কংক্ৰিটময় চহৰীয়া জীৱন যাত্ৰাত চিৰিৰে  উঠা-নমা কৰাটো উত্তম ব্যায়াম৷ এনে অভ্যাসে অতিৰিক্ত ওজন কমায়৷
- কেটলবেল এক্সাৰচাইজ 
যি সকলে ব্যায়াম কৰাৰ বাবে কোনো জিমলৈ যোৱাটো পছন্দ নকৰে, তাৰ পৰিৱৰ্তে ঘৰত থাকিয়েই শৰীৰ চৰ্চা কৰিবলৈ বিচাৰে, তেওঁলোকে কেটলবেল এক্সাৰচাইজ কৰিব পাৰে৷ এই ব্যায়ামৰ ফলত প্ৰতি মিনিটত ২০ কেলৰি হ্ৰাস পায় আৰু শৰীৰৰ ওজন স্বাভাৱিক অৱস্থালৈ আহে৷