সাংসদ পদ খাৰিজৰ পিছত কাইলৈ ৱায়ানাডত ৰোড শ্ব' কৰিব ৰাহুল গান্ধীয়ে
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছত কাইলৈ অৰ্থাৎ মঙলবাৰে তেওঁৰ সমষ্টি ৱায়ানাড ভ্ৰমণ কৰিব। ৱায়ানয়ডত ৰাহুল গান্ধীয়ে এটা ৰোড শ্ব' অংশ ল'ব। কংগ্ৰেছে ৱায়ানাডত ৰাহুলক আদৰণি জনাবলৈ আৰু শক্তি প্ৰদৰ্শন কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।
বিগত ২৩ মাৰ্চত চুৰাটৰ এখন আদালতে বিজেপি বিধায়ক পূৰ্ণেশ মোদীৰ দ্বাৰা দাখিল কৰা গোচৰত সমগ্ৰ মোদী সম্প্ৰদায়ক বদনাম কৰাৰ বাবে দোষী সাব্যস্ত কৰে ৰাহুল গান্ধীক৷ মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হয়৷ বৰ্তমান জামিনত আছে কংগ্ৰেছ নেতাজন৷ ৰাহুল গান্ধীৰ আবেদনৰ শুনানি ১৩ এপ্ৰিলত চুৰাট আদালতত হ'ব৷ আদালতে ১৩ এপ্ৰিলত গোচৰটোত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব।
উল্লেখ্য যে ৰাহুল গান্ধীক তেওঁৰ অপৰাধৰ বাবে সৰ্বাধিক ২ বছৰৰ কাৰাদণ্ড বিহে আদালতে৷ কিন্তু এই আদেশৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে আবেদন দাখিল কৰাৰ বাবে ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰখা হৈছে। যদিহে দোষী সাব্যস্ত হোৱা ৰায় বাতিল নহয়, তেন্তে পৰৱৰ্তী আঠ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব ৰাহুল গান্ধীক।