Logo
image

APDCLৰ myBijulee এপত গ্ৰাহক অধিকাৰ আইন উলংঘন

আমাৰ অসম, ১০ এপ্ৰিলঃ APDCLৰ myBijulee এপৰ জৰিয়তে অসমত বিদ্যুতৰ প্ৰিপেইদ বিলিঙৰ যি ব্যৱস্থা হ'ল তাত এক বৃহৎ অনিয়ম সংঘটিত হৈছে। APDCLৰ myBijulee এপৰ জৰিয়তে ব্যাপক মাত্ৰাত ভংগ হৈছে গ্ৰাহক অধিকাৰ আইন। APDCLৰ প্ৰিপেইদ বিলিঙ এপ myBijuleeত গ্ৰাহকৰ এইটো জনাৰ সুবিধাই নাই যে আপোনাৰ পৰা প্ৰতি ইউনিটত কিমান টকাকৈ আদায় লোৱা হৈছে! আপুনি ক্ৰয় কৰা প্ৰতিবিধ সামগ্ৰীৰ দাম জনাৰ অধিকাৰ আপোনাৰ আছে অথচ APDCLয়ে গ্ৰাহকৰ পৰা আজি পৰ্যন্ত এনে তথ্য গোপনে ৰাখিছে। আপোনাৰ বেলেঞ্চ কিমান আছে সেয়াহে myBijuleeত উপলব্ধ। দিনে এজন গ্ৰাহকে কিমান ইউনিট বিজুলী APDCLৰ পৰা কিমান দামত ক্ৰয় কৰি খৰচ কৰিছে সেয়া অন্ধকাৰত ৰাখি প্ৰৱঞ্চনা কৰা হৈছে ৰাজ্যৰ লক্ষ লক্ষ বিদ্যুত উপভোক্তাক। পৃথিৱীৰ ক'তো নোহোৱা এনে গোপন বিলিঙৰ আঁৰত কি আছে সেয়া জনোৱাৰ সৎসাহস হ'বনে বিভাগীয় মন্ত্ৰী, বিষয়া তথা APDCLৰ? উপভোক্তাক যদি চৰকাৰী কোম্পানীয়ে এনেদৰে প্ৰৱঞ্চনা কৰে ব্যক্তিগত খণ্ডৰ ওপৰত চকু ৰাখিব কোনে?