Logo
image

ডিগবৈত এগৰাকী মহিলাসহ মুঠ ৮ জন ড্ৰাগছ সৰবৰাহকাৰী আটক

আমাৰ অসম'ৰ ডিগবৈৰ প্ৰতিবেদক,১০ এপ্ৰিল: সম্প্ৰতি আৰক্ষীয়ে তিনিচুকীয়া জিলাত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে ১২৯ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি মুঠ ৮০ টা গোচৰ পঞ্জীয়ন কৰিছে। আজি ডিগবৈ থানাৰ আৰক্ষীয়ে এগৰাকী মহিলাসহ মুঠ ৮ জনক আটক কৰি তিনিচুকীয়া জেললৈ প্ৰেৰণ কৰে।ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই জানিবলৈ দিয়া অনুসৰি ধৃত ড্ৰাগছ সৰবৰাহকাৰী সকল ক্ৰমে- অসমীয়া বালিজান গাঁৱৰ প্ৰয়াত বিপুল চন্দ্ৰ বৰুৱাৰ পুত্ৰ ৰূপজিৎ বৰুৱা(২৮),ওপৰ মামৰণি গাঁৱৰ প্ৰয়াত লম্বেশ্বৰ বৰুৱাৰ পুত্ৰ বিনয় বৰুৱা (৪২), বঙালী বালিজান গাঁৱৰ প্ৰয়াত সীমান্ত বৰুৱাৰ পুত্ৰ প্ৰাণজিৎ বৰুৱা (২৮), মাকুম নিউ গান্ধী নগৰৰ তৰুণ গগৈৰ পুত্ৰ প্ৰাৰ্থপ্ৰতিম গগৈ(২৬),ওপৰ মামৰণি গাঁৱৰ পুষ্প মৰাণৰ পুত্ৰ দ্বীপেন মৰাণ(৪২),১নং নাজিৰাটিঙৰ প্ৰয়াত অমৰোছ মূড়াৰ পুত্ৰ বিনোদ মূড়া(২৬),১নং গোলাই গাঁৱৰ প্ৰয়াত সুব্ৰতি আনচাৰীৰ পুত্ৰ চলমান আনচাৰী(২৭) আৰু  ২০ নম্বৰ বস্তীৰ প্ৰয়াত অজয় কৃষ্ণ গোৱালাৰ পত্নী সংগীতা কৃষ্ণ গোৱালা(৩৬)।
ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ২১(বি)২৯ ধাৰাত ৭০/২০২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ধৃত আঠ জনকে স্বাস্থ্য পৰীক্ষা কৰা পিছত তিনিচুকীয়া জেললৈ প্ৰেৰণ কৰে।