Logo
image

নগাঁৱত লাভলীনা বৰগোহাঁইক ৰণাংগন সন্মান প্ৰদান

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ,১০ এপ্ৰিলঃ আজি নগাঁৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অলিম্পিক বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক "ৰণাংগন সন্মান-২০২২" প্ৰদান কৰা হয় ।  ৰণাংগন প্ৰকাশনে প্ৰদান কৰা ৰণাংগন সন্মান গ্ৰহণ কৰি  লাভলীনা বৰগোহাঁয়ে কয়, বঁ‌টা বা সন্মানে আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে।  ৰণাংগনৰ দৰে অনুষ্ঠানে সন্মান জনোৱাত আৰু এঢাপ আগুৱাই যোৱাত সহায়ক হ'ব। লাভলীনা বৰগোহাঁয়ে কয়, 'অসমত খেলৰ পৰিৱেশ আগতকৈ উন্নত হৈছে । মই আৰু হীমাই আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক বিজয়ী হোৱাৰ পিছত এই পৰিৱেশ সলনি হৈছে। খেলৰ প্ৰতি নৱ প্ৰজন্ম আকৰ্ষিত হৈছে। চৰকাৰেও খেলৰ প্ৰতি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়ে নতুন প্ৰজন্মক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব।' বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয়, লাভলীনা অসম নহয় ভাৰতবৰ্ষৰে গৌৰৱ। নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণা হৈ পৰিছে। সমগ্ৰ ৰাজ্যখনকে লাভলীনাই  উদ্বুদ্ধ কৰি তুলিছে। আনহাতে, সন্মান প্ৰদান অনুষ্ঠানত  ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ  উত্তৰ পূব প্ৰান্তৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা, অসম অলিম্পিকৰ কোষাধ্যক্ষ তপন কুমাৰ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লাভলীনাৰ গুণ গৰিমা শলাগি  উত্তৰোত্তৰ কামনা কৰি ভাষণ প্ৰদান কৰে। লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই অনুষ্ঠানত উপস্থিত থাকে । অনুষ্ঠানত ৰণাংগন প্ৰকাশনে লাভলীনা বৰগোহাঁইক "ৰণাংগন সন্মান-২০২২" হিচাপে এটি স্মাৰক, শৰাই, জাপি, গামোচা, অংগবস্ত্ৰ, মানপত্ৰ আৰু নগদ দহ হাজাৰ টকা প্ৰদান কৰে। ৰণাংগন প্ৰকাশনৰ পৰিচালন সম্পাদক সঞ্জীৱ বৰা আৰু সম্পাদক মিণ্টু দাস অনুষ্ঠানত উপস্থিত থাকে । নগাঁও জিলাৰ প্ৰায় কুৰিটা ৰাজহুৱা অনুষ্ঠানে বিশ্বজয়ী লাভলীনা বৰগোহাঁইক শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সম্বৰ্ধনা জনায়। ইয়াৰ ভিতৰত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁও জিলা সাহিত্য সভা, নগাঁও ক্ৰীড়া সন্থা, কল্লোল সাংস্কৃতিক গোষ্ঠী, নগাঁও প্ৰেছ ক্লাৱ, অৰুণোদয় সাহিত্য চ'ৰা, কলংপৰীয়া আলোচনা চক্ৰ, নগাঁও চৰকাৰী বালিকা বিদ্যালয়, ত্ৰিনয়ন গোষ্ঠী, ৰাজস্থানী যুৱক সংঘ, অসম কবি সন্মিলন, সদৌ অসম কবি সন্মিলন, নগাঁওবাসী কলিয়াবৰীয়া সমাজ, তিৱা সাহিত্য সভাৰ নগাঁও জিলা, অসম লেখিকা সন্থা অন্যতম। উল্লেখ্য , যোৱা ২০২০ বৰ্ষ পৰা ৰণাংগন প্ৰকাশনে অসমৰ সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত "ৰণাংগন সন্মান" প্ৰদান কৰি আহিছিল। ইতিপূৰ্বে বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁই আৰু বিশিষ্ট লেখিকা ৰীতা চৌধুৰীক ২০২০ আৰু ২০২১ বৰ্ষত ৰণাংগন সন্মান প্ৰদান কৰা হৈছিল।