Logo
image

হাগ্ৰামা মহিলাৰীক জেলত ভৰোৱাৰ হুংকাৰ প্ৰমোদ বড়োৰ

'আমাৰ অসম'ৰ ওদালগুৰিৰ প্ৰতিবেদক , ১০ এপ্ৰিলঃ যোৱা ১৭ বছৰে বিটিচিত দমন নীতি চলিছিল। বিটিচি বাসী এতিয়া শান্তিত আছে। এতিয়া অশান্তি কেৱল হাগ্ৰামা মহিলাৰীৰ মগজুত আছে। হাগ্ৰামা মহিলাৰীৰ দিনত বড়োলেণ্ডত একনায়কত্ববাদ চলিছিল। কোনো গণতান্ত্ৰিক পৰিৱেশ নাছিল।  সাংবাদিক -  প্ৰৱক্তাকো হত্যা কৰা হৈছিল - এই মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়োৰ। আজি ওদালগুৰি চহৰত আয়োজিত ইউ পি পি এলৰ বিশাল ৰেলীত অংশ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীক এনেদৰে  সমালোচনাৰে থকা সৰকা কৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। ওদালগুৰিৰ নলবাৰী খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰমোদ বড়োৱে লগতে কয় যে- বড়োলেণ্ডৰ ৩৫ লাখ লোকক দমন কৰিব পাৰিলে হাগ্ৰামা মহিলাৰীয়ে শান্তি পাই। বড়োলেণ্ডত যদি হত্যা হিংসা হৈ থাকে তেতিয়াহে হাগ্ৰামা মহিলাৰে শান্তি পাই , বিটিচিত চিণ্ডিকেট-কমিছনৰাজ চলিলে হাগ্ৰামা মহিলাৰীয়ে শান্তি পাই। বিটিচিৰ আৰু কোনো কাৰণতে কাৰো দাদাগিৰি চলিব দিয়া নহ'ব। আজি হাগ্ৰামাই দাদাগিৰি চলাব পৰা নাই কাৰণে বড়োলেণ্ডত অশান্তি হোৱা বুলি ভাবিছে । আহি থকা প্ৰজন্মৰ স্বাৰ্থত বড়োলেণ্ডত আৰু কোনো ধৰনৰ হিংসা , ভেদা-ভেদ , ভাতৃত্ব সংঘাত আৰু অশান্তি হ'ব দিয়া নহব। প্ৰমোদ বড়োৱে লগতে বিপিএফৰ পাপ মুছুতে ইউ পি পি এলৰ চৰকাৰ খনৰ দুটা বছৰ গল বুলি উল্লেখ কৰি বিটিচিত হাগ্ৰামা মহিলাৰীৰ আমূলত ব্যাপক দূৰ্নীতি হোৱা বুলিও অভিযোগ কৰে। তেওঁ লগতে হাগ্ৰামা মহিলাৰীৰ দিনত দেইজিং ফেষ্টিভেলৰ নামত মদ জুৱাৰ আদ্দা কৰিছিল অভিযোগ কৰি বৰ্তমান চৰকাৰৰ দিনত জ্ঞানৰ ফেষ্টিভেল অনুষ্ঠিত হোৱা বুলি মন্তব্য কৰে। প্ৰমোদ বড়োৱে বিটিচিত বাস কৰা ৮০ শতাংশ লোকৰ মাটিৰ সমস্যা দুবছৰৰ ভিতৰত সমাধান হ'ব বুলিও সভাত ঘোষণা কৰে। ইপিনে সাংবাদিকৰ প্ৰশ্নত হাগ্ৰামা মহিলাৰীয়ে অস্তিত্ব সংকটত পৰি আবুল তাবুল বকি আছে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰী আৰু কেতিয়াও কামবেক হ'ব নোৱাৰে বুলি প্ৰমোদ বড়োই মন্তব্য কৰে। প্ৰমোদ বড়োৱে চিণ্ডিকেট চলোৱা বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগৰ প্ৰত্যুত্বৰ দি হাগ্ৰামা মহিলাৰীয়েহে ১৭ বছৰে এই নীতিত চৰকাৰ চলাই আছিল বুলি প্ৰমোদ বড়োৱে অভিযোগ কৰে।  প্ৰমোদ বড়োৱে কি চিণ্ডিকেট চলাইছে প্ৰমান দিবলৈ মহিলাৰীক প্ৰত্যাহ্বান জনোৱাৰ লগতে এইবোৰ কথা বাৰে বাৰে কলে  জেলৰ ভাত খাব লাগিব বুলি প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীক হুংকাৰ দিয়ে। উল্লেখ্য় যে আজি ওদালগুৰি চহৰত ইউ পি পি এলে সুখ আৰু প্ৰগতিৰ পদযাত্ৰা শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰে। স্থানীয় নলবাৰী খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই  বিশাল ৰেলী ওদালগুৰি চহৰৰ মাজেৰে পৰিভ্ৰমন কৰাৰ অন্তত পুনৰ নলবাৰী খেলপথাৰত সামৰণি পৰে। ইয়াৰ পিছতে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত নলবাৰী খেলপথাৰত অনুষ্ঠিত সভাত বিটিচি প্ৰধান প্ৰমোদ বড়ো, ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী সহ বহু কেইজন শীৰ্ষ ইউ পি পি এল নেতাই ভাষণ প্ৰদান কৰে। উক্ত সভাত বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ লগতে দলটোৰ প্ৰায় সংখ্যক শীৰ্ষ নেতাই অংশ গ্ৰহণ কৰে।