Logo
image

অৰণ্য উদং কৰি হাজাৰ টকাত বিক্ৰী কপৌফুল

আমাৰ অসম, ১১ এপ্ৰিলঃ  অসমীয়া জনজীৱনৰ সৈতে এৰাব নোৱৰা সম্পৰ্ক আছে কপৌফুলৰ৷ নাচনীৰ খোপাত কপৌফুল গুঁজি দিবলৈ হেঁপাহ কৰে ঢুলীয়াই৷ প্ৰকৃততে এয়া প্ৰতিজন অসমীয়া ডেকাৰেই কল্পনা– প্ৰতিগৰাকী অসমীয়া গাভৰুৰ সপোন৷ অসমৰ থলুৱা গীত-মাতত, বিশেষকৈ বিহুনামত কপৌফুলৰ অলেখ বৰ্ণনা আছে৷ কপৌফুল অসমীয়াৰ অতি হেঁপাহৰ, অতি আদৰৰ৷ অসমীয়াৰ গৌৰৱ এই কপৌফুল এইবাৰ যেন বিপদত পৰাৰ উপক্ৰম হৈছে৷ অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাইত আয়োজন কৰা বিহুৰ বিশেষ অনুষ্ঠানৰ বাবে অৰণ্য উদং কৰি সংগ্ৰহ কৰা হৈছে কপৌফুল– বিক্ৰী কৰা হৈছে হাজাৰ টকাত৷   উল্লেখ্য, ১৪ এপ্ৰিলত সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় ১৩ হাজাৰ বিহুৱা-বিহুৱতীৰ সমূহীয়াভাৱে বিহু প্ৰদৰ্শনেৰে গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ এই প্ৰচেষ্টাত চৰকাৰে ১০০ কোটি টকাতকৈও অধিক ব্যয় কৰাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে৷ হাজাৰ হাজাৰ নাচনীৰ খোপাত গুঁজিবলৈ চৰকাৰে কপৌফুলৰো ব্যৱস্থা কৰি দিয়াৰ কথা প্ৰকাশ কৰিছে বিভিন্ন চৰকাৰী সূত্ৰই৷ সেইবাবেই চৰকাৰৰ পৰোক্ষ উদ্যোগত দিহিং পাটকাইকে ধৰি বিভিন্ন অভয়াৰণ্য-অৰণ্য-বনাঞ্চলৰ পৰা কপৌফুল সংগ্ৰহৰ দিহা কৰা হৈছে৷ ইয়াৰ ফলত কপৌফুলৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাৰ আশংকা কৰিছে প্ৰকৃতিবিদে৷ কিয়নো, পূৰঠ নৌহওঁতেই যদি কপৌফুল ছিঙি পেলোৱা হয় বা গছৰ পৰা ফুল ছিঙি অনাৰ পৰিৱৰ্তে গোটেই গছডাল বা ডালটোৱেই ছিঙি পেলোৱা হয়, তেন্তে পৰৱৰ্তী সময়ত নতুনকৈ কপৌফুল ফুলাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱেও সমস্যাৰ সৃষ্টি হয়৷ সেয়ে যধে-মধে কপৌফুল ছিঙাৰ দিহা কৰিলে অসমৰ জাতীয় ফুল কপৌৰ অস্তিত্বৰ প্ৰতিয়েই তীব্ৰ ভাবুকি আহিব বুলি সন্দেহ কৰিছে প্ৰকৃতিবিদসকলে৷ এই সন্দৰ্ভত প্ৰকৃতিবিদ মৃদুপৱন ফুকনে ‘আমাৰ অসম’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এইদৰে কয়– ‘দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে বিগত কেইবাদিনো কেইবাজনো লোকক কপৌফুল বিচাৰি ঘূৰি ফুৰা দেখা গৈছে৷ সেই লোককেইজনৰ পৰা জানিব পৰা মতে, ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইত প্ৰদৰ্শন কৰিবলগীয়া বৃহৎ সমূহীয়া বিহুৰ বাবে হাজাৰ হাজাৰ কপৌফুলৰ প্ৰয়োজন হৈছে৷ এটা কপৌফুলৰ বাবদ আগবঢ়োৱা হৈছে হাজাৰ টকাপৰ্যন্ত৷ একে সময়তে বৃহৎসংখ্যক কপৌফুল ছিঙিবলৈ লোৱাটো ভয়ংকৰ কথা৷ কপৌফুল সাধাৰণ ফুল নহয়, ই আমাৰ অসমৰ জাতীয় ফুল হোৱাৰ লগতে অৰুণাচল প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰো জাতীয় ফুল৷ অৰ্কিড প্ৰজাতিৰ ফুল কপৌৰ বৈজ্ঞানিক নাম হৈছে Rhynchostylis retusa– সকলোতকৈ ডাঙৰ কথাটো হ’ল কপৌফুলক CITES [Convention on International Trade in Endangered Species of Wild Fauna and Flora] নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে লুপ্তপ্ৰায় প্ৰজাতিৰ অৰ্কিড বা ফুল হিচাপে চিহ্নিত কৰিছে৷ যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানতেই হওক বা সংৰক্ষিত বনাঞ্চলতেই হওক, কপৌফুল সংগ্ৰহ কৰাত বাধা নিষেধ আৰোপ কৰা হৈছে৷ কিয়নো অত্যধিক সংগ্ৰহৰ ফলত কপৌফুলৰ প্ৰজাতি পৃথিৱীৰ পৰাই লুপ্ত হ’বলৈ গৈ আছে৷ সৰুসজাইৰ চৰকাৰী বিহুৰ বাবে একেলগে হাজাৰ হাজাৰ কপৌফুল সংগ্ৰহ কৰা কাৰ্যই কপৌফুলৰ প্ৰতি ডাঙৰ ভাবুকি কঢ়িয়াই আনিব৷ বৃহৎ পৰিসৰত কপৌফুলৰ খেতি কৰা নহয়, ইয়াক বনাঞ্চলসমূহতে সাধাৰণতে পোৱা যায়৷ কপৌফুল ঘৰে ঘৰে ফুলা দেখা যায় যদিও সেইসমূহে কপৌফুলৰ বৃহৎ চাহিদা পুৰণ কৰিব নোৱাৰে৷ কাজেই সৰুসজাইৰ চৰকাৰী অনুষ্ঠানৰ বাবে প্ৰয়োজন হোৱা হাজাৰ হাজাৰ কপৌফুল অসম আৰু অৰুণাচলৰ বনাঞ্চলসমূহৰ পৰাই সংগ্ৰহ কৰিব লাগিব৷ কপৌফুলৰ যদি কেৱল ফুলপাহ ছিঙি লৈ যোৱা হয় তেন্তে বিশেষ ক্ষতি নহয়, কিয়নো প্ৰতিবছৰে কপৌফুল ফুলে৷ কিন্তু সৰুসজাইৰ চৰকাৰী অনুষ্ঠানৰ বাবে আগতীয়াকৈ কপৌফুল ছিঙিলে নহ’ব, কিয়নো কপৌফুল ছিঙি অনাৰ পাছত এদিনতে ক’লা পৰি যায় নাইবা মৰহি যায়৷ গতিকে সৰুসজাইৰ চৰকাৰী বিহু অনুষ্ঠানৰ ঠিক আগদিনা একেলগে হাজাৰ হাজাৰ কপৌফুল সংগ্ৰহ কৰিব লাগিব৷ তাৰ বাবে গছৰ পৰা ফুলপাহ ছিঙি অনাৰ সলনি গোটেই গছডালেই তুলি আনিব লাগিব৷ সেয়ে হ’লে অহা বছৰ সেইবোৰ ঠাইত কপৌফুল নুফুলে৷ কপৌফুল ফুলিবলৈ সময় লাগে৷ সেইবাবেই গছত ফুলা কপৌফুল ছিঙি অনা আৰু গোটেই গছজোপা বা ডালটো ছিঙি অনাৰ মাজত পাৰ্থক্য আছে– যিটো নকৰিবলগীয়া কাম সৰুসজাইৰ চৰকাৰী বিহুৰ বাবে কৰিব লাগিব, যিহেতু কম সময়ত কপৌফুলৰ চাহিদা অধিক হৈছে৷ এয়া কপৌফুলৰ ভৱিষ্যতৰ বাবে স্বাস্থ্যকৰ নহয়৷ তেনে কৰিলে বনাঞ্চলসমূহত থকা কপৌফুলৰ অস্তিত্বৰ প্ৰতি তীব্ৰ সংকট নামি আহিব৷ যিহেতু বিহুৰ গীনিজ ৰেকৰ্ড কৰা প্ৰক্ৰিয়াটোত চৰকাৰ জড়িত আছে সেয়েহে আমি অসম চৰকাৰ তথা অসমৰ বনমন্ত্ৰী আৰু বন বিভাগক কৰযোৰে অনুৰোধ জনাইছোঁ যে দিহিং পাটকাইকে ধৰি অসম আৰু অৰুণাচলৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ পৰা কপৌফুল সংগ্ৰহ নকৰিব৷ ইয়াৰ পৰিৱৰ্তে চৰকাৰে অসমৰ জাতীয় গৌৰৱ কপৌফুলৰ সংৰক্ষণৰ দিহা কৰক৷ সামান্য উন্মাদনাৰ বাবে এটা সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ নষ্ট নকৰিব৷’