Logo
image

গ্ৰেপ্তাৰৰ মুখত আইএএছ শেৱালি

আমাৰ অসম, ১১ এপ্ৰিলঃ ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদ চমুকৈ এছচিইআৰটিৰ ১০৫ কোটি টকীয়া কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ নিশ্চিত হৈ পৰিছে শাহুৱেক-জোঁৱায়েকৰ৷ এছচিইআৰটিৰ ডি এল এড [অ’ ডি এল] প্ৰশিক্ষণ আৰু ঠিকাৰ নামত সংঘটিত কেলেংকাৰিৰ নিয়মীয়া তদন্তৰ বাবে গৃহ বিভাগে অনুমতি দিলেই চি এম ভিজিলেন্সৰ হাতত যিকোনা মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে নিলম্বিত আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মা আৰু দেৱী কনষ্ট্ৰকশ্বনৰ স্বত্বাধিকাৰ অজিত পাল সিং৷ চি এম ভিজিলেন্সৰ প্ৰাথমিক তদন্ততে ইতিমধ্যে জেৰাৰ সন্মুখীন হৈছে এই দুই শাহুৱেক-জোঁৱায়েক৷ উল্লেখ্য, ২০১৭ চনৰ পৰা ২০২১ চনলৈ এছ চি ই আৰ টিৰ সঞ্চালকৰ দায়িত্বত থকাৰ সময়তে আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মাই ডি এল এড প্ৰশিক্ষণ আৰু স্মাৰ্ট ক্লাছ ৰূম নিৰ্মাণৰ ঠিকা আবণ্টনৰ নামত প্ৰায় ১০৫ কোটি টকা শৰাধ কৰিছিল৷ ডি এল এডৰ ৮১টা প্ৰশিক্ষণ কেন্দ্ৰৰ অনুমতি থকাৰ বিপৰীতে অবৈধভাৱে মুঠ ৩৪৭টা  প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি লক্ষাধিক প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছিল শেৱালি দেৱীয়ে৷ এনে ভুৱা কেন্দ্ৰত শিক্ষা লোৱা প্ৰাৰ্থীৰ ডি এল এডৰ প্ৰমাণ পত্ৰৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উঠিছে যদিও এই প্ৰশিক্ষণৰ নামত অনুমতিবিহীনভাৱে তিনিটাকৈ বেংক একাউণ্টত খুলি ৪০ কোটি টকা লেনদেন কৰিছিল শেৱালি দেৱীয়ে৷ তদুপৰি অস্তিত্বহীন শিক্ষাৰ্থীৰ বিপৰীতেও চৰকাৰৰ পৰা ধন সৰকাইছিল তদানীন্তন সঞ্চালকজনে৷ আনহাতে উক্ত কেলেংকাৰি সন্দৰ্ভত এছ চি ই আৰ টিৰ উপ-সঞ্চালক তথা ডি এল এডৰ ন’ডেল বিষয়া এল এন সোণোৱালকো জেৰা কৰিছে চি এম ভিজিলেন্সে৷ তদুপৰি এছ চি ই আৰ টিৰ অনুমোদিত স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ ঠিকাৰ বাবদ জোঁৱায়েক অজিত পাল সিঙৰ মালিকানাধীন দেৱী কনষ্ট্ৰাকশ্বনক ৫৩ কোটি টকা মোকলাই দিছিল শেৱালি দেৱীয়ে৷ কোনো আনুষ্ঠানিক নিবিদা অবিহনে শেৱালি দেৱীয়ে জোঁৱায়েককে ধৰি মুঠ ৫ জন আত্মীয়ৰ ফাৰ্মক সমষ্ট ঠিকা অৰ্পণ কৰিছিল৷ স্বাভাৱিকতেই এতিয়া জোঁৱায়েক অজিত পাল সিঙে নিৰ্মাণ কৰা স্মাৰ্ট শ্ৰেণী কোঠাৰ বাস্তৱ ৰূপ দেখি স্তম্ভিত হৈ পৰিছে চি এম ভিজিলেন্সৰ তদন্তকাৰী দল৷ দেৱী কনষ্ট্ৰাকশ্বনে নিৰ্মাণ কৰা শ্ৰেণী কোঠা আৰু সীমা দেৱাল নিৰীক্ষণ কৰাৰ বাবে সোমবাৰে তদন্তকাৰী আৰক্ষীয়ে ৰঙিয়া আৰু দলগাঁৱত অভিযান চলায়৷ নিয়ম অনুসৰি স্মাৰ্ট ক্লাছ ৰূম শীত-তাপ নিয়ন্ত্ৰিত, ছাউণ্ড প্ৰুফ আৰু ডিজিটেল ব’ৰ্ড সংলগ্ন হ’ব লাগে যদিও এ চি দূৰৰে কথা ফেন এখনো সংযোগ নকৰাকৈ জোঁৱায়েক অজিত পাল সিঙক বিলৰ ধন মোকলাই দিছিল শাহুৱেক শেৱালি দেৱীয়ে৷ আনকি বাতানুকুল শ্ৰেণী কোঠাৰ বিপৰীতে নিৰ্মাণ কৰিছিল ১৩ খন খিৰিকী থকা কোঠাহে৷ ইফালে শিক্ষানুষ্ঠানৰ এটা শৌচাগাৰৰ নামতে পৃথকে পৃথকে বিভিন্ন শিতানত ৩-৪ বাৰ পৰ্যন্ত ধন মোকলাই দিছিল শেৱালি দেৱীয়ে৷ ইতিপূৰ্বে এছ চি ই আৰ টিৰ তদানীন্তন আন ৬ জন বিষয়া-কৰ্মচাৰীকো জেৰা কৰিছে চি এম ভিজিলেন্সে৷ এই কেলেংকাৰিৰ প্ৰাথমিক তদন্ত সম্পূৰ্ণ হ’লেই মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন গৃহ বিভাগৰ অনুমোদন সাপেক্ষে নিয়মীয়া তদন্তৰ বাবে গোচৰ ৰুজু কৰি ১০৫ কোটি টকীয়া কেলেংকাৰিৰ অভিযোগত  আই এ এছ শেৱালি দেৱী আৰু জোঁৱায়েক অজিত পাল সিঙক প্ৰথমেই গ্ৰেপ্তাৰ কৰিব বুলিও ইংগিত দিছে চি এম ভিজিলেন্সে৷