Logo
image

বিধানসভাৰ পৰৱৰ্তী অধিৱেশন কোক্‌ৰাঝাৰত

আমাৰ অসম, ১১ এপ্ৰিলঃ অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশন বিটিচিৰ সদৰ কোক্‌ৰাঝাৰত অৱস্থিত বিটিচি পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ’ব৷ সেইমৰ্মে বিটিচি চৰকাৰে অসম বিধানসভাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰাথমিক পৰ্যায়ৰ কাম-কাজ আৰম্ভ কৰিছে৷ আজি কোকৰাঝাৰৰ বিটিচি পৰিষদীয় বিধানসভা ভৱন পৰিদৰ্শন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷  তাৰ পাছত কোকৰাঝাৰৰ সংবাদ মাধ্যমৰ আগত অসম বিধানসভাৰ অধিৱেশনখন কোকৰাঝাৰত অনুষ্ঠিত কৰা হ’ব বাবেই তেওঁ আজি তেওঁৰ নেতৃত্বত অসম বিধানসভাৰ তৰফৰ পৰা এটা প্ৰতিনিধি দল এটা কোকৰাঝাৰত উপস্থিত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ বিটিচি বিধান পৰিষদীয় ভৱনত অসম বিধানসভা অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ প্ৰয়োজন আছে নে নাই তাক নিৰীক্ষণ কৰে৷ তেওঁ বিটিচিৰ বিধানসভা পৰিষদীয় ভৱনটো পৰিদৰ্শন কৰি সন্তুষ্ট বুলি জানিবলৈ দি বিধানসভাৰ অধিৱেশনৰ বাবে যি আন্তঃগাঁথনিৰ প্ৰয়োজন আৰু সা-সুবিধা লাগিব সেই সকলো আছে বুলি তেওঁ সদৰি কৰে৷ তেওঁ মুখ্যমন্ত্ৰী বা বিভাগীয় মন্ত্ৰীসকলৰ বাবে যি নিজাববীয়া কোঠাৰ লগতে ইয়াৰ লগত সংলগ্ন, সচিবালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ বাবে প্ৰয়োজনীয় কাৰ্যালয়-কোঠা সকলো সুবিধা আছে গতিকে এসপ্তাহলৈ বিধানসভাৰ কাৰ্যকাল চলিলেও একো অসুবিধা নহয় বুলি উল্লেখ কৰে৷ তেওঁ মন্ত্ৰী-বিষয়াবৰ্গসকলক ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী-বেচৰকাৰী অতিথিশালা থকাৰ লগতে স্থানীয় ৰাইজকো আলহী হিচাবে ৰাখিবলৈ আদৰ-আপ্যায়ন কৰাৰ আহ্বান জনায়৷  মুঠতে সকলো ফালৰ পৰা সুন্দৰ কৈ অসম বিধানসভাৰ কাম-কাজ চলি যাব বুলি দাবী কৰে৷ তেওঁ বাৰিষাকাল বাদ দি আগন্তুক নৱেম্বৰৰ শেষৰফালে বিধানসভাৰ অধিৱেশনখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে যদিও এয়া মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ পিছতহে নিশ্চিত হ’ব বুলি জানিবলৈ দিয়ে৷