Logo
image

অসমীয়া মাধ্যমত পঢ়ি যোৰহাটৰ পৰা আমেৰিকালৈ যাত্ৰাঃ মাৰ্কিন ৰাষ্ট্ৰপতিৰ উপদেষ্টা পদত যোগদান ড॰ ৰূপম শৰ্মাৰ

ডিজিটেল ডেস্কঃ যোৰহাটৰ চৰকাৰী স্কুলৰ অসমীয়া মাধ্যমত পঢ়া এগৰাকী অসমীয়া আজি মাৰ্কিন ৰাষ্ট্ৰপতিৰ স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা পদত নিযুক্ত হ'ল৷ এই খবৰে নিশ্চয়কৈ প্ৰতিজন অসমীয়া গৌৰৱ কৰিবলৈ বাধ্য কৰাইছে৷ আমেৰিকা নিবাসী অসমৰ এজন সু-সন্তান ড॰ ৰূপম শৰ্মাই মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনত স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টা হিচাপে যোগদান কৰে৷ সোমবাৰে ৱাশ্বিংটন ডিচিত ৰাষ্ট্ৰপতিৰ নতুন স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে শপত লোৱাৰ লগতে ১৪ এপ্ৰিলত হোৱাইট হাউছত আদৰণি অনুষ্ঠাত অংশগ্ৰহণ কৰিব ড০ শৰ্মাই৷ ব’হাগ বিহুৰ প্ৰাক্‌ক্ষণত এই খবৰে উৎফুল্লিত কৰি তুলিছে অসমবাসীক৷ 

উল্লেখ্য যে 'এডভান্স ৰিচাৰ্ছ প্ৰজেক্টছ এজেন্সী ফৰ হেল্থ' (ARPA-H)ত জ্যেষ্ঠ উপদেষ্টা হিচাপে যোগদান কৰিব যি সংস্থা ৰাষ্ট্ৰপতি বাইডেনে কেন্সাৰ, এলঝেইমাৰ, ডায়বেটিছ আৰু অন্য়ান্য ৰোগৰ নিৰাময় বিচাৰিবলৈ নতুনকৈ গঠন কৰিছে৷ ড০ শৰ্মাই মূল সংস্থা লেচনেল ইনষ্টিটিউট অৱ হেল্থ (NIH)ৰ অধীনত ARPA-H ৰ মুখ্য তথ্য বিষয়া আৰু প্ৰেচিডেন্সিয়েল জ্যেষ্ঠ উপদেষ্টা হিচাপে যোগদান কৰে৷ 

১৯৯১ চনত আমেৰিকালৈ যোৱা যোৰহাটৰ ৰূপম শৰ্মাই আমেৰিকাত বিগত সময়ছোৱাত বহুকেইটা আগশাৰীৰ কোম্পানীৰ শীৰ্ষ পদত চাকৰি কৰাৰ উপৰি চৰকাৰী বিভাগৰো দায়িত্ব পালন কৰি আহিছে৷ ৰূপম শৰ্মাক যোৱা নৱেম্বৰত কেলিফ’ৰ্ণিয়া চৰকাৰে স্বাস্থ্যসেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু গৱেষণাৰ প্ৰযুক্তি তথা উদ্ভাৱনৰ ক্ষেত্ৰখনক নেতৃত্ব প্ৰদান কৰাৰ বাবে মুখ্য প্ৰযুক্তি বিষয়া হিচাপে নিযুক্তি দিছিল৷ ইয়াৰ পূৰ্বে তেওঁ এপল কোম্পানী আৰু ষ্টাৰ্টআপত ডিজিটেল ৰূপান্তৰ আৰু বিশ্বৰ আন্তঃগাঁথনিৰ নেতৃত্ব দিছিল৷ তেওঁ ডাটা আধুনীকিকৰণ, আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু স্বাস্থ্য গৱেষণাৰ ওপৰত ৰাজহুৱা আৰু ব্যক্তিগতখণ্ডত কাম কৰা পঁচিশ বছৰৰ অভিজ্ঞতাপুষ্ট অভিযন্তা৷

যোৰহাট আৰু গোলাঘাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰাক্‌স্নাতক শিক্ষা গ্ৰহণৰ পাছত তেওঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইলেক্টিকেলৰ বি ই ডিগ্ৰী লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি লাভ কৰে৷ তেওঁ মেনেজমেণ্টৰ স্নাতকোত্তৰ, কম্পিউটাৰ ছায়েন্সৰ স্নাতকোত্তৰ ডিগ্ৰীও মাৰ্কিন শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰে৷ 

যোৰহাটৰ সন্তান ৰূপম শৰ্মা  প্ৰকৃততে বহুমুখী প্ৰতিভাসম্পন্ন৷ আমেৰিকাত তেওঁ আলী আকবৰখানৰ ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ শিক্ষাগ্ৰহণ কৰে৷ ইয়াৰ জৰিয়তে তেওঁ গ্ৰেমীৰ এজন সদস্য হিচাপে নিৰ্বাচিত হয়৷ সংগীতৰ ক্ষেত্ৰখনত ৰূপম শৰ্মাৰ অগাধ দখল আছে৷ সেইকথা তেওঁ প্ৰতিপন্ন কৰিছে গীনিজ অভিলেখ প্ৰতিষ্ঠা কৰি৷ ৰূপম শৰ্মাই বিশ্ব শান্তিৰ হকে ৩১৫ বিধ পৃথক বাদ্যযন্ত্ৰৰ জৰিয়তে ৫০০ গৰাকী শিল্পীৰ দ্বাৰা এক সংগীতৰ ‘ছিম্ফনী’ সৃষ্টি কৰি গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত স্থান লাভ কৰিছিল৷ ইতিমধ্যে তেওঁ ‘ইন চাৰ্ছ অৱ গড’ নামৰ এখন ছবিও পৰিচালনা কৰিছে৷ তেওঁ নিৰ্মাণ কৰা ছবি আৰু তথ্যচিত্ৰৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে৷ নিজে নিৰ্মাণ কৰা ছবি ‘ইন চাৰ্ছ অৱ গড’ৰ সংগীতৰ বাবে ৰূপম শৰ্মাই মৌলিক সংগীতৰ অস্কাৰৰ মনোনয়ন লাভ কৰিছিল৷ ৰূপম শৰ্মাই ‘ৱান লিটল ফিংগাৰ’ নামৰ এটা অলাভদায়ক সংগঠন প্ৰতিষ্ঠা কৰি বিশ্বজুৰি শাৰীৰিকভাৱে অক্ষম আৰু পিছপৰা শ্ৰেণীৰ শিশুৰ শিক্ষা, গৱেষণা আৰু শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সহায় কৰি আহিছে৷