Logo
image

ৰাইজে বিহু মাৰি থাকোঁতেই চাকৰি ল’বলৈ আহিল বহিঃৰাজ্যৰ প্ৰাৰ্থী

আমাৰ অসম, ১১ এপ্ৰিলঃ ৰাজ্যত এতিয়া বিহুৰ বতৰ৷ ৰঙালীক আদৰাৰ বাবে ব্যস্ত অসমৰ ডেকা-গাভৰু৷ একে সময়তে চৰকাৰীভাৱে ১৩ হাজাৰ নাচনী-ঢুলীয়াই বিহু নৃত্যৰ গীনিজ ৱল্ডৰ্ ৰেৰ্কডৰ বাবে সাজু হোৱাত চৰকাৰ-প্ৰশাসনৰ লগতে সাধাৰণ ৰাইজৰো উলাহৰ অন্ত নাই৷ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বিহু নৃত্যক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ যুৱক-যুৱতীসকলো৷ কিন্তু অসমৰ যুৱক-যুৱতীসকলে বিহুত ব্যস্ত থকাৰ সময়তে উত্তৰ-পূব সীমান্ত ৰে’লৱে গ্ৰুপ ‘চি’ আৰু গ্ৰুপ ‘ডি’ৰ চাকৰিত যোগদানৰ বাবে অসমত ভিৰ কৰিছে বিহাৰ, উত্তৰপ্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশ আদি বহিঃৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থী৷ অসমলৈ অহা প্ৰতিখন ৰে’লতে এতিয়া নিযুক্তি পত্ৰ ল’বলৈ অহা বহিঃৰাজ্যৰ প্ৰাৰ্থী দেখা পোৱা গৈছে৷ আনকি এইসকল প্ৰাৰ্থীয়ে ৰে’ল ষ্টেচনতে সময় কটোৱাও পৰিলক্ষিত হৈছে৷ ইতিপূৰ্বে  অনুষ্ঠিত হৈ যোৱা ৰে’লৱে গ্ৰুপ ‘ডি’ আৰু গ্ৰুপ ‘চি’ৰ বিভিন্ন পদৰ ফলাফল ঘোষণা কৰাৰ পাছত শেহতীয়াকৈ ১৩ এপ্ৰিলত সৰ্বভাৰতীয় পৰ্যায়ত ৰোজগাৰ মেলাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে৷ অসমত ৰে’লৱে চাকৰিত যোগদানৰ বাবেই গুৱাহাটীস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱে মাণ্ডলিক নিযুক্তিক কাৰ্যালয়ৰ লগতে প্ৰতিটো সংমণ্ডলৰ মুখ্য কাৰ্যালয়ত ভিৰ কৰিছে বহিঃৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে৷ সমগ্ৰ দেশতে গ্ৰুপ ‘ডি’ৰ প্ৰায় ১লাখ পদৰ বিপৰীতে বিহাৰ, উত্তৰ-প্ৰদেশ, মধ্যপ্ৰদেশৰ প্ৰায় ১০ হাজাৰ প্ৰাৰ্থীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত অসমত নিযুক্তি লাভ কৰিছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সূত্ৰই সদৰী কৰিছে৷ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সূত্ৰটোকে জানিবলৈ দিয়া অনুসৰি ৰে’লৰ চাকৰিৰ বাবে অসমৰ শিক্ষিত নিবনুৱাৰ আবেদনৰ সংখ্যা তুলনামূলকভাৱে আন আন ৰাজ্যৰ বিপৰীতে কম হোৱাৰ বাবেই নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যাও কম৷ যাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত গ্ৰুপ ‘ডি’-‘চি’ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে৷ সোমবাৰৰ পৰা বাছনিকৃত প্ৰাৰ্থীসকলৰ নথি-পত্ৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে বাবেই অসমত নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ ভিৰ লগা বুলিও জানিবলৈ দিছে৷