Logo
image

সম্বন্ধয়ৰ বার্তাৰে সমূহীয়া ইফতাৰ পূব-গুৱাহাটী বিহু সন্মিলনৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ চানমাৰিৰ পূব-গুৱাহাটী বিহু সন্মিলনে ৰমজান মাহ উপলক্ষে সন্মিলনৰ ইছলাম ধৰ্মাৱলম্বী সদস্যসকল, শুভকাংক্ষীসকলকলৈ সম্বন্ধয়ৰ বার্তাৰে সমূহীয়া ইফতাৰৰ আয়োজন কৰে। মঙলবাৰে সন্ধিয়া ৫:০০ বজাত বিহুৰ কাৰ্যালয়ত আয়োজন কৰা ইফটাৰ পাৰ্টিত পূব গুৱাহাটী বিহু সন্মিলনৰ প্ৰধান উপদেষ্টা ৰঞ্জন বৰা, সভাপতি বিপুল তালুকদাৰ, সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াৰ লগতে সন্মিলনৰ বিষয়ববীয়া, শুভাকংক্ষীসকল উপস্থিত থাকে। সকলোৱে দেশৰ মঙ্গলৰ বাবে সমূহীয়াভাৱে দোৱা কৰে। উল্লেখ‍্য, পূব-গুৱাহাটী বিহু সন্মিলনে এইবাৰ ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬২ সংখ্যক বিহু সমাৰোহৰ আয়োজন কৰিছে।