Logo
image

অসমৰ ক্ৰীড়াৰ উন্নয়ন আৰু প্ৰস্তাৱিত ক্ৰীড়া নীতি

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁয়ে স্বৰ্ণপদক জয় কৰাৰ কেইদিনমান পাছত অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিল আন এটা উল্লেখনীয় সফলতা৷ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰি এথলেটিকছ মীটত অসমৰ অম্লান বৰগোহাঁয়ে ১০০ আৰু ২০০ মিটাৰ স্প্ৰিণ্টত স্বৰ্ণপদক লাভ কৰি ইভেণ্ট দুটাত দেশৰ অপ্ৰতিদ্বন্দ্বী এথলীট হিচাপে পৰিগণিত হৈছে৷ একেখন টুৰ্নামেণ্টতে ‘ধিং এক্সপ্ৰেছ’খ্যাত হিমা দাসেও মহিলাৰ ২০০ মিটাৰ স্প্ৰিণ্টত স্বৰ্ণপদক জয় কৰিছে যদিও তেওঁৰ সেই প্ৰদৰ্শন এছিয়ান গেমছলৈ যোগ্যতা অৰ্জনৰ বাবে যথেষ্ট নাছিল৷ বৰ্তমান দেশৰ আগশাৰীৰ এথলীটৰ শাৰীত স্থান দিয়া হয় অম্লান আৰু হিমাক৷ অসমৰ ক্ৰীড়াৰ বাবে এয়া নিঃসন্দেহে উৎসাহৰ বিষয়৷ লাভলীনা, অম্লান আৰু হিমাৰ দৰে অসমৰ পৰা আন কেইবাজনো খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ উপযুক্ত প্ৰশিক্ষণৰ লগতে উন্নত সা-সুবিধা লাভ কৰিলে এইসকল খেলুয়ৈৱেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব পাৰিব৷ উল্লেখ্য, অলপতে বিধানসভাৰ অধিৱেশনত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই জনাইছিল যে অসমৰ ক্ৰীড়াৰ উন্নয়নৰ স্বাৰ্থত হাৰিয়ানা আৰু ওড়িশাৰ আৰ্হিত ক্ৰীড়া আঁচনি কাৰ্যকৰী কৰা হ’ব৷ ইতিমধ্যে এই আঁচনিৰ খচৰা প্ৰস্তুত কৰি থকা হৈছে৷ মন্ত্ৰীজনে লগতে উল্লেখ কৰিছিল যে ৰাজ্যত ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এহাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে৷ এটা কথা স্বীকাৰ্য যে দেশ বা ৰাজ্য এখনৰ ক্ৰীড়াৰ উন্নয়নত ক্ৰীড়া আঁচনিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত ওড়িশাই শেহতীয়াকৈ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে৷ এয়া সম্ভৱ হৈছে ক্ৰীড়াক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা কেতবোৰ পদক্ষেপৰ বাবে৷ বিগত পাঁচ বছৰত ওড়িশাত ক্ৰীড়া বাজেটো বহুখিনি বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ সুফলো পোৱা গৈছে৷ ৰাজধানী ভুবনেশ্বৰৰ লগতে কটক আৰু ৰুৰকেলাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে৷ যদি সঁচাকৈয়ে অসমে ওড়িশা আৰু হাৰিয়ানাই দেখুওৱা উদাহৰণ অনুকৰণ কৰে, তেন্তে  অসমৰ ক্ৰীড়াক্ষেত্ৰতো পৰিৱৰ্তন আহিব৷ উত্তৰ-পূৰ্বাঞ্চলৰে মণিপুৰৰ বিষয়েও এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি৷ ইম্ফলত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ পাছত ৰাজ্যখনৰ ক্ৰীড়াত দেখা গৈছিল অভূতপূৰ্ব পৰিৱৰ্তন৷ দেশৰ ক্ৰীড়াৰ নতুন শক্তি হিচাপে উত্থান ঘটিছিল মণিপুৰৰ৷ বৰ্তমান প্ৰতিটো ইভেণ্টতে মণিপুৰী খেলুৱৈৰ দেশৰ যিকোনো ঠাইৰ খেলুৱৈক প্ৰত্যাহ্বান জনোৱাৰ সামৰ্থ্য আছে৷ গুৱাহাটীত অনুষ্ঠিত ২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পাছতো অসমত অনুৰূপ পৰিৱৰ্তন দেখা যাব বুলি আশা কৰা হৈছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ হোৱা নাছিল৷ কিন্তু শেহতীয়াভাৱে বক্সিং, এথলেটিকছ আৰু আন কেইটামান ইভেণ্টত অসমৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাটো ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে উৎসাহৰ বিষয়৷
মন্ত্ৰী পীয়ূষ হাজৰিকাই বিধানসভাত উল্লেখ কৰিছিল যে ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ বাবে বাজেটত এহাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে৷ আনহাতে, ক্ৰীড়া প্ৰতিভা বাছি উলিওৱাৰ বাবে প্ৰতিবছৰে ক্ৰীড়া মহোৎসৱৰ আয়োজনৰ চিন্তা-চৰ্চা চলোৱা হৈছে আৰু তাৰ বাবেও বাজেটত আছুতীয়াকৈ ধনৰ ব্যৱস্থা কৰা হৈছে৷ এইখিনিতে এটা উল্লেখৰ প্ৰয়োজন যে দেশৰ বিভিন্ন ঠাইৰ খেলুৱৈক দক্ষতা প্ৰমাণৰ সুযোগ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ‘খেলো ইণ্ডিয়া’ কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ অসমতো যদি সঠিক পৰিকল্পনাৰে এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, তেন্তে তাত সফল নোহোৱাৰ কোনো কাৰণ নাই৷ অসমত খেলুৱৈ আৰু ক্ৰীড়া সংগঠনবোৰৰ এটা দীৰ্ঘদিনীয়া অভিযোগ হৈছে অভিজ্ঞ প্ৰশিক্ষকৰ অভাৱ৷ এই দিশটোতো চৰকাৰে গুৰুত্ব দিয়া উচিত৷ পদক অৰ্জনৰ সম্ভাৱনা থকা ইভেণ্টকেইটাৰ বাবে অভিজ্ঞ প্ৰশিক্ষক নিযুক্তি দিব লাগিব৷ তাৰ লগতে খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে উন্নতমানৰ ক্ৰীড়া সৰঞ্জামৰ যোগান ধৰা প্ৰয়োজন৷ ক্ৰীড়াক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা যিমানেই বৃদ্ধি পাইছে খেলুৱৈৰ সু-স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়াও সমানেই বৃদ্ধি পাইছে৷ অৰ্থৰ অভাৱত বহু খেলুৱৈয়ে এই দুটা দিশত গুৰুত্ব দিব নোৱৰাৰো অভিযোগ শুনা যায়৷ খেল আৰু খেলুৱৈৰ স্বাৰ্থৰ বিষয়ে চিন্তা কৰিলে এই দিশবোৰলৈও নজৰ দিব লাগিব৷ এইক্ষেত্ৰত ৰাজ্যখনৰ খেলুৱৈ আৰু ক্ৰীড়া সংগঠনবোৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই উল্লেখ কৰা প্ৰস্তাৱিত নতুন ক্ৰীড়া নীতিলৈ আশাৰে বাট চাই ৰ’ব৷