Logo
image

ম্যানমাৰত এয়াৰষ্ট্ৰাইকঃ শিশু-মহিলাসহ নিহত শতাধিক গণতন্ত্ৰকামী

আমাৰ অসম, ১২ এপ্ৰিলঃ ম্যানমাৰৰ সামৰিক বাহিনীয়ে আকাশমাৰ্গেৰে আক্ৰমণ চলাই শিশু-মহিলাকে ধৰি ১০০ৰো অধিক গণতন্ত্ৰকামী লোকক হত্যা কৰিছে৷ মঙলবাৰে পুৱা ৮ বজাত ছাগায়িং অঞ্চলৰ কানুবুলু চহৰৰ সমীপৰ পাঝিগি নামৰ গাঁৱত ম্যানমাৰৰ সামৰিক চৰকাৰৰ সেনাবাহিনীয়ে এই লোমহৰ্ষক হত্যালীলা সংঘটিত কৰে৷ স্থানীয় সংবাদ মাধ্যম আৰু গণতন্ত্ৰমুখী নাগৰিকৰ একাংশ লোকে এই হত্যালীলাৰ তথ্য বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানক যোগান ধৰিছে আৰু নিহতৰ সংখ্যা ১০০ৰো অধিক হ’ব বুলি প্ৰকাশ কৰিছে৷ দেশখনৰ চৰকাৰবিৰোধী আৰু গণতন্ত্ৰপ্ৰেমী নাগৰিকে গাঁওখনত তেওঁলোকৰ এটা কাৰ্যালয় মুকলি কৰিছিল৷ সেই অনুষ্ঠানত কেইবাশতাধিক লোক সমৱেত হৈছিল৷ চৰকাৰবিৰোধী আৰু গণতন্ত্ৰকামী লোক সমৱেত হোৱাৰ খবৰ লাভ কৰি ম্যানমাৰৰ সামৰিক চৰকাৰে তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱাৰ বাবে যুদ্ধবিমান প্ৰেৰণ কৰে৷ সেই ফাইটাৰ জেটে আকাশমাৰ্গৰ পৰা সমৱেত জনতাৰ ওপৰত বোমা নিক্ষেপ কৰে আৰু ভয়ংকৰ বিস্ফোৰণত থিতাতে শতাধিক লোক নিহত হয়৷ নিহতৰ মাজত যথেষ্ট মহিলা আৰু ২০-২৫টা শিশুও আছিল৷ ফাইটাৰ জেট অৰ্থাৎ যুদ্ধবিমানে বোমা পেলোৱাৰ এঘণ্টা পাছত পুনৰ সামৰিক বাহিনীৰ হেলিকপ্টাৰে অঞ্চলটোত বোমা নিক্ষেপ কৰে৷ নিহত লোকৰ মাজত নিকতৱৰ্তী কাচিনত থকা উগ্ৰপন্থী সদস্য থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে৷ কিয়নো অঞ্চলটোৰ অধিবাসীসকল কাচিনৰ উগ্ৰপন্থীৰ সমৰ্থিত আৰু একে জনগোষ্ঠীৰ, যি দীৰ্ঘদিন ম্যানমাৰৰ সেনা চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আছে৷ উল্লেখ্য, ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক চৰকাৰে আং চান চ্যু চিৰ পৰা ক্ষমতা কাঢ়ি লোৱাৰ পাছত এয়া উক্ত অঞ্চলৰ বাসিন্দাৰ বিৰুদ্ধে তৃতীয় কিন্তু সৰ্ববৃহৎ চৰকাৰী আক্ৰমণ৷