Logo
image

দুৰ্ঘটনাৰ পাছতহে বীমা কৰা হৈছিল বিধায়কৰ মাৰ্চিডিজৰ

আমাৰ অসম, ১২ এপ্ৰিলঃ দেৰগাঁৱত দুৰ্ঘটনা সংঘটিত কৰি এখন নৈশ বাছৰ চালকক প্ৰাণ কাঢ়ি নিয়া বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিলাসী মাৰ্চিডিজ বাহনখনৰ চালকে গাড়ীসহ আত্মসমৰ্পণ কৰিছে মাৰ্ঘেৰিটা থানাত৷ ৬ এপ্ৰিলৰ নিশা তীব্ৰ বেগী বাহনখনে দেৰগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত দীপ ট্ৰেভেলৰ নামৰ বাছখনৰ চালক নৃপেন শইকীয়াক খুন্দিয়াই প্ৰাণ কাঢ়ি নিয়ে৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই বিধায়কৰ তীব্ৰ বেগী বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও মাৰ্চিডিজ ব্ৰেণ্ডৰ বাহনখনৰ এ এছ-০১ ইকে-২০৮৪ নম্বৰৰ নাম্বাৰ প্লেটখন ৰাজপথতে পৰি যায়৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে বিধায়ক ভাস্কৰ শৰ্মাৰ নামত পঞ্জীয়ন বাহনখনেই দুৰ্ঘটনাটো সংঘটিত কৰে৷   

আশ্চৰ্যজনক বিষয়টো হৈছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ বীমাৰ প্ৰমাণ-পত্ৰৰ ম্যাদ বিগত ২০ মাৰ্চতেই উকলি গৈছিল৷ ইফালে এই দুৰ্ঘটনাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া হোৱাত দেৰগাঁও আৰক্ষীয়ে ৫২/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে যদিও দুৰ্ঘটনা সংঘটিত কৰা বিধায়কৰ বাহনখন জব্দ কৰাৰ বাবে কোনো ব্যৱস্থা হাতত নল’লে৷ আনহাতে দুৰ্ঘটনাৰ পাছত মানবীয়তাৰ খাতিৰতো বিধায়ক ভাস্কৰ শৰ্মাই নিহত নৃপেন শইকীয়াৰ দুৰ্ভগীয়া পৰিয়ালটোক মাত এষাৰ দিবলৈও সৌজন্যবোধ নেদেখুৱালে৷ আনকি প্ৰশাসনেও আজিলৈকে পৰিয়ালটোৰ কোনো খবৰ নল’লে৷ অৱশ্যে সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পাছতেই ঘটনাৰ তিনি দিনৰ পাছত ৯ এপ্ৰিলত ভাস্কৰ শৰ্মাৰ উক্ত বাহনখন লৈ মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পণ কৰে এজন চালকে৷ আশ্চৰ্যজনক বিষয়টো হৈছে ৬ এপ্ৰিলত ঘটনা সংঘটিত হোৱাৰ ১৫ দিন আগতেই অৰ্থাৎ ২০ মাৰ্চতে বিধায়ক ভাস্কৰ শৰ্মাৰ নামত পঞ্জীয়নভুক্ত বাহনখনৰ বীমাৰ ম্যাদ শেষ হৈছিল যদিও মঙলবাৰে ৰহস্যজনকভাৱে উক্ত বাহনখনৰ দুৰ্ঘটনা সংঘটিত হোৱা দিনটো (৬ এপ্ৰিলৰ) পৰাই বীমা ‘আপডেট’ দেখাইছে৷ অৰ্থাৎ দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই ‘বেকডেট’ত বক্ৰ পথেৰে বাহনখনৰ বীমা নবীকৰণ কৰা হয়৷ 

ইফালে, দেওবাৰে বাহনসহ চালকজনে আত্মসমৰ্পন কৰে যদিও মাৰ্ঘেৰিটা থানাই এদিন পাছতেই এম ভি আইৰ জৰিয়তে বীমাৰ ম্যাদ উকলা দুৰ্ঘটনা সংঘটিত কৰা বাহনখন এৰি দিয়াৰ ব্যৱস্থা কৰে৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ৩ দিনে আত্মগোপন কৰি থকা চালকজনক আটক কৰি দেৰগাঁও থানাক চমজাই দিয়াৰ পৰিৱৰ্তে চালকজনক দেৰগাঁও আৰক্ষী থানাত হাজিৰ হ’বলৈ কৈয়ে যাবলৈ দিয়ে মাৰ্ঘেৰিটা আৰক্ষীয়ে৷ অৱশ্যে চালকজনে উক্ত দুৰ্ঘটনা সংঘটিত কৰা বুলি কোৱা হৈছে যদিও প্ৰকৃততে দুৰ্ঘটনাৰ সময়ত চালকৰ আসনত ভাস্কৰ শৰ্মা নিজেই নে, নে পৰিয়ালৰ কোনো লোক আছিল সেয়া স্পষ্ট নহয়৷ ইফালে বিধায়কৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰি আৰক্ষীৰ তদন্তক গাপ দিব বিচৰা কাৰ্যক সহজভাৱে লোৱা দিবা-নৈশ বাছ চালক সন্থাৰ নেতা ৰূপম দত্তই৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি ৰূপম দত্তই চালক নৃপেন শইকীয়াৰ মৃত্যুৰ ঘটনাৰ বিচাৰ আৰু পৰিয়ালে ন্যায় পাব লাগিব বুলি স্পষ্ট কৰি দিয়ে৷ তদুপৰি চালক নৃপেন শইকীয়াৰ ভুক্তভোগী পৰিয়ালক উচিত ক্ষতিপূৰণ আৰু সংস্থাপন দিয়াৰো দাবী জনায়৷ ইফালে ক্ষুব্ধ নৈশ বাছ চালক সন্থাৰ নেতাজনে লগতে কয়–বিধায়ক ভাস্কৰ শৰ্মাৰ পৰিয়ালৰ মানুহ মোৰ গাড়ীত উঠিলে গাড়ীয়ে মানুহে দ' খাৱৈত পেলাই দিম৷ তাৰ পাছত যিমান জীৱন বীমা কৰে কৰি থাকিব৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ বীমা বেকডেটত কেনেকৈ সম্ভৱ হ’ল তাৰ তদন্ত হ’ব লাগে৷

বিজেপিৰ নেতাৰ গাড়ীৰ নথি নালাগে নেকিঃ আপ

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ জনপ্ৰতিনিধিয়ে সাধাৰণ জনতাৰ হত্যা কৰিলে আইন-আদালতক অন্ধকাৰত ৰখা হয়, মন্ত্ৰী বিধায়কে আইন ভংগ কৰিলে কোনো শাস্তিৰ সম্মুখীন হয়৷ মঙলবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি এই অভিযোগ তোলে আম আদমি পাৰ্টীয়ে৷ সংবাদ মেলত আপৰ ভাতৃ সংগঠনৰ আপ যুব শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে যোৱা বৃহস্পতিবাৰে দেৰগাওঁ চাৰিআলিত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত চলিত মাহৰ ২০ মাৰ্চতেই বীমা উকলা ASOTEK২০৮৪ নম্বৰৰ এখন ব্যক্তিগত বাহনৰ খুন্দাত মৰিগাঁৱৰ আহঁতগুৰিব নৃপেন শইকীয়া নামৰ এজন অসমীয়া যুৱকৰ থিতাতে নিহত হৈছিল৷ ঘটনা সংঘটিত কৰি পলায়ন কৰা বিলাসী বাহনখন ৰাইজে প্ৰত্যক্ষ কৰে আৰু খুন্দা মৰাৰ ফলত গাড়ীখনৰ নম্বৰ প্লেটখন ঘটনাস্থলীতে পৰি যায়৷ পৰিবহণ বিভাগৰ তথ্য অনুসৰি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নাম আৰু তেওঁৰ স্থায়ী ঠিকনাসহ পঞ্জীয়ন আছে৷ গাড়ীখনৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু নৃপেন শইকীয়াৰ পৰিয়ালৰলোকে গোচৰ দিয়াত স্থানীয় দেৱগাওঁ আৰক্ষী থানাত গোচৰটো ল’বলৈ আপত্তি দৰ্শোৱাৰ লগতে পৰিয়ালৰলোকক বিভিন্ন কথাৰে বিভ্ৰান্ত কৰাৰ চেষ্টা কৰাৰো অভিযোগ দিয়ে৷ ‘হিট এণ্ড ৰান’ ভয়ংকৰ অপৰাধত গোচৰটো পঞ্জীয়ন হয় যদিও ঘটনাৰ সংঘটিত হোৱা পাঁচ দিন ওকলি যোৱাৰ পিছতো প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ কৰা নাই৷ বিধায়ক হোৱাৰ বাবেই সকলো কথা গাপ দিবলৈ চেষ্টা চলাইছিল আৰক্ষী প্ৰশাসনে৷