Logo
image

পটলৰ গুটিত আছে বহু গুণ

পটলৰ গুটি সাধাৰণতে পেলাই দিয়া হয়৷ কিন্তু এই পটলৰ গুটিৰো আছে অনেক পুষ্টিকৰ গুণ৷ 
- পটলে কলেষ্টৰেল আৰু শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰে৷ একেদৰে পটলৰ গুটি খালেও কলেষ্টৰেল আৰু শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে৷
- পটলৰ গুটি স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ পটলৰ গুটিত থকা পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে৷ তদুপৰি জ্বৰ-কাহ আদিত ভুগিলে পটলৰ গুটি ভাজি খালে উপশম পাব পাৰে৷
- পটলৰ গুটি খালে হজম শক্তি বৃদ্ধি পায়৷ 
- পটলৰ গুটিত থকা পুষ্টিকৰ উপাদানে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে৷
- পটলৰ দৰে ইয়াৰ গুটিতো প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, সেয়ে পটলৰ লগতে ইয়াৰ গুটি খালেও শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷
- কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিলে নিয়মীয়াকৈ পটলৰ লগতে ইয়াৰ গুটি খালে সুফল পাব পাৰি৷ সেয়ে পটলৰ লগতে ইয়াৰ গুটিকেইটাৰো আছে অনেক পুষ্টিকৰ গুণ৷