আজি অসমলৈ ভেক্চিন প্ৰেৰণ দেশজুৰি বিনামূল্যে ৩ কোটিলৈ
আমাৰ অসম, ১২ জানুৱাৰীঃ অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পৰিল৷ অসম তথা দেশবাসীয়ে বছৰ ধৰি কৰা অপেক্ষাৰ অন্তত মহামাৰী ক’ভিডৰ প্ৰতিষেধক লাভৰ দিশে আগবাঢ়িছে৷ সোমবাৰে কেন্দ্ৰীয় চৰকাৰে অক্সফ’ৰ্ডৰ ‘ক’ভিশ্বিল্ড’ ভেক্চিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান পুনেৰ ছিৰাম ইনষ্টিটিউটৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰাৰ পাছতেই দেশৰ প্ৰতিখন ৰাজ্যলৈ প্ৰতিষেধক প্ৰেৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে পৰিবহণকাৰী সংস্থাই৷ কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ত ছিৰামৰ পৰা ক’ভিড ভেক্চিনৰ ১.১০ কোটি পালি ক্ৰয় কৰিছে৷ বিহুৰ দুদিন পূৰ্বে অৰ্থাৎ ১৬ জানুৱাৰীত অসমকে ধৰি দেশৰ সকলো ৰাজ্যত প্ৰতিষেধক প্ৰদান কাৰ্য শুভাৰম্ভ কৰাৰ পৰিকল্পনাৰে মুম্বাইৰ কুল এক্স ক’ল্ড চেইন লিমিটেড নামৰ পৰিবহণকাৰী সংস্থাটোৱে পুনেৰ ছিৰাম ইনষ্টিটিউটৰ উৎপাদনস্থলীৰ পৰা সকলো ৰাজ্যলৈ বিমানযোগে প্ৰতিষেধক প্ৰেৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ প্ৰায় ২ লাখ পালি ক’ভিড ভেকচিন কাইলৈ অৰ্থাৎ মঙলবাৰে প্ৰথমখন কাৰ্গো বিমান অসমলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰই প্ৰেৰণ কৰিবলগীয়া ভেকচিন সমূহ বিমান বন্দৰৰ পৰা পোনে পোনে স্বাস্থ্য বিভাগৰ শীতলীকৰণ ভঁৰালত মজুত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ ৰাজ্যৰ ৩৩ খন জিলাক সামৰি গুৱাহাটী, গোৱালপাৰা, ডিব্ৰুগড়, তেজপুৰ, শিলচৰৰ আৰ ভি এছ কেন্দ্ৰত প্ৰায় ১৫০ কোটি পালি ভেক্চিন মজুত কৰাৰ বাবেও সাজু হৈছে৷ অসম চৰকাৰৰ স্বাস্থ্যত বিভাগে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১,৫৬,৪৫৯ জন চিকিৎসক, নাৰ্ছ তথা আশাকৰ্মী- স্বাস্থ্যকৰ্মীক ক’ভিড ভেকচিন প্ৰদানৰ বাবে বাছনি কৰিছে৷ ইতিমধ্যে Co-win' পৰ্টেলত প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদানৰ বাবে এইসকল ৰাজ্যিক চিকিৎসক, স্বাস্থ্যকৰ্মীৰ উপৰিও ৫,০৮৮ জন চেণ্ট্ৰেল হেল্থ কেয়াৰ ৱৰ্কাৰ আৰু ২৬,৯৬১ জন ক্ষেত্ৰ কৰ্মী অৰ্থাৎ আৰক্ষী, অদ্ধৰ্সামৰিক বাহিনী জোৱানকে ধৰি প্ৰথমশাৰী ক’ভিড যোদ্ধা হিচাপে চিহ্নিত মুঠ ১,৮৮,৫১৮ জনৰ নাম পঞ্জীয়ন কৰিছে৷ অৱশ্যে, অসমত দ্বিতীয় পৰ্যায়তহে আৰক্ষী, অৰ্ধসামৰিক জোৱান, জৰুৰী সেৱা, তথা বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত বয়োজ্যেষ্ঠ লোকক প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা কৰিছে৷ মুম্বাইৰ কুল-এক্স ক’ল্ড চেইন লিমিটেড নামৰ পৰিবহনকাৰী প্ৰতিষ্ঠানটোৰ সহ প্ৰতিষ্ঠাপক ৰাহুল আগৰৱালাই সদৰি কৰা মতে ছিৰাম ইনষ্টটিউটৰ পুনেস্থিত উৎপাদনস্থলীৰ পৰা ৮০ শতাংশ ভেকচিন বিমানযোগ দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হ’ব৷ বাকী কাষৰীয়া স্থানসমূহলৈ ৩০০ খন শীত তাপ নিয়ন্ত্ৰিত ট্ৰাকত সৰবৰাহ কৰিব বুলি জানিবলৈ দিছে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ত চিকিৎসক-স্বাস্থ্যকৰ্মী বিনামূলীয়াকৈ প্ৰদান কৰিবলগীয়া ভেক্চিন ছিৰাম ইনষ্টিটিউটৰ পৰা প্ৰতি পালিৰ বিপৰীতে ২০০ টকাকৈ দামত ক্ৰয় কৰিছে৷ অৱশ্যে, ভেকচিন লওঁতাসকলে দুবাৰকৈ অৰ্থাৎ দুপালিকৈ প্ৰতিষেধক ল’ব লাগিব৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে দেশত ১৩০ কোটি জনসংখ্যা আছে যদিও কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বে ৩০ কোটি লোককহে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল৷ সোমবাৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ কোটি লোকক ভেক্চিন প্ৰদানৰ কথা ঘোষণা কৰিলেও এইসকলোৱে বিনামূলীয়াকৈ ভেক্চিন লাভ কৰিব নে নাই সেই কথা স্পষ্ট কৰি নিদিলে৷ ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ত চিকিৎসক-স্বাস্থ্যকৰ্মীকে ধৰি প্ৰথম শাৰী ক’ভিড যোদ্ধা হিচাপে চিহ্নিত ৩ কোটি লোকক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদানৰ বাবে পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰা ধন মোকলাই দিয়াৰ কথা সদৰি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ দ্বিতীয়তে বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ বাবে পৰিকল্পনা কৰা বাকী ২৭ কোটি লোক হৈছে ৫০ বছৰৰ বয়সৰ ঊধ্বৰ্ৰ বৃদ্ধ লোক আৰু ৫০ বছৰ বয়সৰ তলৰ¸ বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত দেশৰ আন ১০০ কোটি সৰ্বসাধাৰণ নাগৰিকক বিনামূলীয়া ভেক্চিন প্ৰদানৰ কোনো কথাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই৷ স্বাভাৱিকতেই ৰাজ্য চৰকাৰসমূহে নিজাকৈ ধন ব্যয় নকৰিলে অসমকে ধৰি আন আন ৰাজ্যৰ সাধাৰণ নাগৰিকসকলে গাঁঠিৰ ধন ভাঙি ক’ভিড ভেকচিন ল’বলৈ বাধ্য হোৱাৰ আশংকা কৰা হৈছে৷ অথচ ক’ভিডে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে মোদী চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে দেশবাসীক বিনামূলীয়াকৈ ভেক্চিন প্ৰদান কৰিব বুলিও সদম্ভে ঘোষণা কৰিছিল৷ কিন্তু আতংকৰ মাজতে এবছৰৰ মূৰত নাগৰিকসকলে ক’ভিড ভেক্চিন লাভ কৰিবলৈ সক্ষম হোৱাত আশাৰ বতৰা কঢ়িয়াই আনিছে৷