Logo
image

শিল,বালি,ইটা,ৰডৰ দাম বৃদ্ধিত পি এম এ ৱাই গৃহ নিৰ্মাণত বাধাগ্ৰস্ত

ডিজিটেল ডেস্ক; ১২ এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰে দেশৰ দুখীয়া লোকৰ বাবে প্ৰৱৰ্তন কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত আঁচনিখন আপাতত: ৰাজ্যৰ এচাম দুখীয়া লোকৰ বাবে ভালুকৰ সাঙীত পৰিণত হৈছে। আঁচনি খনৰ অধীনত ধন লাভ কৰা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নলবাৰী জিলাৰো বহু হিতাধিকাৰীয়ে ঘৰ নিৰ্মাণৰ কামত  থমকি ৰব লগা হৈছে। শেহতীয়াভাৱে নিৰ্মাণ সামগ্ৰীৰ অত্যধিক দাম বৃদ্ধিয়ে মহা বিপাংঙত পেলাইছে হিতাধিকাৰী সকলক। জানিবপৰা মতে পি এম এ ৱাই গৃহ আবণ্টন পোৱা  প্ৰতিগৰাকী হিতাধিকাৰীক মুঠ ১লাখ ৫১ হাজাৰ ৭৫০ টকা চৰকাৰে প্ৰদান কৰে।এই ধনৰাশি মুঠ চাৰিটা কিস্তিত প্ৰদান কৰা হয়।হিতাধিকাৰীৰ একাউণ্টত ১ম কিস্তিত ৩২,৭৫০ টকা,২য় কিস্তিত ৪৮,৫০০ টকা,৩য় কিস্তিত ৪৮,৭৫০ টকা আৰু জৱকাৰ্ডৰ দ্বাৰা ৪ৰ্থ কিস্তিত ২১,৭৫০ টকা চৰকাৰে প্ৰদান কৰে। হিতাধিকাৰীয়ে লাভ কৰা ধনেৰে বৰ্তমান পৰিস্থিতিত আৱাস যোজনাৰ এটা ঘৰ নিৰ্মাণ কৰা এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে।জানিব পৰা মতে নিৰ্মাণ সামগ্ৰীৰ মূল্য আকাশলংঘী হৈ প্ৰতি সামগ্ৰীৰ দাম প্ৰায় দুগুন হৈছে। বৰ্তমান ৰ'ডৰ ৯০ শতাংশ,বালিৰ ৩৬ শতাংশ ,চিমেণ্টৰ ১৫ শতাংশ, ইটাৰ ২০-২২ শতাংশ আৰু মিস্ত্ৰী তথা শ্ৰমিকৰ মজুৰি ৪০ শতিংশলৈ বৃদ্ধি পাইছে।বজাৰত ৰডৰ দাম প্ৰতি কুইন্টলত ৭৬০০-৮০০০ টকা হৈছে।বালি প্ৰতি কিউবিক মিটাৰত ২০০০-২৫০০ টকা দৰত ক্ৰয় কৰিব লগা হৈছে।ঠিক সেইদৰে শিল, চিমেণ্টৰো দাম বৃদ্ধি পাইছে। একোটা ইটা ক্ৰয় কৰিব লগা হৈছে ১৪-১৫ টকাত।এনে অৱস্থাত এজন হিতাধিকাৰীয়ে এনে মূল্য বৃদ্ধিৰে এটা আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা সহজসাধ্য হৈ থকা নাই।পৰিণতিত বিভিন্ন জিলাৰ লগতে নলবাৰী জিলাতো  বহু ঠাইত এচাম হিতাধিকাৰীৰ পি এম এ ৱাই গৃহ  নিৰ্মাণৰ কাম আধাতে বন্ধ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে।