শিক্ষাৰ সংকট
ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাটো সংকটৰ সন্মুখীন হৈছে৷ শিক্ষা লাভজনক ব্যৱসায় হিচাপে গণ্য হোৱাৰ পাছৰে পৰা এই ব্যৱসায়ত পুঁজিপতিৰ বিনিয়োগ ক্ৰমে বাঢ়ি আহিছে৷ চৰকাৰে সকলোৰে বাবে শিক্ষা আইন ৰূপায়ণ কৰিছে যদিও অসমত চৰকাৰী শিক্ষা প্ৰতিষ্ঠান ক্ৰমে কমিহে আহিছে৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে সকলোকে উন্নত শিক্ষা দিয়াৰ বাবে আধুনিক সা-সুবিধাসম্পন্ন শিক্ষা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাহে দৰকাৰ আছিল৷ কিন্তু অসমত চৰকাৰৰ অৱহেলাৰ বাবে বছৰি বিভিন্ন কাৰণত ইখনৰ পাছত সিখন চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি আহিছে চৰকাৰে৷ গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষা প্ৰতিষ্ঠানসমূহৰ সমস্যা-আসোঁৱাহ দূৰ কৰি তেনে প্ৰতিষ্ঠানসমূহত সকলো সুবিধা-উপলব্ধ কৰাই গুণগত মান উন্নত কৰাৰহে প্ৰয়োজন আছিল৷ কিন্তু গুণোৎসৱ মানে এতিয়া বছৰি কিছুমান বিদ্যালয় বন্ধ কৰাৰ ব্যৱস্থাহে হ’ল বুলি বহুতে চৰ্চা কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ কেইবা হাজাৰ বিদ্যালয় বন্ধ কৰা হৈছে নতুবা আন বিদ্যালয়ৰ লগত চামিল কৰা হৈছে৷ তদুপৰি বিদ্যালয়ত এজন শিক্ষকৰ বিপৰীতে ৩০জন শিক্ষাৰ্থীৰ নীতিয়ে বহু বিদ্যালয়ৰ মান নিম্নগামী কৰিছে৷ শ্ৰেণী অনুপাতে শিক্ষক নথকাৰ বাবে জনসাধাৰণৰো চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা নোহোৱা হৈ আহিছে৷ ফলত দুখীয়া-নিম্ন মধ্যবিত্তৰ বাদে আনে চৰকাৰী বিদ্যালয়ত সন্তানক নামভৰ্তি কৰোৱাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে দুখীয়া লোকৰ সন্তানৰ শিক্ষা লাভৰ আশাৰ থলিৰূপে পৰিচিত ৭,৬৭০খন ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল কৰিছে৷ ফলত এই বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰায় ৭০ হাজাৰ শিক্ষাৰ্থীয়ে মধ্যাহ্ন ভোজনৰ চাউল, পাঠ্যপুথি, সমসাজ আদি লাভৰ পৰাও বঞ্চিত হ’ব৷ চৰকাৰী নীতি-নিয়ম মানি প্ৰতিষ্ঠা কৰা একোখন বিদ্যালয়ক চৰকাৰে স্বীকৃতি দিয়াৰ পাছতো প্ৰাদেশিকীকৰণৰ পৰিৱৰ্তে এনে বিদ্যালয়ৰ ইউ-ডাইচ স্বীকৃতি বাতিল কৰা কাৰ্যই হতচকিত কৰিছে জনসাধাৰণক৷ বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰা এনে বিদ্যালয়ৰ শিক্ষকসকলে প্ৰাদেশিকীকৰণৰ আশা বুকুত লৈয়েই কষ্ট স্বীকাৰ কৰি আহিছিল৷ কিন্তু অসম চৰকাৰৰ শিক্ষা বিভাগে ২০০৬ চনৰ পহিলা জানুৱাৰীৰ পাছত স্বীকৃতি পোৱা কোনো বিদ্যালয়কে প্ৰাদেশিকীকৰণ কৰা নহ’ব বুলি ঘোষণা কৰে৷ চৰকাৰৰ এই নিৰ্দেশৰ ফলত ৰাজ্যৰ ৪,৫৬০খন নিম্ন প্ৰাথমিক আৰু ৩,১১০খন উচ্ছ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰ লগতে পাঠ্যপুথিও নাপাব৷ এই নিৰ্দেশ কাৰ্যকৰী হোৱাৰ লগে লগে কাৰ্যতঃ এই ভেঞ্চাৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ প্ৰতি চৰকাৰৰ কোনো দায়িত্ব যে নাই সেই কথা প্ৰমাণ কৰিলে৷ এতিয়া এই বিদ্যালয়ত অধ্যয়নৰত দুখীয়া পৰিয়ালৰ সন্তানে ক’ত কিদৰে শিক্ষা লাভ কৰিব? যিখন চৰকাৰে বিহুক গীনিজ বুকত নাম লিপিবদ্ধ কৰাবৰ বাবে ১০০ কোটি টকাৰো অধিক ব্যয় কৰে, যিখন চৰকাৰে বিহু উদ্যাপন কৰিবলৈ বিহু সমিতিসমূহক লাখে লাখে টকা সাহায্য দিয়ে, যিখন চৰকাৰে মন্দিৰ-নামঘৰ আদি নিৰ্মাণৰ বাবে সাহায্য দিয়ে, সেইখন চৰকাৰে কিন্তু মানৱ সম্পদ গঢ় দিয়া শিক্ষানুষ্ঠানসমূহ বিভিন্ন অজুহাতত বন্ধ কৰে৷ চৰকাৰে হয়তো এদেও দুদেও কৰি প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত ৰাজ্যৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দুখীয়া-নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ শিক্ষা লাভৰ পথ ৰুদ্ধ কৰিব৷ চলিত বৰ্ষৰ পৰা ৰাজ্যত ৰূপায়ণ কৰিবলৈ লোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও যে চৰকাৰী শিক্ষানুষ্ঠান বন্ধ হোৱাৰ পথ প্ৰশস্ত নকৰিব, সেই কথা নুই কৰিব নোৱাৰি৷






