Logo
image

অধিসূচনাৰ পূৰ্বে ৪,৫০০ নিযুক্তি! সমানে চলিব ছাটাই

ভোটৰ পূৰ্বে চাকৰিৰ মৰীচিকা

আমাৰ অসম, ১২ জানুৱাৰীঃ সংস্থাপনৰ আশাত বন্দী লাখ লাখ নিবনুৱাক চাকৰিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দি ২০১৬ চনত ক্ষমতালৈ আহিছিল সোণোৱাল চৰকাৰ৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকাল প্ৰায় অন্ত পৰিবৰ হ’ল যদিও নিবনুৱাৰ সপোন দিঠক নহ’ল৷ অথচ পাঁচ বছৰৰ পূৰ্বৰ ৰাজ্যৰ ১৭ লাখ নিবনুৱাৰ সংখ্যাই সম্প্ৰতি ২০ লাখৰ ঘৰ অতিক্ৰম কৰিলে৷ মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত কিছু কিছু বিভাগত স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয় যদিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, তথ্য আৰু জনসংযোগ বিভাগ, জলসিঞ্চনকে ধৰি কেইবাটাও বিভাগত বিজেপি, আৰু এছ এছৰ নেতা-কৰ্মী আৰু তেওঁলোকৰ আত্মীয়-স্বজনক সংস্থাপন দিয়াৰ অপ্ৰিয় সত্য এতিয়া সৰ্বজনবিদিত৷ মুখ্যমন্ত্ৰী সোণোৱালৰ নিজৰ হাততে থকা গৃহ বিভাগৰ ৫৯৭টা আৰক্ষী উপ-পৰিদৰ্শক পদত মন্ত্ৰীৰ ঘনিষ্ঠ বিজেপি নেতাই একাংশ ধন দিয়া প্ৰাৰ্থীক ফাদিল কৰি নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰস্তুতি চলাই শেষ মুহূৰ্তত ব্যৰ্থ হ’ব লগা হৈছিল সেই তথ্য বহলাই নকলেও হ’ব৷ কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ শ্ল’গান আওৰা মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বাধীন আৰক্ষীয়ে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰিৰ তদন্তত কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত যে আধাতে গাপ দিলে,  সেই কথাও অসমত শিক্ষিত নিবনুৱাসকলৰ ভালদৰে বোধগম্য হৈছে৷ যাৰ বাবে নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত হাজাৰ হাজাৰ খালি পদৰ বিজ্ঞাপন প্ৰকাশ কৰি চমক দিয়াৰ চেষ্টা কৰা দেখা গৈছে সোণোৱাল চৰকাৰক৷ ৰাজ্যৰ শিক্ষিত নিবনুৱাসকল চৰকাৰৰ তথা শাসকীয় বিজেপি দলৰ ওপৰত যাতে ক্ষুন্ন নহয়, তাৰ কৌশল হিচাপে প্ৰখ্যাত পি আৰ ফাৰ্মৰ পৰামৰ্শমতে বিভিন্ন আঁচনিৰ জৰিয়তে হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়াহে দেখা গৈছে৷ যাতে এনে আঁচনিৰ হিতাধিকাৰী হৈ নিৰ্বাচনত বিজেপি দলৰ প্ৰতি ভোটদানত নিবনুৱাসকলে বিশ্বাসঘাতকতা নকৰে৷ দিছপুৰৰ এটা সূত্ৰই দাবী কৰা মতে ২০ ফেব্ৰুৱাৰীত সমাগত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে৷ অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত নিৰ্বাচনী অধীসূচনা জাৰি কৰাৰ লগে লগে সকলো নিযুক্তি প্ৰক্ৰিয়া স্বাভাৱিকভাৱেই বন্ধ হৈ পৰিব৷ এক কথাত ৰাজ্য চৰকাৰৰ হাতত বৰ্তমান প্ৰায় ৪০ দিন সময় আছে যদিও উক্ত সময়ছোৱাত ইতিপূৰ্বে লাখ লাখ নিবনুৱাই আবেদন জনোৱা বিভিন্ন বিভাগৰ প্ৰায় ৪,৫০০ খালী পদত নিযুক্তি যে সম্ভৱ নহয়, সেয়া খাটাং৷ মুখ্যমন্ত্ৰী সোণোৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰ অসম বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ক নিযুক্তি প্ৰক্ৰিয়া পৰিচালনাৰ দায়িত্ব দিলেও আজিলৈকে কোনো প্ৰক্ৰিয়াই আৰম্ভ নকৰিলে বিশ্ববিদ্যালয়কেইখনে৷ কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিলে আৰক্ষী এছ আই পদৰ লিখিত পৰীক্ষা৷ ৰহস্যজনকভাৱে স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব বিশ্ববিদ্যালয় কেইখনক দিয়াৰ পৰা বিৰত থকাৰ লগতে স্বাস্থ্য বিভাগে ইতিমধ্যে বাছনি পৰীক্ষা অব্যাহত ৰাখিছে৷ তথ্য অনুসৰি লাখ লাখ নিবনুৱাই বিজ্ঞাপনৰ ভিত্তিত আবেদন জনোৱা পদসমূহৰ ভিতৰত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১,০০৪টা পদ, অৰ্থনৈতিক আৰু পৰিসংখ্যা বিভাগত ১৩৩ টা পদ, স্বাস্থ্য সেৱা সঞ্চালকালয়ত ৮১৩টা পদ, চিকিৎসা শিক্ষা সঞ্চালকালয়ত ৬৩৮টা পদ, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ২২৩টা পদ, স্বাস্থ্য সেৱা আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ত ৫৯৪টা পদ, জলসিঞ্চন বিভাগত ৬৪৩টা পদ, উদ্যোগ আৰু বাণিজ্য বিভাগত ১৩১টা পদ, চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত ১৫টা পদ, প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত চতুৰ্থ বৰ্গৰ ৫১১টা পদ, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ ৫০টা চতুৰ্থ বৰ্গৰ পদ, আবকাৰী বিভাগৰ ২৩৯টা পদ, বন বিভাগৰ ১০৮১টা পদ, নিয়োগ বিনিময় কেন্দ্ৰৰ শতাধিক খালী পদৰ লগতে ওদালগুৰি, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ বিভিন্ন খালী পদ৷ তদুপৰি তেজপুৰ মেডিকেল কলেজ হাস্পতাল, আঞ্চলিক চকু চিকিৎসা মহাবিদ্যালয়ৰ লগতে গাঁওবুঢ়া, মণ্ডল আদি বিভিন্ন খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও উক্ত পদৰ পৰীক্ষাই অনুষ্ঠিত নহ’ল৷ আশ্চৰ্যজনকভাৱে একো একোটা বিভাগত আবেদনকাৰী নিবনুৱাৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰা দেখা গৈছে৷ সদ্য অনুষ্ঠিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৪৫টা পদৰ বিপৰীতে প্ৰায় এক লাখ প্ৰাৰ্থীৰে আবেদন জনাইছিল৷ আনহাতে, অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাতো প্ৰায় ৬৫ হাজাৰ নিবনুৱাই আবেদন জনাইছে৷ এ পি এছ চিয়েও প্ৰায় ৫০০ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে৷ যিসমূহৰ বৰ্তমানেও পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই৷ উদ্বেগজনকভাৱে নিৰ্বাচনৰ পূৰ্বে হাজাৰ হাজাৰ খালী পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’লে উক্ত পদসমূহৰ নিযুক্তি নিৰ্বাচনৰ পাছত এবছৰলৈ যে স্থবিৰ হৈ পৰিব সেয়া ধ্ৰুৱ সত্য৷ আশ্চৰ্যজনক কথাটো হৈছে সোণোৱাল চৰকাৰৰ কাৰ্যকালত  তথ্য আৰু  জনসংযোগ বিভাগত সংঘটিত হৈছিল আটাইতকৈ বিয়াগোম নিযুক্তি কেলেংকাৰি৷ প্ৰথম দিনা পৰীক্ষা পাতি দ্বিতীয় দিনাই ফলাফল ঘোষণা কৰাৰ লগতে তৃতীয় দিনা পুলিচ ভেৰিফিকেচন কৰি নিযুক্তি পত্ৰ বিতৰণ কৰিছিল সন্দেহজনক প্ৰাৰ্থীক৷ জনসংযোগ বিভাগত নিযুক্তি কেলেংকাৰি এনে পৰ্যায় পাইছিল যে পৰীক্ষা পতা প্ৰতিষ্ঠানৰে জড়িত বিজেপি নেতাৰ  পত্নীকো যোগ্যতা অবিহনে বাছনি কৰিছিল৷ অথচ অসম লোকসেৱা আয়োগে তথ্য আৰু জনসংযোগ বিষয়াৰ ১১টা পদৰ সাত মাহৰ পূৰ্বেই বাছনি কৰিলে যদিও মেধাৱী প্ৰাৰ্থীসকলক চৰকাৰে আজিলৈকে নিযুক্তি প্ৰদান নকৰিলে৷ কম সংখ্যক পদত নিযুক্তি দিলে চৰকাৰে প্ৰচাৰ চলাব নোৱাৰে বাবেই নিযুক্তিত বিলম্ব কৰাও অভিযোগ উঠিছে৷