পুষ্টিগুণ অটুট থকাৰ বাবে এইদৰে ছালাড প্ৰস্তুত কৰক
সাধাৰণতে ৰুটি, ভাত আদিৰ সৈতে ছালাড খোৱাটো বেছি সংখ্যকৰেই এটা অভ্যাস৷ বহুতেই ভাত বা ৰুটিৰ পৰিমাণতকৈ ছালাড বেছিকৈ খায়৷ ছালাড বেছিকৈ খোৱাৰ ফলত আহাৰ খোৱাৰ পৰিমাণ স্বাভাৱিকতে হ্ৰাস পায়৷ যাৰ বাবে ওজন নিয়ন্ত্ৰণত থাকে৷ অৱশ্যে খাদ্য বিশেষজ্ঞৰ মতে যিকোনো ধৰণৰ খাদ্যৰ সৈতে ছালাড খোৱাটো অনুচিত৷ বিশেষকৈ অতিৰিক্ত তেল-মছলাযুক্ত খাদ্যৰ লগত ছালাড নোখোৱাই ভাল৷ তদুপৰি ছালাড খোৱাটো সময়ৰ ওপৰতো নিৰ্ভৰ কৰে৷ সাধাৰণতে দুপৰীয়া আহাৰৰ লগত ছালাড বেছি উপযোগী৷ দুপৰীয়া আহাৰৰ আধাঘণ্টামান পূৰ্বে ছালাড খোৱাটো ভাল৷ ভালধৰণে ছালাড প্ৰস্তুত নকৰিলে স্বাস্থ্যৰ বাবে হিতে বিপৰীত হোৱাৰ আশংকা থাকে৷ সঠিক নিয়ম মানি ছালাড খালেহে স্বাস্থ্যৰ বাবে ভাল ফল পাব৷
⬛ছালাড প্ৰস্তুত কৰোতে অনেকে মেয়োনিজ আৰু ছিজ ব্যৱহাৰ কৰে৷ এই দুই উপাদান বেছিকৈ খোৱাটো স্বাস্থ্যৰ বাবে মুঠেই ভাল নহয়৷ সেইবাবে ছালাডত পৰাপক্ষত মেয়োনিজ ছিজ ব্যৱহাৰ কৰিব নালাগে৷ ইয়াৰ পৰিৱৰ্তে ছালাডৰ সোৱাদ বৃদ্ধিৰ বাবে দৈ মিহলাব পাৰে৷
⬛ছালাডত জলকীয়া, নেমুৰ ৰস মিহলালেও তাৰ পৰিমাণৰ ওপৰত গুৰুত্ব দিব লাগে৷ অতিৰিক্ত জ্বলা বা টেঙা ছালাডত দিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে৷
⬛অনেকেই সিদ্ধ কৰি বা তেলত সামান্য ভাজি লৈ ছালাড প্ৰস্তুত কৰে৷ ই ছালাডৰ স্বাদ বৃদ্ধি কৰিলেওপুষ্টিগুণ নষ্ট কৰে৷
⬛ছালাডৰ সৈতে অতিৰিক্ত কাৰ্বোহাইড্ৰেট যোগ নকৰাই ভাল৷ স্বাদ বৃদ্ধিৰ বাবে ছালাডত তিল, অথবা কোমোৰাৰ গুটি ভাজি লৈ মিহলাই দিব পাৰে৷
⬛ছালাডত জলফাই তেল পৰিমিত পৰিমাণে ব্যৱহাৰ কৰিব পাৰে৷ এইদৰেনিয়ম মানি ছালাড প্ৰস্তুত কৰিলেহে ইয়াৰ পুষ্টি গুণ অটুট থাকে আৰু স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয়৷