Logo
image

বাংলাদেশৰ পৰা প্ৰব্ৰজন চলি আছে

স্বয়ং বিএছএফ কৰ্তাৰ ঘোষণা

আমাৰ অসম, ১২ জানুৱাৰীঃ বাংলাদেশৰ পৰা সীমান্তৰে ভাৰতলৈ অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাওতে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বি এছ এফৰ হাতত ধৰা পৰা বাংলাদেশী নাগৰিকৰ সংখ্যা ২০১৯ চনৰ তুলনাত ২০২০ চনত বৃদ্ধি পাইছে৷ বি এছ এফে প্ৰকাশ কৰা তথ্যৰ পৰা এই পৰিসংখ্যাৰ বিষয়ে জানিব পৰা গৈছে৷ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ লওঁতে ২০২০ চনত ভাৰতীয় ভূখণ্ডৰ ভিতৰত বি এছ এফৰ হাতত ধৰা পৰিছে ৩৫জন বাংলাদেশী নাগৰিক৷ ২০১৯ চনত ভাৰতীয় ভূখণ্ডত বি এছ এফৰ হাতত ধৰা পৰিছে ২৭জন বাংলাদেশী নাগৰিক৷ এক নিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰা অনুসৰি নৰেন্দ্ৰ মোদী চৰকাৰে দেশত বলবৎ কৰা সংশোধিত নাগৰিকত্ব আইনৰ সুফল লাভৰ আশাতে এনেদৰে বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ ঘটাৰ সংখ্যা বৃদ্ধি পাইছে৷ মোদী চৰকাৰে ২০১৯ চনৰ ডিচেম্বৰত সংশোধিত নাগৰিকত্ব আইন বা ‘কা’ প্ৰণয়ন কৰিছিল৷ সেই আইনৰ আধাৰত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ভাৰতলৈ অহা সংশ্লিষ্ট সেই দেশত সংখ্যালঘু হৈ পৰা হিন্দু, বৌদ্ধ, শিখ, জৈন ধৰ্মাৱলম্বীয়ে ভাৰতত প্ৰৱেশ কৰিলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব৷ দেশৰ আন আন অংশৰ বাবে এই আইন কিমান ক্ষতিকাৰক সেয়া বিতৰ্কিত বিষয়৷ কিন্তু কেইবালক্ষ অবৈধ বাংলাদেশীৰে ভৰি থকা অসমৰ বাবে এই আইন ভয়ানক ক্ষতিকাৰক৷ তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে ১৯৮৫ চনত বিদেশী বিতাড়ন আন্দোলনকাৰীৰ চুক্তি অনুসৰিও এই নতুন আইন অসমৰ পৰিপন্থী৷ এনে পৰিস্থিতিত সীমান্ত পাৰ হৈ বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বৃদ্ধি পোৱাতো অসমৰ বাবে উদ্বেগজনক বিষয়৷