Logo
image

বিদেশী সংবাদ মাধ্যমৰ শিৰোনামত বিহু

আমাৰ অসম, ১৮ এপ্ৰিলঃ গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছৰ স্বীকৃতি লাভৰ পাছৰে পৰা সমগ্ৰ বিশ্বতে বন্দিত হৈছে অসমৰ বিহুনৃত্য৷ বিশ্বৰ বিভিন্ন প্ৰান্তত উচ্ছ প্ৰশংসিত হৈছে বিহু৷ দেশ-বিদেশৰ আগশাৰীৰ সংবাদ মাধ্যমে সবিস্তাৰে প্ৰকাশ কৰিছে বিহু নৃত্যই গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত স্থান লাভৰ বাতৰি৷ বিদেশী সংবাদ মাধ্যমৰ শিৰোনামত ঠাই পাইছে বিহুৱে৷ আনকি চীন দেশৰ বহুল প্ৰচাৰিত বাতৰি কাকত পিপুল্‌ছ ডেইলীয়েও ফটোসহ পৰিৱেশন কৰিছে এই অভিলেখৰ বাতৰি৷ চীন দেশৰ শাসনাধিস্থ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত পিপুল্‌ছ ডেইলীয়ে লিখিছে– ‘ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমে এক ইতিহাস  গঢ়িলে এখন স্থানতে সৰ্বাধিকসংখ্যক বিহুৱা-বিহুৱতীৰ দ্বাৰা বিহু নৃত্য পৰিৱেশন কৰি৷ বৃহস্পতিবাৰে বিয়লি অসমৰ প্ৰধান চহৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পৰিৱেশন কৰা বিহু নৃত্যই গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছ গঢ়ে৷ চৰকাৰী তথ্য অনুসৰি ১১,৩০৪ বিহুৱা, বিহুৱতী আৰু ঢুলীয়াই বিহু নৃত্য পৰিৱেশন কৰে৷ ২,৫৪৮জন অসমীয়া ঢুলীয়াই সমবেত হৈ বিহুৱতীৰ সৈতে সহযোগ কৰি পূৰ্বৰ অভিলেখ ভংগ কৰে৷ পূৰ্বতে ১,৩৫৬জন ঢুলীয়াই একেলগে ঢোল বাদন কৰি অভিলেখ গঢ়িছিল৷’ বিবিচিৰ দৰে সম্ভ্ৰান্ত সংবাদ প্ৰতিষ্ঠানেও বিহু নৃত্যৰ এই অভিলেখক উচ্ছ প্ৰশংসা কৰি সবিস্তাৰে বাতৰি প্ৰকাশ কৰে৷ লক্ষণীয়ভাৱে ১৩ এপ্ৰিলৰ বিয়লি সৰুসজাইৰ বিহু নৃত্যই গঢ়া এই বিশ্ব অভিলেখৰ বাতৰি দেশৰ প্ৰতিটো টেলিভিশ্বন চেনেল আৰু সংবাদ-পত্ৰই গুৰুত্বসহকাৰে প্ৰকাশ কৰে৷ কেৱল ১৩ এপ্ৰিলে নহয়, ১৪ এপ্ৰিলৰ বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পৰিৱেশন কৰা বিহু নৃত্যই ইতিমধ্যে বিশ্বত খলকনিৰ সৃষ্টি কৰিছে৷ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিহু নৃত্যই৷ ১৩ আৰু ১৪ এপ্ৰিল– এই দুয়োদিনে টেলিভিশ্বনৰ পৰ্দাত দেশ-বিদেশৰ হাজাৰ হাজাৰ লোকে তন্ময় হৈ উপভোগ কৰে বিহু নৃত্য৷ অপৰিচিত লোকৰ বাবেও নিমিষতে যেন পৰিচিত হৈ পৰে ঢোল, পেঁপা, গগণাৰ সুৰীয়া মাত, ঢোলৰ চেওঁ৷ বিহুৱা-বিহুৱতীৰ ৰং-বিৰঙী সাজ-পোচাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ বিহুৱতীয়ে ব্যৱহাৰ কৰা গামখাৰু, মুঠিখাৰু, কপৌফুলৰ সৈতে যেন প্ৰথমবাৰৰ বাবে পৰিচিত হয় বিশ্ববাসী৷ ১৩ এপ্ৰিলৰ বিয়লি বিহুৱতীসকলে মুগাৰ লগতে হাতে বোৱা নানাৰঙী মেখেলা-চাদৰ পৰিধান কৰি এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত যি ১১ হাজাৰ বিহুৱতীয়ে বিহুনৃত্য প্ৰদৰ্শন কৰে তেওঁলোক সকলোৱে সম্পূৰ্ণ মুগাৰ সাজ পৰিধান কৰিছিল৷ এই মুগাৰ সাজে অধিক উদ্ভাসিত কৰি তোলে সমগ্ৰ পৰিৱেশটোক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও বিহুৰ তালে তালে হাত চাপৰি বজাই তন্ময় হৈ উপভোগ কৰে বিহুনৃত্য৷ বিহুৰ এই বিশ্বমুখী যাত্ৰাক যেন হিয়া উজাৰি আদৰণি জনাইছে দেশ-বিদেশৰ সংবাদ-পত্ৰ আৰু টেলিভিশ্বন চেনেলেসমূহে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও নিজৰ ভাষণত বিহু আৰু অসমৰ সংস্কৃতিক উচ্ছ প্ৰশংসা কৰে৷ সমগ্ৰ দেশবাসীৰ সন্মুখতবিহুক গৌৰৱেৰে সৈতে উপস্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ উল্লেখ্য, এইবাৰ বাংলাদেশ, চিদনী, ইটালী, অষ্ট্ৰেলিয়া, ইংলেণ্ড, আমেৰিকা আদিৰ লগতে কলকাতা, দিল্লী আদি ঠাইতো উলহ-মালহেৰে সৈতে বিহু উদ্‌যাপন হয়৷ দেশ-বিদেশৰ ইউটিউব চেনেল আৰু আগশাৰীৰ প’ৰ্টেল সমূহতো আগস্থান লাভ কৰে সৰুসজাইৰ বিহুৱে৷