Logo
image

মে'ৰ ভিতৰত মুকলি হ'ব নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু

আমাৰ অসম, ১৮ এপ্ৰিলঃ  সুদীৰ্ঘ প্ৰায় সাত বছৰে লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য চলি থকা  নলবাৰী চহৰৰ ধমধমা-নলবাৰী পথৰ  উৰণীয়া সেঁতুৰ কাম বৰ্তমানে তীব্ৰ গতিৰে চলিছে।নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰৰ সমীপৰ ৰেল গেটৰ উক্ত উৰণীয়া সেতুঁ খনৰ বছৰ বছৰ ধৰি অসম্পূৰ্ণ  থকা সম্পৰ্কত অলপতে 'আমাৰ অসম'ৰ তথ্য ভিত্তিক এক বাতৰি প্ৰকাশ হৈছিল। বাতৰি প্ৰকাশনৰ পিছতে তৎপৰ হৈ পৰে উৰণীয়া সেঁতু নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰী কোম্পানীটোৰ কৰ্তৃপক্ষ।নিৰ্মীয়মান উৰণীয়া সেতুখনৰ নলবাৰী হৰিমন্দিৰৰ কাষৰ ৰে'ল গেটৰ অংশৰ পকীকৰণ কাৰ্য সম্পূৰ্ণ হৈ উঠাত একপ্ৰকাৰ স্বস্তিৰ নিশ্বাস পেলাইছে বছৰ বছৰ ধৰি জীয়াতু ভুগি অহা জনতাই। উল্লেখ্য যে নিৰ্মাণকাৰী সংস্থা আৰু ৰে'ল বিভাগৰ সমন্বয়হীনতাৰ বাবে দীৰ্ঘদিনে উক্ত অংশৰ নিৰ্মাণকাৰ্য বন্ধ হৈ থকাত জিলাখনৰ বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিকে এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ফলশ্ৰুতিত কিছুমাহ পূৰ্বে ৰে'ল গেটৰ সংযোগস্থলীৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰিবলৈ বাধ্য হৈ পৰে। সেই মৰ্মে ৰঙালী বিহুৰ পূৰ্বে উৰণীয়া সেতুখনৰ নলবাৰী হৰিমন্দিৰৰ কাষৰ ৰে'ল গেটৰ অংশৰ পকীকৰণ কাৰ্য সম্পূৰ্ণ হৈ উঠাত মে'ৰ ভিতৰত নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতুৰ পৰা ৰাইজে সুফল লাভ কৰাৰ সম্ভাৱনা আছে। এই উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাৰ লগে লগে নলবাৰীবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পৰিব। উল্লেখ্য, ২০১৬-১৭ বৰ্ষৰ  চেন্ট্ৰেল ৰোড ফাণ্ড আঁচনিৰ ধনেৰে গড়কাপ্তানি ৰাজ্যিক পথৰ অধীনত ৪৬.৫৩ কোটি টকা ব্যয়েৰে এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই ধন বৃদ্ধি কৰা বুলি জনা গৈছে।২৯৩.৬২ মিটাৰ দৈৰ্ঘৰ উক্ত উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে। নলবাৰী চহৰৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বৰকুৰা চ'কতো সমান্তৰালভাৱে আন এখন উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য চলি থকাত দীৰ্ঘদিন ধৰি পথচাৰীয়ে ভুগি আহিছে যন্ত্ৰণা। ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মূল পথ দুটাৰে যান-বাহনৰ চলাচল বন্ধ হৈ থকাত বিগত প্ৰায় ছয় বছৰ ধৰি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে সাধাৰণ জনতাই হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল। অৱশেষত হৰিমন্দিৰৰ কাষৰ উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি জানিব পাৰি সাধাৰণ নাগৰিকে সন্তোষ প্ৰকাশ কৰিছে যদিও বৰকুৰাত চলি থকা উৰণীয়া সেতুখনৰো নিৰ্মাণকাৰ্য অতি শীঘ্ৰে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট পক্ষৰ ওচৰত ৰাইজে দাবী উত্থাপন কৰিছে।