Logo
image

ৰাজ্যত পুনৰ ডাইনী কাণ্ডঃ ডাইনীৰ সন্দেহত মহিলাসহ ৪ জনক শাৰীৰিক নিৰ্যাতন

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ একবিংশ শতিকাত অন্ধ বিশ্বাসৰ গ্ৰাসত বিশ্বনাথৰ দুখন গাঁও। বিশ্বনাথৰ দুখন গাঁৱৰ ৰাইজ অন্ধ বিশ্বাসৰ কবলত পৰি চাৰিজন লোকক শাৰীৰিক নিৰ্যাতন চলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অন্থাইবাৰী আৰু দিচাবাৰী গাঁৱত। উল্লেখ্য যে বিগত কিছু দিন ধৰি বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ অন্থাইবাৰী আৰু দিচাবাৰী গাঁৱত সংঘটিত হৈ আহিছে বিভিন্ন বেমাৰ-আজাৰ। গাঁও দুখনৰ একাংশ শিশুৱে অস্বাভাৱিক আচৰণ কৰি আহিছে। গাঁওবাসীয়ে জনোৱা মতে, কোনো কোনো শিশুৱে নিজৰ হাত কাটি তেজ খাই, কোনোৱে আকৌ মানুহ খেদি যায়। এই ক্ষেত্ৰত গাঁওবাসীয়ে সন্দেহ কৰিছিল যে গাঁওখনত কোনোৱে অপশক্তি পুহি ৰাখিছে, যাৰ বাবে এনে আচৰণ কৰি আহিছে শিশুৱে। 

ইয়াৰ পিছতে অন্থাইবাৰীত থকা কালি মন্দিৰৰ পূজাৰী অঞ্জলী স্বৰ্গীয়াৰীৰ শৰণাপন্ন হয় গাঁওবাসী। অঞ্জলী স্বৰ্গীয়াৰীয়ে চোৱাচিতা কৰি গাঁওখনৰ চাৰিজন ব্যক্তিৰ কাৰণেই শিশুৱে এনে আচৰণ কৰি আহিছে বুলি অৱগত কৰে। আনকি পুজাৰী অঞ্জলীয়ে নিৰ্দেশ দিয়ে যে এই লোককেইজনক ধৰি বান্ধি মাৰপিট কৰিলেই সকলো কথা ওলাই পৰিব। লগে লগে পূজাৰী অঞ্জলী স্বৰ্গীয়াৰীৰ নিৰ্দেশ মানি এগৰাকী মহিলাসহ চাৰিজন লোকে ডাইনী পোহাৰ সন্দেহ কৰি তেওঁলোকক ধৰি বান্ধি শাৰীৰিক নিৰ্যাতন চলায় গাঁওবাসীয়ে। 

ঘটনাৰ বিষয়ে জানিব পাৰি বালিচাং আৰক্ষী চকীৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ লোককেইজনক গাঁওবাসীৰ নিৰ্যাতনৰ পৰা উদ্ধাৰ কৰাৰ লগতে পূজাৰী অঞ্জলী স্বৰ্গীয়াৰীসহ মুঠ ৮ জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে দিপেন স্বৰ্গীয়াৰী, বুধিৰাম বসুমতাৰী, শুকুৰ বসুমতাৰী, ৰাজীৱ বসুমতাৰী, বলোৰাম বসুমতাৰী, শিৱ বড়ো আৰু বিজয় নাৰ্জাৰী। ডাইনীৰ সন্দেহত চাৰিজনকৈ লোকক শাৰীৰিক নিৰ্যাতন চলোৱা আটাইকেইজন অভিযুক্তক বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ৪৯/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি ১২০(বি)/৪৪৭/৩২৬/৩২৫/৩০৭/ আৰু আৰ/ডব্লিও ১৪(১)/৯ ধাৰাত গ্ৰেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷