Logo
image

পুলৱামা কাণ্ডক লৈ চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ডিজিটেল সংবাদ, নাজিৰাঃ ভূতপূৰ্ব ৰাজ্যপাল তথা শাসকীয় দলৰ নেতা সত্যপাল মালিকে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০ জনৰো অধিক চি আৰ পি এফ জোৱান নিহত হোৱা ঘটনাক লৈ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় , ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আদিক জগৰীয়া কৰি সত্যপাল মালিকে বক্তব্য ৰখাৰ পিছতো প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈআশ্চৰ্য প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাজনে। তেওঁ কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা ২০১৯ চনতে পুলৱামা কাণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰিছিল যদিও তেতিয়া তেওঁৰ কথাক গুৰুত্ব দিয়া নহ'ল৷ সেই সময়ত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা সত্যপাল মালিকে পুলৱামা কাণ্ডক লৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আদিক পোনপটীয়াকৈ দোষাৰোপ কৰাই নহয় , তেওঁৰ বক্তব্যৰ পৰা এই কথাও ওলাই পৰিছে যে দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দায়িত্বত থকা জোৱানসকলক একমাত্ৰ শাসনৰ গাদী দখলৰ বাবেই বলিৰ পঠা সজোৱা হৈছিল।

তেওঁ লগতে কয় যে এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। আনকি ঘটনাৰ কথা অৱগত কৰাৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অজিত ডোভালে তদানীন্তন ৰাজ্যপাল মালিকক মুখ বন্ধ ৰাখিবলৈ ধমক দিছিল। শেহতীয়াকৈ তেওঁ স্পষ্ট কৰি দিলে যে পাকিস্তানৰ বিৰুদ্ধে দেশবাসীৰ মাজত আৱেগৰ ঢৌ তুলি নিৰ্বাচনী ৰণ জিনিবলৈকে চি আৰ পি এফৰ জোৱানসকলক পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত মৰিবলৈ এৰি দিছিল। ৰাজনৈতিক সততা, নিষ্ঠা আৰু দেশপ্ৰেম আছে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইমান গুৰুতৰ অভিযোগৰ পিছতো নীৰৱ হৈ থকাৰ কাৰণ কি বুলি প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই ।