Logo
image

এমাহ দিনে সন্ধান নাই বিকাশ গগৈৰঃ আলফা স্বাধীনলৈ যোৱাৰ সন্দেহ পৰিয়ালৰ

ডিজিটেল সংবাদ, ডিগবৈঃ তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ১নং ডুমডুমা নগাঁৱৰ এজন যুৱক যোৱা ২২ মাৰ্চৰ পৰা সন্ধানহীন হৈ থকা খবৰ পোহৰলৈ আহিছে। কৃষি কৰ্ম কৰি পৰিয়াল পোহপাল দিয়া প্ৰয়াত দেবা গগৈ আৰু প্ৰমিলা গগৈৰ কণিষ্ঠ পুত্ৰ বিকাশ গগৈ যোৱা ২২ মাৰ্চত ঘৰৰ পৰা মাৰ্ঘেৰিটালৈ যাওঁ বুলি যি ওলাই গৈ আজিলৈ উভতি অহা নাই ঘৰলৈ। বিকাশ গগৈ (২০) ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত সম্প্ৰতি হাহাকাৰ লাগিছে। ইতিমধ্যে বৰডুমচা আৰক্ষী থানাত যুৱকজন নিৰুদ্দেশ হোৱা সন্দৰ্ভত পৰিয়ালে এজাহাৰ দাখিল কৰিছে। 

তদুপৰি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাকো ঘটনাৰ সন্দৰ্ভত অৱগত কৰিছে পৰিয়ালৰ লোকে। উল্লেখযোগ্য যে ২০২১ চনত বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত বিকাশ গগৈৰ পিতৃ দেবা গগৈক দুৰ্বৃত্তই হত্যা কৰিছিল। ৰাজনৈতিক কাৰণত সেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে। প্ৰয়াত দেবা গগৈ শাসকীয় বিজেপি দলৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। পিতৃৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছৰে পৰা বিকাশ গগৈ মানসিকভাৱে ভাগি পৰিছিল বুলি একাংশ স্থানীয় লোকে সাংবাদিকৰ আগত ব্যক্ত কৰিছিল। 

ইফালে, যুৱকজনৰ মাতৃ প্ৰমিলা গগৈয়ে জনোৱা অনুসৰি কণিষ্ঠ পুত্ৰ বিকাশ গগৈয়ে কিছুদিনৰ পৰা মোবাইল ফোনত নিষিদ্ধ ঘোষিত সংগঠনসমূহৰ ভিডিঅ' বেছিকৈ চাই আহিছিল। সন্ধানহীন হোৱাৰ পিছত বিভিন্ন ঠাইত খবৰ কৰি বিকাশৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। নিষিদ্ধ ঘোষিত সংগঠনৰ ভিডিঅ' মোবাইল ফোনত চোৱাত মাতৃয়ে বাধা দিছিল যদিও বিকাশে বিভিন্ন অজুহাত দেখুৱাই আহিছিল বুলিও মাতৃয়ে জানিবলৈ দিয়ে। যাৰ বাবে বিকাশ গগৈ আলফা(স্বা:) লৈ যাব পাৰে বুলি মাতৃয়ে সন্দেহ ব্যক্ত কৰিছে। যদিহে যুৱকজন আলফা(স্বা:)লৈ গৈছে তেন্তে পুত্ৰক ঘৰলৈ ওভতাই পঠিয়াবলৈ মাতৃয়ে আলফা(স্বা:)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে। ব'হাগ বিহুৰ আনন্দ উল্লাসৰ মাজত পুত্ৰক ঘৰত বিচাৰি মাতৃৰ লগতে পৰিয়াল লোক শোকত ভাগি পৰিছে।