Logo
image

সপোন পূৰণ হ'ল প্ৰতীক্ষাৰঃ শিৰত উজলিল বিহু সম্ৰাজ্ঞীৰ মুকুট

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঞ্চ বিহুৰ বাটকটীয়া গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত সোমবাৰে নিশা অনুষ্ঠিত হ'ল বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা৷ গুৱাহাটীবাসীয়ে অধীৰ অপেক্ষাৰে ৰৈ থকা গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত বহু সংখ্যক দৰ্শকৰ সমাগম হয়৷ ২০২৩ চনৰ  বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ ৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

গুৱাহাটীৰ কাহিলীপাৰাৰ প্ৰতীক্ষাৰাণী বৰগোঁহাইৰ শিৰত উজলিল  বিহু সম্ৰাজ্ঞী মুকুট। ২০২২ চনৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাই প্ৰতীক্ষাৰাণী বৰগোঁহাইক ২০২৩ চনৰ বিহুস ম্ৰাজ্ঞী মুকুট পিন্ধাই দিয়ে। গুৱাহাটী বিহু সন্মিলনৰ ৭২ সংখ্যক ৰঙালী উৎসৱৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষাৰাণী বৰগোঁহায়ে পুৰস্কাৰ হিচাপে চলন্ত ৰূপৰ মুকুট, এটা স্থায়ী মুকুট, বিহু সম্ৰাজ্ঞী দণ্ড, নগদ ১ লাখ টকা, ১০ গ্ৰাম সোণৰ মুদ্ৰা, স্থায়ী ট্ৰফী, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰীজ, ৱাচিং মেছিন, নেমকেয়াৰ হাস্পতালৰ পৰা নিযুক্তিৰ সুবিধা আৰু বহু উপহাৰ লাভ কৰে। 

২০২৩ চনৰ বিহুসম্ৰাজ্ঞীৰ খিতাপ লাভ কৰি প্ৰতীক্ষাৰাণী বৰগোঁহায়ে নিজৰ অনুভৱ সংবাদ মাধ্যমক এনেদৰে ব্যক্ত কৰে- "আজি এক বুজাব নোৱাৰা আনন্দ অনুভৱ কৰিছো। লতাশিলৰ খেলপথাৰত 'বিহু সম্ৰাজ্ঞী'ৰ খিতাপ লাভ কৰাৰ হেঁপাহ প্ৰতিগৰাকী নাচনীয়ে মনত পুহি ৰাখে। মই সৰুৰে পৰা বিহু নৃত্যৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। প্ৰায় চাৰে তিনিবছৰ বয়সৰ পৰা মঞ্চত বিহু নৃত্য পৰিবেশন কৰিছিলোঁ। লতাশিলৰ মঞ্চত 'বিহু সম্ৰাজ্ঞী'ৰ খিতাপ লাভ কৰাৰ সপোন মনত পুহি ৰাখিছিলোঁ। তাৰবাবে বহুত কষ্ট কৰিছিলোঁ। মই বিভিন্ন গুৰুৰ স্পৰ্শলৈ আহি বহু কথাই শিকিছিলোঁ। বিহুৰ তাল, লয়, তাত্বিক জ্ঞান ভালদৰে শিকি বুজি ল'লে প্ৰতিগৰাকী নাচনীয়ে এদিন লক্ষ্যত উপনীত হ'বই। মোৰ উৎসাহিত কৰা মোৰ দলটোক ধন্যবাদ জনাইছোঁ৷ তেওঁলোকে মোৰ বাবে যথেষ্ট কষ্ট কৰিছে।'' উল্লেখ‍্য, প্ৰতীক্ষাৰাণী বৰগোঁহায়ে বিহু নৃত্য পৰিবেশন কৰাৰ উপৰি গীত গাই ভালপোৱাৰ লগতে নাটকৰ প্ৰতিও আগ্ৰহী। সেইদৰে  গুৱাহাটী বিহু সন্মিলনীৰ বিহু ৰাণীৰ খিতাপ দখল কৰে মৰাণৰ বন্যানী গগৈয়ে। তেওঁ পুৰস্কাৰ হিচাপে চলন্ত ৰূপৰ মুকুট, নগদ ৫১ হাজাৰ, এটা ট্ৰফি,৫ গ্ৰাম সোণৰ মুদ্ৰা,মানপত্ৰ আৰু উপহাৰৰ টোপোলা লাভ কৰে।

আনহাতে বিহু কুৱঁৰীৰ খিতাপ দখল কৰে লখিমপুৰৰ অনন্যা ফুকনে। পুৰস্কাৰ হিচাপে তেওঁ মুকুট, মানপত্ৰ, নগদ টকা ৩১ হাজাৰ, ট্ৰফি, ৫ গ্ৰাম সোণৰ মুদ্ৰা আৰু বহুকেইটা উপহাৰ লাভ কৰে। উল্লেখ‍্য, বিহুসম্ৰাজ্ঞী প্ৰতিযোগিতাৰ প্ৰতিগৰাকী বিহুৱতীক ১০ মিনিট সময় বিহুনৃত্য পৰিবেশনৰ বাবে  নিৰ্ধাৰণ কৰি দিয়া হৈছিল। লগতে আছিল বিচাৰকৰ প্রশ্নোত্তোৰ শিতান। আনহাতে একেখন মঞ্চতে শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে দুলুমনি বৰাই। তেওঁক ফুলাম গামোচা, এখন শৰাই আৰু নগদ ১০ হাজাৰ টকা লগতে মানপত্ৰ দিয়া হয়। সেইদৰে শ্ৰেষ্ঠ পেপা বাদকৰ সন্মান লাভ কৰে  দেৱজিৎ তামুলয়ে। তেওঁক ফুলাম গামোচা, এটা স্মাৰক, নগদ ১০ হাজাৰ টকা লগতে মানপত্ৰ দিয়া হয়। লতাশিলৰ খেলপথাৰত ১৯৫২ চনত গুৱাহাটী বিহু সন্মিলনীয়ে জন্ম লাভ কৰিছিল। তেতিয়াৰ পৰাই গুৱাহাটী বিহু সন্মিলনীয়ে সুকীয়া ঐতিহ্য অব্যাহত ৰাখিছে।