Logo
image

এপ্ৰিলতে উৎকট গমৰে দহিছে ৰাজ্যবাসীকঃ স্বাভাৱিকতকৈ ৬ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে তাপমাত্ৰা

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ কেবাখনো ৰাজ্যত হোৱা গ্ৰীষ্মপ্ৰবাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে৷ বিগত প্ৰায় তিনি চাৰিদিনত অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যত গ্ৰীষ্মপ্ৰবাহ  চলি আছে।  প্ৰণিধানযোগ্য যে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন। জুন, জুলাই মাহৰ দৰে গৰম এপ্ৰিল মাহতে অনুভূত হোৱাত গৰমৰ প্ৰকোপে ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুৱাইছে৷  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে সাধাৰণতে এপ্ৰিল মাহত এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৯ ৰ পৰা ৩২ ডিগ্ৰীৰ ভিতৰত থাকিব লাগে। কিন্তু বিগত প্ৰায় তিনি চাৰিদিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। 

আনকি উদ্বেগজনকভাৱে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৪ ৰ পৰা ৬  ডিগ্ৰীৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে। ফলত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন। বহু নাগৰিকে এপ্ৰিল মাহত হোৱা গৰমৰ প্ৰকোপত অতিষ্ঠ হোৱাৰ লগতে জুন, জুলাই , আগষ্ট মাহৰ দৰে অতি গৰম পৰা মাহত কি পৰিস্থিতিৰ উদ্ভৱ হব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে। আনহাতে মঙলবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সর্বাধিক তাপমান আছিল ৰাজধানী গুৱাহাটী মহানগৰীত। গুৱাহাটীত দুপৰীয়াৰ ভাগত তাপমান বৃদ্ধি পাই হৈছিলগৈ ৩৭.২ ডিগ্ৰী চেলছিয়াছ । যিটো স্বাভাৱিকতকৈ ৬ ডিগ্ৰী চেলচিয়াছ অধিক আছিল। 

আনকি উত্তৰ পূবৰ ভিতৰত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা চহৰত মঙলবাৰে তাপমাত্ৰাই অভিলেখৰ সৃষ্টি কৰে। স্বাভাৱিকতকৈ ৫.১  ডিগ্ৰী বৃদ্ধি হৈ আগৰতলা চহৰত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৮.০ ডিগ্ৰী চেলচিয়াছ৷ যাৰ বাবে ত্ৰিপুৰা চৰকাৰে এটা সপ্তাহৰ বাবে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে।  যিহেতু অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৬ ডিগ্রী চেলছিয়াছ হ'লেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ দৰে ৪৫-৪৭ ডিগ্রী চেলছিয়াছ হয়গৈ। এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। 

মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধ্বংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে। কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। শ্বিলঙত মঙলবাৰে সর্বাধিক ২৮.২ ডিগ্ৰীলৈ উঠে পাৰাস্তম্ভ। যিটো স্বাভাৱিকতকৈ ৪.৯ ডিগ্ৰী চেলচিয়াছ অধিক আছিল। আনহাতে মঙলবাৰৰ দিনটোত  ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ - ডিব্ৰুগড়ত ২৯.৮  ডিগ্রী চেলছিয়াছ, তেজপুৰত ৩৫.৩  ডিগ্ৰী চেলছিয়াছ , ধুবুৰীত ৩৭.৫  ডিগ্ৰী চেলছিয়াছ , যোৰহাটত ৩১.২ ডিগ্ৰী চেলছিয়াছ , উত্তৰ লখিমপুৰত ৩১.৪  ডিগ্ৰী চেলছিয়াছ আছিল। 

ইফালে  বৰষুণৰ বাবে বিখ্যাত মেঘালয়ৰ চেৰাপুঞ্জীত শুকুৰবাৰৰ দিনটোত এটোপালো বৰষুণ নহ'ল৷ ইয়াৰ বিপৰীতে চেৰাপুঞ্জীত স্বাভাৱিকতকৈ তাপমাত্ৰা ৬.১ ডিগ্ৰী বৃদ্ধি হৈ মঙলবাৰে সৰ্বাধিক তাপমাত্ৰা হয়গৈ ২৮.২  ডিগ্ৰী চেলছিয়াছ। একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্রতিবেদন প্রকাশ কৰিছে। য'ত গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে। এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ'ব, কেতিয়াবা খৰাং হ'ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। 

একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্রাস পাব পাৰে। আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২০ এপ্ৰিলৰ পাছতহে  অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ কেতবোৰ অঞ্চলত গাজনী-ঢেৰেকণি, ধুমুহাৰ সৈতে  বৃষ্টিপাত হ'ব পাৰে বুলি আগজাননী দিছে। সমান্তৰালভাৱে সেই সময়ছোৱাত অসমৰ বহু ঠাইত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়া আৰু কেতবোৰ ঠাইত মজলীয়া পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে। অৱশ্যে বৰষুণ আহিলে  বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷