Logo
image

এইবাৰ লক্ষ্য ধনী শ্ৰেণী অত্যধিক কৰ আৰোপ

আমাৰ অসম, ১৯ এপ্ৰিলঃ নৰেন্দ্ৰ মোদী চৰকাৰৰ আমোলত দেশৰ প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ জৰিয়তে অতি চহকীৰ পৰা অধিক আয়কৰ আদায় কৰা হ’ব৷ খুউব সম্ভৱতঃ এবছৰৰ পাছত এই সংশোধন কৰা হ’ব পাৰে৷ দেশৰ জনতাৰ মাজত থকা আৰ্থিক বৈষম্য দুৰ কৰাৰ লক্ষ্যৰেই এনে এক পৰিকল্পনা হাতত লোৱা হ’ব৷ অৱশ্যে নৰেন্দ্ৰ মোদী চৰকাৰৰ চলিত কাৰ্যকালত এই সংশোধনী ব্যৱস্থা হাতত লোৱাৰ সম্ভাৱনা ক্ষীণ৷ কিয়নো এনে পদক্ষেপৰ ফলশ্ৰুতিত জনতাৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’লে অহাবছৰ হবলগীয়া সাধাৰণ নিৰ্বাচনত বিজেপিৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা আছে৷ সেয়ে ধাৰণা কৰা অনুসৰি ২০২৪ চনত যদি মোদী চৰকাৰ পুনৰ ক্ষমতাত অধিষ্ঠিত হয়, তেন্তে তাৰ ঠিক পাছতে মোদী চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিব৷ উল্লেখ্য, ২০১৯ চনত দ্বিতীয়বাৰ ক্ষমতা অৰ্জন কৰাৰ পাছতে মোদী চৰকাৰে জন্মু কাশ্মীৰৰ ক্ষেত্ৰত পূৰ্ব পৰিকল্পিত পদক্ষেপ গ্ৰহণ কৰিছিল৷ ঠিক তেনেদৰে প্ৰথমবাৰ ক্ষমতা লাভ কৰাৰ পাছত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লৈছিল মোদী চৰকাৰে৷ ২০১৯ চনত মোদী চৰকাৰে কৃষি আইন সলনি কৰি তিনিখন নতুন কৃষি আইন বলবৎ কৰিছিল৷   তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, মোদী চৰকাৰে গ্ৰহণ কৰা এনে প্ৰত্যেকটো বৃহৎ সিদ্ধান্ত বা সংশোধনৰ ক্ষেত্ৰতে সমগ্ৰ দেশজুৰি প্ৰবল বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ কৌশলগতভাৱে ইয়াৰে কেতবোৰ পদক্ষেপ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত অৰ্থাৎ পুনৰ ক্ষমতালৈ আহি গ্ৰহণ কৰিছিল, অথবা নিৰ্বাচনলৈ বহুদিন বাকী থকা অৱস্থাত গ্ৰহণ কৰিছিল৷ অন্যথা তেনেবোৰ সিদ্ধান্তই নিৰ্বাচনত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা আছিল৷ সম্প্ৰতি প্ৰত্যক্ষ কৰ ব্যৱস্থা সংশোধন সম্পৰ্কত মোদী চৰকাৰৰ বিত্ত মন্ত্ৰণালয়কে ধৰি কোনো মন্ত্ৰণালয়ে মন্তব্য কৰা নাই৷ কিন্তু চৰকাৰৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰা অনুসৰি প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটোৱা একপ্ৰকাৰ নিশ্চিত৷ 

প্ৰত্যক্ষ কৰ বুলি ক’লে সাধাৰণতে আয়কৰকে বুজা যায়৷ অৱশ্যে আয়কৰৰ লগতে প্ৰকৃত সম্পত্তি কৰ, ব্যক্তিগত সম্পত্তি কৰ আৰু সামগ্ৰিক সম্পত্তি কৰো অন্তৰ্ভুক্ত হৈ থাকে৷ ইয়াৰ ভিতৰত সবাতোকৈ বৈষম্যপূৰ্ণ প্ৰত্যক্ষ কৰ হৈছে আয়কৰ৷ দেশত প্ৰচলিত সাম্প্ৰতিক আয়কৰ ব্যৱস্থা ৬দশক প্ৰাচীন৷ বিগত ৬টা দশকত আয়কৰ ব্যৱস্থা বহুবাৰ হ্ৰাস-বৃদ্ধি হৈছে যদিও সংশোধন হৈছে কম৷ দেশত এতিয়াও সৰ্বাধিক আয়কৰ হৈছে ৩০ শতাংশ৷ অৰ্থাৎ সৰ্বাধিক উপাৰ্জনকাৰীয়ে চৰকাৰক সৰ্বোচ্ছ আয়কৰ প্ৰদান কৰিলেও তেওঁৰ আয়ৰ ৩০ শতাংশ কৰ হিচাপে আদায় দিব লাগে৷ আনহাতে সম্পত্তি কৰৰ হাৰ তেনেই নূন্য়তম৷ ইকুইটি ফাণ্ড আৰু কম হাৰৰ ষ্টকৰ ক্ষেত্ৰতো চৰকাৰে বেছি হাৰত কৰ আদায় কৰিব নোৱাৰে৷ এনে বিষয়লৈ দৃষ্টি নিক্ষেপ কৰি এই প্ৰাচীন আয়কৰ ব্যৱস্থাৰ বিলোপ সাধনৰ লক্ষ্য লৈ ২০২৪ চনত বলবৎ কৰিব পৰাকৈ ২০১৯ চনতে মোদী চৰকাৰে এখন পেনেলক বিত্ত মন্ত্ৰণালয়ৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল৷ ইতিমধ্যে বিশেষজ্ঞ পেনেলে সেই প্ৰস্তাৱ দাখিল কৰিছে আৰু বিত্ত মন্ত্ৰণালয়ে উক্ত প্ৰস্তাৱ পৰ্যালোচনা কৰি আছে৷ 

ভাৰতত পৰোক্ষ কৰ সংগ্ৰহৰ ব্যৱস্থা প্ৰায় নিখুঁত৷ কিন্তু প্ৰত্যক্ষ কৰ সংগ্ৰহৰ ব্যৱস্থা নিখুঁত নহয়৷ তাৰ ফলতে দেশতে চহকী শ্ৰেণীয়ে আয়কৰ ফাঁকি দিয়াৰ সুযোগ পায় আৰু ই দেশৰ অৰ্থনীতিৰ দুৰৱস্থাৰ বাবে অন্যতম দায়ী কাৰক৷ এনে ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ বাবে দৰিদ্ৰ সদায় পিছ পৰি গৈছে আৰু ২০১৮ চনৰ পৰা ২০২২ চনলৈ দেশত প্ৰত্যেকদিনাই ৭০ জনকৈ কোটিপতিৰ জন্ম হৈছে৷ দেশৰ ৭৭শতাংশ সম্পদ গৈ এতিয়া গোট খাইছে ভাৰতৰ ১০ শতাংশ ব্যক্তিৰ হাতত৷ অথচ দেশৰ ৬ শতাংশ লোকেহে আয়কৰ প্ৰদান কৰি আছে৷ এনে পৰিস্থিতিত দেশত দৰিদ্ৰৰ মৰ্যাদা নোহোৱা হৈ পৰিছে আৰু চহকী দিনে দিনে অধিক ধনী হৈ গৈ আছে৷ আনহাতে দৰিদ্ৰৰ জীৱন ধাৰণৰ মান দিনক দিনে নিম্নগামী হৈ আছে৷ দেশত চহকী আৰু দৰিদ্ৰ দুটা শ্ৰেণীৰ বিভাজন অতি স্পষ্ট হৈ পৰিছে৷ সেই ব্যৱধান হ্ৰাস কৰাৰ বাবেই প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ আমূল সংস্কাৰ সাধন কৰি চহকীৰ পৰা অধিক আয়কৰ আদায়ৰ পৰিকল্পনা কৰা হৈছে৷ নতুন প্ৰত্যক্ষ কৰ ব্যৱস্থাত ৬টা দশক পুৰণি জটিল প্ৰত্যক্ষ কৰ নীতিৰ বিলোপ সাধন কৰা হ’ব আৰু নতুন প্ৰত্যক্ষ কৰ ব্যৱস্থা বলবৎ কৰা হ’ব৷ নতুন ব্যৱস্থাত চহকীৰ ওপৰত অধিক আয়কৰ আৰোপ কৰা হ’ব  আৰু এতিয়াৰ নূ্যনতম সম্পত্তি কৰ বৃহৎ পৰিমানলৈ বৃদ্ধি কৰা হ’ব৷ যাৰ বেছিকৈ সম্পত্তি আছে তেওঁ কৰো বেছিকৈ দিব লাগিব৷ উল্লেখ্য, চীন আৰু আমেৰিকাত চহকীৰ পৰা উচ্ছ হাৰৰ কৰ আদায়ৰ পোষকতা কৰা হৈছে৷ ভাৰততো তেনে ব্যৱস্থা বলবৎ কৰা হ’ব, যাতে দেশৰ জনতাৰ আৰ্থিক বৈষম্য দূৰ হয়৷