Logo
image

ব’হাগতে গুৱাহাটীত গৰমৰ অবাঞ্ছিত অভিলেখ

আমাৰ অসম, ১৯ এপ্ৰিলঃ  দেশৰ কেইবাখনো ৰাজ্যত হোৱা গ্ৰীষ্মপ্ৰবাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে৷ বিগত প্ৰায় তিনি চাৰিদিন ধৰি অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যত গ্ৰীষ্মপ্ৰবাহ চলি আছে৷  প্ৰণিধানযোগ্য যে  ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন৷ জুন,  জুলাই মাহৰ দৰে গৰম ব’হাগ তথা এপ্ৰিল মাহতে অনুভূত হোৱাত গৰমৰ   প্ৰকোপে ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুওৱা পৰিলক্ষিত হৈছে৷  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে সাধাৰণতে এপ্ৰিল মাহত এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৯ৰ পৰা ৩২ ডিগ্ৰীৰ ভিতৰত থাকিব লাগে৷ কিন্তু বিগত প্ৰায় তিনি চাৰিদিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ আনকি উদ্বেগজনক ভাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৪ ৰ পৰা ৬ ডিগ্ৰীৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷ ফলত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন৷ বহু নাগৰিকে এপ্ৰিল মাহত হোৱা গৰমৰ প্ৰকোপত অতিষ্ঠ হৈ অহা জুন, জুলাই, আগষ্ট মাহৰ দৰে অতি গৰম পৰা মাহত কি পৰিস্থিতিৰ উদ্ভৱ হব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে৷  আনহাতে মঙলবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক তাপমান আছিল ৰাজধানী গুৱাহাটী মহানগৰীত৷ গুৱাহাটীত দুপৰীয়াৰ ভাগত  তাপমান বৃদ্ধি পাই হৈছিলগৈ ৩৭.২  ডিগ্ৰী চেলছিয়াছ৷ যিটো স্বাভাবিকতকৈ ৬ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ আনকি উত্তৰ পূবৰ ভিতৰত ত্ৰিপুৰাত ৰাজধানী আগৰতলা চহৰত মঙলবাৰে তাপমাত্ৰাই অভিলেখৰ সৃষ্টি কৰে৷ স্বাভাৱিকতকৈ ৫.১ ডিগ্ৰী বৃদ্ধি হৈ আগৰতলা চহৰত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৮.০ ডিগ্ৰী চেলচিয়াছ৷ যাৰ বাবে ত্ৰিপুৰা চৰকাৰে এটা সপ্তাহৰ বাবে বিদ্যালয় সমূহ বন্ধা ঘোষণা কৰিছে৷  যিহেতু অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৬ ডিগ্ৰী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ দৰে ৪৫-৪৭ ডিগ্ৰী চেলছিয়াছ হয়গৈ৷ এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধবংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে৷ কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে৷ শ্বিলঙত মঙলবাৰে সৰ্বাধিক ২৮.২ ডিগ্ৰীলৈ উঠে পাৰাস্তম্ভ৷ যিটো স্বাভাবিকতকৈ ৪.৯ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ আনহাতে মঙলবাৰৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ - ডিব্ৰুগড়ত ২৯.৮ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত ৩৫.৩ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৭.৫ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩১.২ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩১.৪ ডিগ্ৰী চেলছিয়াছ আছিল৷ ইফালে বৰষুণৰ বাবে বিখ্যাত মেঘালয়ৰ চেৰাপুঞ্জীত শুকুৰবাৰৰ দিনটোত এটোপালো বৰষুণ নহল৷ ইয়াৰ বিপৰীতে চেৰাপুঞ্জীত স্বাভাৱিকতকৈ তাপমাত্ৰা ৬.১ডিগ্ৰী বৃদ্ধি হৈ মঙলবাৰে  সৰ্বাধিক তাপমাত্ৰা হয়গৈ ২৮.২ ডিগ্ৰী চেলছিয়াছ৷  একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে৷ য’ত গ্লবেল ৱাৰ্মিং বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্ৰাস পাব পাৰে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২০ এপ্ৰিলৰ পাছতহে অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ কেতবোৰ অঞ্চলত গাজনী, ঢেৰেকণি ধুমুহাৰ সৈতে বৃষ্টিপাত হ’ব পাৰে বুলি আগজাননী দিছে৷ সমান্তৰাল ভাবে সেই সময়ছোৱাত অসমৰ বহু ঠাইত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়া আৰু কেতবোৰ ঠাইত মজলীয়া পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে৷ অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰী কৰিছে বতৰ ডাৱৰীয়া কেন্দ্ৰ৷