Logo
image

প্ৰাক্তন ৰাজ্যপাল অজয় সিঙৰ দেহাৱসান

আমাৰ অসম, ১৯ এপ্ৰিলঃ  অসমৰ প্ৰাক্তন ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অজয় সিং আৰু নাই৷ মঙলবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ উত্তৰ-পূব পৰিষদৰ অধ্যক্ষৰ আসনো অলংকৃত কৰা অজয় সিঙে ২০০৩ চনৰ পৰা ২০০৮ চন পৰ্যন্ত অসমৰ ৰাজ্যপাল হৈ আছিল৷ ১৯৩৪ চনৰ ২০ নৱেম্বৰত ৰাজস্থানত জন্মগ্ৰহণ কৰিছিল সিঙে৷ ভাৰতীয় সেনাত  যোগদানৰ জৰিয়তে দেশ মাতৃৰ বাবে প্ৰশংসনীয় সামৰিক অৱদান আগবঢ়াই গৈছে সিঙে৷ ৰাজস্থানৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা অজয় সিঙে মায়ো কলেজ আজমেৰৰ পৰা কলেজীয়া শিক্ষা আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷ ভাৰতীয় সেনাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ইণ্ডিয়ান মিলিটাৰী একাডেমীয়ে ‘চৰ্ড অৱ অনাৰ’ আৰু ৰূপৰ পদকেৰে সন্মানিত কৰা হৈছিল৷ ভাৰত-পাকিস্তান যুদ্ধত তেওঁ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁৰ নাম সন্মানসহকাৰে লিপিবদ্ধ কৰা হৈছে৷ ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত অংশগ্ৰহণৰ অভিজ্ঞতাৰে পুষ্ট সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰাক্তন ৰাজ্যপাল লেঃ জেনেৰেল অজয় সিঙে ৰাজ্যখনৰ উন্নয়নত অপৰিসীম অৰিহণা যোগাইছিল৷ দেশৰ সামৰিক বাহিনীলৈ আগবঢ়োৱা বিশিষ্ট অৰিহণাৰ কথা স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে ১৯৬৫ আৰু ১৯৭১ চনত যুদ্ধৰ সময়ত তেওঁ লোৱা ভূমিকাক ৰাষ্ট্ৰই সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি কয়৷ তেওঁৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷