Logo
image

পাৱাৰ গেম! মহাৰাষ্ট্ৰৰ ৰাজনীতি তল-ওপৰ

আমাৰ অসম, ১৯ এপ্ৰিলঃ  এটা বিধানসভাৰ কাৰ্যকালত তিনিবাৰকৈ ক্ষমতাৰ সাল-সলনি ঘটা মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ ‘পাৱাৰ গেম’ আৰম্ভ হৈছে৷ ২০১৯ চনৰ নৱেম্বৰৰ দৰে পুনৰ ‘পাৱাৰ গেম’ আৰম্ভ কৰিছে এন চি পিৰ নেতা, শাৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰে৷ ২০১৯ চনত নিৰ্বাচনৰ ফলাফল ত্ৰিশংকু হোৱাত অজিত পাৱাৰে বিজেপিৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰি উপ-মুখ্যমন্ত্ৰী হৈ ৮০ ঘণ্টাৰ  পাছত মুৰপোলোকা মাৰিছিল৷ ফলত স্থায়ী হ’বলৈ নৌপাওঁতেই ভাগি পৰিছিল বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিশ মন্ত্ৰীসভা৷ এতিয়া পুনৰ সেই অজিত পাৱাৰেই লুটিবাগৰ মৰা আৰম্ভ কৰা বুলি চৰ্চা হৈছে৷ চৰ্চা হৈছে, অজিত পাৱাৰে এনচিপিৰ ৪০জন বিধায়কক লৈ বিজেপিত যোগদান কৰিব৷ দলটোত আছে মুঠতে ৫৩ জন বিধায়ক৷ দলৰ মুৰব্বী শাৰদ পাৱাৰে এই খবৰ মিছা বুলি কৈ বিধায়কসকলক ঐক্যবদ্ধ কৰি ৰখাৰ চেষ্টা চলাইছে৷ কিন্তু তেওঁৰ ভতিজাক, দলৰ আগশাৰীৰ নেতা ৬৩ বছৰীয়া অজিত পাৱাৰে ৮ এপ্ৰিলৰ পৰা সকলোৰে পৰা সংযোগহীন হৈ থকা, পুনেত সোমবাৰে হ’বলগীয়া দলৰ সভা বাতিল কৰা, দুজন আগশাৰীৰ বিজেপি নেতাৰ সৈতে মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ উৰা মৰাৰ একাধিক সন্দেহজনক কাৰ্যকলাপেৰে ৰাজ্যৰ ৰাজনীতিত পুনৰ বৃহৎ পৰিৱৰ্তন সংঘটিত হোৱাৰ ইংগিত প্ৰদৰ্শন কৰিছে৷ ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষক আৰু মিডিয়া এক প্ৰকাৰ নিশ্চিত, অজিত পাৱাৰে বৃহৎ সংগীসহ বিজেপিত যোগদান কৰিব৷ শেহতীয়াকৈ শিৱসেনাৰ সিন্দেগোটৰ সৈতে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত ইজনৰ পাছত সিজন বিৰোধী নেতা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ লক্ষ্য হৈ থকাৰ সময়তো নিশ্চিন্তমনে আছে অজিত পাৱাৰ৷ চৰ্চা অনুসৰি তেওঁ বিজেপিৰ পৰা বিশেষাধিকাৰ ভোগ কৰি আছে আৰু তাৰ প্ৰতিদান দিয়েই তেওঁ বিজেপিত যোগদান কৰিব৷ অজিত পাৱাৰৰ বিৰুদ্ধে অসংখ্য কেলেংকাৰিৰ অভিযোগ থকা স্বত্বেও তেওঁক সিন্দে-ফাড়নবিশ চৰকাৰ আৰু মোদী চৰকাৰে কোনো অসুবিধা দিয়া নাই৷ বিজেপিৰে গোপন বুজাবুজিৰ বাবেই তেওঁ সাৰি থকা বুলি চৰ্চা হৈছে৷ উল্লেখ্য, একনাথ সিন্দেৰ নেতৃত্বত বিশাল সংখ্যাত শিৱসেনাৰ বিধায়কে দল ভাঙি ওলাই আহোতে এন চি পিৰ সকলো বিধায়ক অটুত আছিল৷ কিন্তু কংগ্ৰেছ-শিৱসেনা-এনচিপিৰ মহা বিকাশ আগাঢ়ী চৰকাৰত ক্ষমতাৰ সোৱাদ পাই পাছত হেৰুওৱা এনচিপিৰ বিধায়কে এইবাৰ শাৰদ পাৱাৰক এৰি অজিত পাৱাৰৰ নেতৃত্বত দল এৰি বিজেপিলৈ যোৱাৰ প্ৰবল সম্ভাৱনা আছে৷