গৰমত ঠাণ্ডাৰ পৰিৱৰ্তে কুহুমীয়া পানী খাওক
গৰমৰ দিনকেইটাত সাধাৰণতে পানী খোৱাৰ পৰিমাণ বৃদ্ধি পায়৷ গৰম বেছিকৈ পৰিলে ফ্ৰীজত ৰখা বা বৰফ দিয়া পানী বেছিকৈ খোৱা হয়৷ ইয়াৰ ফলত তৃষ্ণা দূৰ হয় যদিও স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে মাত্ৰাধিক ঠাণ্ডা পানী খালে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷
⬛ বেছি গৰম পৰিলে ঠাণ্ডা পানী খালে শৰীৰৰ তাপমাত্ৰা হঠাৎ কমি যায় যাৰ বাবে শৰীৰত বিৰূপ প্ৰভাৱ পৰে৷ ইয়াৰ ফলত কাহ-চৰ্দিৰ উপৰি জ্বৰতো আক্ৰান্ত হোৱাৰ আশংকা থাকে৷
⬛ গৰমত বেছি ঠাণ্ডা পানী খালে হাওঁফাওঁত সহজেই কফ জমা হ’ব পাৰে৷
⬛ বেছি ঠাণ্ডা পানী খোৱাৰ ফলত চৰ্দি-কাহত সহজেই আক্ৰান্ত হ’ব পাৰে৷
⬛ ঠাণ্ডা পানীয়ে দাঁতৰো ক্ষতি কৰে৷ যাৰ বাবে দাঁতৰ বিষত আক্ৰান্ত হ’ব পাৰে৷ এইক্ষেত্ৰত ঠাণ্ডা পানীৰ পৰিৱৰ্তে কুহুমিয়া পানী খোৱাহে স্বাস্থ্যৰ বাবে উত্তম৷ বিশেষকৈ খালী পেটত পুৱাই যদি এগিলাচ কুহুমিয়া পানী খোৱাৰ অভ্যাস কৰে বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ গৰমত ফ্ৰীজত ৰখা ঠাণ্ডা পানী খোৱাতকৈ দাবৰ পানী, ফলৰ ৰস, নেমুৰ চৰ্বত খোৱাৰ অভ্যাস কৰিলে যথেষ্ট উপকাৰ পাব৷