গ্ৰীষ্মপ্ৰৱাহ
প্ৰকৃতিৰ সেউজ আৱৰণ ধবংস কৰি মানুহে গাই গৈছে উন্নয়নৰ জয়গান৷ গছ-গছনি কাটি, বনভূমি ধবংস কৰি উন্নয়নমূলক কাম কৰাৰ ফলত প্ৰায়বোৰ ঠাইতে যাতায়াত ব্যৱস্থা সুচল হোৱাৰ উপৰি ওখ ওখ অট্টালিকাই মূৰ দাঙি উঠিছে৷ সুচল যাতায়াত ব্যৱস্থাৰ ফলত প্ৰায়বোৰ ঠাইতে যান-বাহনৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ পেট্ৰ’ল-ডিজেলচালিত বাহনৰ সংখ্যা বৃদ্ধিয়ে বায়ুমণ্ডলত কাৰ্বনৰ উপস্থিতি বৃদ্ধি কৰিছে৷ ইফালে গছ-গছনি কমি যোৱাত বায়ুমণ্ডলৰ কাৰ্বন উদ্ভিদে কমকৈ গ্ৰহণ কৰাৰ ফলতো বায়ুমণ্ডলত কাৰ্বনৰ মাত্ৰা বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি গৰমৰ পৰা হাত সাৰি থাকিবলৈ বহু লোকে শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ঘৰত ব্যৱহাৰ কৰাৰ উপৰি যান-বাহনতো তেনে যন্ত্ৰ ব্যৱহাৰ কৰাত বায়ুমণ্ডলত সেউজ গৃহ গেছ বৃদ্ধিত অৰিহণা যোগোৱা কাৰ্বন, ক্ল’ৰ’ফ্লুৰ’ কাৰ্বন আদি গেছৰ উপস্থিতি বৃদ্ধি পাইছে৷ ইফালে, বিভিন্ন ঠাইত চলি থকা নিৰ্মাণকাৰ্যৰ ফলতো বায়ু প্ৰদূষিত হৈছে৷ ফলত সেমেকা জলবায়ুৰ ঠাইৰূপে পৰিচিত অঞ্চলসমূহতো গৰমৰ মাত্ৰা বৃদ্ধি পাইছে৷ প্ৰকৃতি ধবংসৰ ফলত পৰিস্থিতি-তন্ত্ৰৰ সন্তুলন বিনষ্ট হৈছে৷ ফলস্বৰূপে ঋতুকালীন স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনাৰ তাৰতম্য হৈছে; বিশেষকৈ বৰষুণৰ মাত্ৰা কমি যোৱাত কৃষিকাৰ্যত বিৰূপ প্ৰভাৱ পৰিছে৷ সাধাৰণতে এপ্ৰিলত গুৱাহাটীৰ পাৰাস্তম্ভ ৩২ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব লাগে যদিও মঙলবাৰে গুৱাহাটীত তাপমাত্ৰাই ৩৭.২ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে; যিটো স্বাভাৱিক তাপমাত্ৰাতকৈ ৬ ডিগ্ৰী চেলছিয়াছ অধিক৷ সাধাৰণতে অসমত ফাগুণ-চ’ত মাহৰ পৰা বতাহ-বৰষুণ হয় যদিও জলবায়ু পৰিৱৰ্তনে পৰিস্থিতি-তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাত এতিয়া বতৰৰ পূৰ্বানুমান কৰা কঠিন হৈ পৰিছে৷ কেতিয়াবা যদি অতিবৃষ্টি হৈছে, কেতিয়াবা অনাবৃষ্টি-খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ বহু অঞ্চল৷ অকল গুৱাহাটী বা অসমতেই যে উষ্ণতা বৃদ্ধি পাইছে এনে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যতে উষ্ণতা এপ্ৰিল মাহতে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ গৰমৰ বাবেই ত্ৰিপুৰাৰ আগৰতলাত এসপ্তাহৰ কাৰণে বিদ্যালয় বন্ধ ঘোষণা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যদি এপ্ৰিল মাহতে গৰমৰ মাত্ৰা সহ্য কৰিব পৰা অৱস্থা অতিক্ৰম হয়, তেন্তে জুন-জুলাই-আগষ্টত পৰিস্থিতি কি হ’ব, সেই কথা চিন্তা কৰি এতিয়া প্ৰায়বোৰ লোকেই শংকিত৷ মানুহে গছ-গছনি ধবংস কৰাৰ বিপৰীতে গছপুলি ৰোপণ কৰি প্ৰতিপালনৰ ব্যৱস্থা কৰিলেহে এই অস্বাভাৱিক গৰমৰ পৰা আমি ৰক্ষা পাব পাৰিম; অন্যথা অনাগত সময়ত আমি একোটা জ্বলন্ত পিণ্ডৰ ওপৰত থাকিব লাগিব৷ সেই পৰিস্থিতিত আমি জীয়াই থাকিব পাৰিমনে? ইফালে ভাৰতৰ বহু ৰাজ্যৰ পাৰাস্তম্ভই ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰি জনজীৱনত সমস্যাৰ সৃষ্টি কৰিছে৷ সোমবাৰে তেলেংগানাৰ জয়শংকৰ ভূপালপল্লীত পাৰাস্তম্ভই ৪৪.৬ ডিগ্ৰী চেলছিয়াছ আৰু উত্তৰ প্ৰদেশৰ চুলতানপুৰত ৪৩.চ্ছ্ৰ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে৷ ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই পশ্চিমবংগ, বিহাৰ, অন্ধ্ৰপ্ৰদেশৰ লগতে ছিকিম, ঝাৰখণ্ড, ওড়িশা আৰু উত্তৰ প্ৰদেশত গ্ৰীষ্মপ্ৰৱাহে জনজীৱন স্তব্ধ কৰিব বুলি সতৰ্কতামূলক বাৰ্তা প্ৰকাশ কৰিছে৷ সাধাৰণতে গ্ৰীষ্মপ্ৰৱাহৰ ফলত হৃদৰোগত আক্ৰান্ত হৈ মানুহৰ মৃত্যুৰ আশংকা বাঢ়ে৷ তদুপৰি গ্ৰীষ্মপ্ৰৱাহৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শ্ৰমজীৱী লোকসকল৷ দুবেলা দুমুঠি যোগাৰ কৰিবলৈ প্ৰচণ্ড উত্তাপকো নেওচি এইসকল লোকেই কাম কৰিবলৈ ওলাই আহি নানা সমস্যাৰ সন্মুখীন হয়৷ সেয়ে প্ৰতিজন লোকে গ্ৰীষ্মৰ সময়ত পাতল কপাহী কাপোৰ পৰিধান কৰাৰ লগতে শৰীৰত যাতে পানীৰ পৰিমাণ কমি নাযায়, তাৰ কাৰণে প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰিব লাগে৷ প্ৰয়োজন নহ’লে ৰ’দত নাথাকি ছাঁত থকাৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ উপৰি প্ৰতিজন লোকেই অন্ততঃ ঘৰৰ চৌপাশত নিম, তুলসীকে ধৰি বিভিন্ন উদ্ভিদ ৰোপণ কৰি চৌপাশৰ বায়ু পাৰ্যমানে প্ৰাকৃতিকভাৱে বিশুদ্ধ আৰু শীতল কৰাৰ ব্যৱস্থা কৰিব লাগে৷






