Logo
image

অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত অন্নদা গোহাঁই থিয়েটাৰ

আমাৰ অসম,২০ এপ্ৰিলঃ অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত ‘অন্নদা গোহাঁই থিয়েটাৰ’৷ প্ৰতিজন অসমীয়াৰ বাবে এয়া অতি গৌৰৱৰ কথা৷ ব’হাগৰ বতৰত অসমৰ ৰাইজক এই ভাল লগা খবৰ জনোৱা হৈছে অষ্ট্ৰেলিয়াৰ বিশ্বখ্যাত বিশ্ববিদ্যালয় ‘দ্য ইউনিভাৰছিটী অৱ নিউ ছাউথ ৱেলছ’ৰ  তৰফৰ পৰা৷ উল্লেখ্য, অন্নদা গোহাঁই অসমৰ এগৰাকী আগশাৰীৰ বিদূষী মহিলা৷ ১৯৮৭ চনত অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালকৰূপে অৱসৰ লোৱা অন্নদা গোহাঁইৰ মৃত্যু হয় ২০১১ চনত৷ এইগৰাকী বিদূষী অসমীয়া মহিলাৰ নামেৰে অষ্ট্ৰেলিয়াৰ বিশ্ববিখ্যাত ‘দ্য ইউনিভাৰছিটী অৱ নিউ ছাউথ ৱেলছ’ৰ এটা থিয়েটাৰৰ নামকৰণ কৰা হৈছে৷ এতিয়াৰে পৰা সংশ্লিষ্ট প্ৰেক্ষাগৃহটো অন্নদা গোহাঁই থিয়েটাৰৰূপে পৰিচিত হ’ব৷ এই বিৰল সন্মান লাভ কৰা অন্নদা গোঁহাই প্ৰথমগৰাকী অসমীয়া মহিলা৷ ‘দ্য ইউনিভাৰছিটী অৱ নিউ ছাউথ ৱেলছ’ৰ লেক্সাৰ থিয়েটাৰ G60 ৰ নতুন নাম হ’ব অন্নদা গোঁহাই থিয়েটাৰ৷ বিশ্ববিখ্যাত বিশ্ববিদ্যালয়খনে ১৭টা ভৱন-থিয়েটাৰ-প্ৰেক্ষাগৃহৰ নাম সলনি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৭গৰাকী বিদূষী মহিলাৰে নামেৰে নতুনকৈ নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ সেই ১৭গৰাকীৰ মাজত স্থান লাভ কৰিছে অসমৰ অন্নদা গোঁহায়ে৷ অষ্ট্ৰেলিয়াৰ এই বিশ্ববিদ্যালয়খনৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈছিল অন্নদা গোঁহায়ে৷ ১৯৫৯ চনত এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল৷ ‘দ্য ইউনিভাৰছিটী অৱ নিউ ছাউথ ৱেলছ’ৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ ডিগ্ৰীধাৰী আছিল অন্নদা গোহাঁই৷ অন্নদা গোঁহাইৰ গৱেষণাৰ বিষয় আছিল– 'Production of High Quality Orange Juice Concentrate'৷ অষ্ট্ৰেলিয়াৰ পৰা উভতি আহি অন্নদা গোঁহায়ে অসম চৰকাৰৰ কৃষি বিভাগৰ চাকৰিত যোগদান কৰিছিল৷ প্ৰখ্যাত শিক্ষাবিদ, সমাজসেৱী প্ৰয়াত মহেন্দ্ৰ নাথ গোহাঁই আৰু শৰৎকুমাৰী গোহাঁইৰ কন্যা প্ৰয়াত অন্নদা গোহাঁই বিশিষ্ট শিক্ষাবিদ, সমালোচক, চিন্তাবিদ ড॰ হীৰেন গোহাঁইৰ জ্যেষ্ঠ ভগ্নী৷