Logo
image

ৰাতি টোপনি নাহিলে এইখিনি কৰক

দিনটো পৰিশ্ৰম কৰাৰ পাছতো যদি গোটেই ৰাতি টোপনি নাহে তেতিয়া এইকেইটা কৌশল অৱলম্বন কৰিলে সহজেই টোপনি আহিব৷ 

শোৱাৰ আগতে পিছ দিনাৰ ৰুটিন প্ৰস্তুত কৰকঃ  কামৰ হেঁচা বেছি হ’লে নিদ্ৰাত ব্যাঘাত জন্মে৷ সেই বাবে কেতিয়াবা ওৰে ৰাতি উজাগৰে থাকিবলগাও হয়৷ কামৰ হেঁচা বৃদ্ধিৰ লগে লগে মন  স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰে৷ তাৰ ফলত বহু চেষ্টা কৰিলেও টোপনি নাহে৷ এনে পৰিস্থিতিত পৰিলে পিছদিনাৰ ৰুটিন শোৱাৰ আগতে প্ৰস্তুত কৰি ল’ব লাগে৷ পিছদিনা  কৰিবলগা প্ৰতিটো কামৰ হিচাপ আগতীয়াকৈ ৰাখিলে মনটো পাতল হৈ পৰে৷ যাৰ ফলত টোপনিত বাধা নজন্মে৷

দীঘলীয়াকৈ উশাহঃ শুবলৈ যোৱাৰ পূৰ্বে দুই মিনিটমান সময় দীঘলীয়াকৈ শ্বাস-প্ৰশ্বাস ল’ব লাগে৷ ইয়াৰ ফলত মগজুৱে সঠিকভাৱে অক্সিজেন পায়৷ যাৰ ফলত অতি সহজেই টোপনি আহে৷ 

অন্ধকাৰ কোঠালিঃ সাধাৰণতে শোৱনি কোঠাটো  আন্ধাৰ হৈ থাকিলে টোপনিত ব্যাঘাত নজন্মে৷ সেই বাবে শোৱাৰ সময়ত কোঠাটো অন্ধকাৰ কৰি ৰাখিব লাগে৷ এনে কৰাৰ ফলত অতি সহজতে টোপনি আহিব পাৰে৷ 

শোৱাৰ আগতে গৰম গাখীৰ খাওকঃ শুবলৈ যোৱাৰ পূৰ্বে এগিলাছ গৰম গাখীৰ খালে সোনকালে টোপনিৰ ভাৱ আহিব৷ 

দুশ্চিন্তা এৰাই চলকঃ কেতিয়াবা অনাহকতে কোনো কথাকলৈ বেছি চিন্তিত হোৱাৰ ফলত মগজু সকলো সময়তে সক্ৰিয় হৈ থাকে৷ যাৰ ফলত ৰাতিও এনে দুশ্চিন্তাৰ বাবেই টোপনিৰ ভাৱ নাহে৷ সেয়ে শোৱাৰ সময়ত সকলো চিন্তা মনৰ পৰা আঁতৰাই পঠালে সহজেই টোপনি আহিব৷