Logo
image

খেলপথাৰত বৰ্ণ-বিদ্বেষ

বৰ্ণবিদ্বেষৰ বিৰুদ্ধে বিশ্বজুৰি আন্দোলন চলি থকাৰ সময়তে এই বিতৰ্কই আকৌ এবাৰ জোকাৰি গ’ল ক্ৰীড়া বিশ্বক৷ দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাত ভাগ ল’বলৈ অষ্ট্ৰেলিয়ালৈ যোৱা ভাৰতীয় ক্ৰিকেট দলৰ দুজন সদস্য ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত বৰ্ণবাদী আক্ৰমণৰ বলি হ’বলগীয়া হয়৷ এই ঘটনাই ইতিমধ্যে ক্ৰিকেট বিশ্বত ব্যাপক চৰ্চা লাভ কৰিছে৷ সৰ্বত্ৰ ধিক্কাৰ দিছে বৰ্ণ-বৈষম্যৰ পোষকতা কৰা অষ্ট্ৰেলিয়াৰ লোকক৷ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ তৃতীয় টেষ্টৰ সময়ত ভাৰতৰ পেচ বলাৰ যশ¸প্ৰীত বুমৰাৰ দেহৰ ৰং আৰু মহম্মদ ছিৰাজৰ ধৰ্মক লৈ গেলাৰীৰ পৰা একাংশ লোকে ইতিকিংসূচক মন্তব্য কৰিছিল৷ বাদ পৰি যোৱা নাছিল বিৰাট কোহলিৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিয়া অজিংক্য ৰাহানেও৷  ছিডনীৰ তৃতীয় টেষ্টৰ প্ৰথম দিনটোৰ পৰাই গেলাৰীৰ একাংশ লোকে ভাৰতীয় ক্ৰিকেটাৰক উদ্দেশ্যি আপত্তিজনক শব্দ উচ্ছাৰণ কৰিছিল৷ পাছলৈ ঘটনাই এনে এক ৰূপ লৈছিল যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলক আনুষ্ঠানিকভাৱে আপত্তি দৰ্শাবলগীয়া হৈছিল৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলেও তৎপৰতাৰে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে৷ আনহাতে, ভাৰতীয় ক্ৰিকেটাৰক উদ্দেশ্যি বৰ্ণবাদী মন্তব্য কৰা ঘটনাৰ নিউ ছাউথ ৱেলছ পুলিচৰ লগতে ক্ৰিকেট অষ্ট্ৰেলিয়ায়ো তদন্ত আৰম্ভ কৰিছে৷ ক্ৰিকেট অষ্ট্ৰেলিয়াই স্পষ্ট কৰি দিছে যে যদি অষ্ট্ৰেলিয়াৰ কোনো ক্ৰিকেটাৰৰ বিৰুদ্ধে বৰ্ণবাদী আচৰণৰ প্ৰমাণ পোৱা যায়, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ কিন্তু প্ৰশ্ন হয়, এনে ব্যৱস্থা লোৱাৰ পাছত যে ক্ৰিকেট বৰ্ণ-বিদ্বেষৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব, তাৰ কোনেও গেৰাণ্টী দিব নোৱাৰে৷ অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেটাৰ যে প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে, তেনে নহয়৷ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ লগতে আকাশ চোপ্ৰাৰ মতে– অষ্ট্ৰেলিয়াত খেলিবলৈ যোৱাৰ সময়ত এই বিষয়টোক লৈ তেওঁলোক শংকিত হ’বলগীয়া হৈছিল৷ খেলপথাৰত বিপক্ষৰ খেলুৱৈৰ লগতে দৰ্শকৰ মুখৰ পৰা আপত্তিজনক শব্দ শুনিবলগীয়া হৈছিল৷ বৰ্তমানৰ দলটোৰ সদস্য ৰবিচন্দ্ৰন অশ্বিনেও অনুৰূপ মন্তব্য কৰিছে৷

কেৱল ভাৰতীয় ক্ৰিকেটাৰেই যে বৰ্ণবাদী আচৰণৰ সন্মুখীন হ’বলগীয়া হৈছে, তেনে নহয়৷ অষ্ট্ৰেলিয়াত প্ৰায়েই এছীয় সম্প্ৰদায়ৰ লোকক উদ্দেশ্যি কৰা হয় ইতিকিংসূচক মন্তব্য৷ অষ্ট্ৰেলিয়াৰ দৰ্শকৰ এনে আচৰণৰ বাবেই এটা সময়ত শ্ৰীলংকাৰ প্ৰাক্তন অফস্পিনাৰ মুথিয়া মুৰলীধৰণে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে অস্বীকাৰো কৰিবলগীয়া হৈছিল৷ কেৱল অষ্ট্ৰেলিয়াই নহয়, ইংলেণ্ডতো এছিয়া মূলৰ ক্ৰিকেটাৰ প্ৰায়েই বৰ্ণ-বিদ্বেষৰ সন্মুখীন হ’বলগীয়া হয়৷ দেহৰ বৰণৰ বাবে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰেও ক্ৰিকেট ফিল্ডত বৰ্ণবাদী মন্তব্যৰ সন্মুখীন হ’বলগীয়া হয়৷ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডাৰেন ছামিয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতো [আই পি এল] তেওঁক উদ্দেশ্যি বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ এছীয় মূলৰ হোৱা বাবে ইংলেণ্ড ক্ৰিকেট দলৰ সদস্য মঈন আলী, দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাও বহু সময়ত বৰ্ণবাদী আচৰণ সহিবলগীয়া হৈছিল৷ ইংলেণ্ডক প্ৰতিনিধিত্ব কৰা কৃষ্ণাংগ ক্ৰিকেটাৰ জফ্ৰা আৰ্চাৰো বৰ্ণ-বিদ্বেষৰ পৰা সাৰি যাব পৰা নাই৷ কেৱল ক্ৰিকেটাৰেই যে বৰ্ণবাদী আচৰণৰ সন্মুখীন হ’বলগীয়া হয়, তেনে নহয়৷ ফুটবল, টেনিছৰ লগতে আন খেলতো বৰ্ণবাদী আচৰণৰ ঘটনা সংঘটিত হোৱাৰ বহু উদাহৰণ আছে৷ বৰ্ণ-বিদ্বেষৰ বিৰুদ্ধে চলা ‘ব্লেক লাইফ মেটাৰ্ছ’ শীৰ্ষক আন্দোলনত জড়িত হৈ পৰিছে বিশ্বৰ ভালেসংখ্যক আগশাৰীৰ খেলুৱৈ৷ ছিডনীৰ ঘটনাক গৰিহণা দি ভাৰতীয় ক্ৰিকেট দলৰ নিয়মিত অধিনায়ক বিৰাট কোহলিয়ে ইয়াক উচ্ছৃংখল মানসিকতাৰ নিকৃষ্ট উদাহৰণ বুলি অভিহিত কৰিছে৷ ভাৰতীয় ক্ৰিকেটাৰক উদ্দেশ্যি বৰ্ণবাদী মন্তব্য কৰাৰ ঘটনাত দুখ প্ৰকাশ কৰি ভাৰতীয় দলৰ ওচৰত ক্ষমা বিচাৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই৷ কিন্তু কেৱল ক্ষমা বিচৰাটোৱেই যথেষ্টনে? এনে ঘটনা যাতে পিছলৈ নঘটে, তাক সুনিশ্চিত কৰিব পাৰিব লাগিব ক্ৰিকেট অষ্ট্ৰেলিয়াৰ লগতে দেশখনৰ চৰকাৰে৷