Logo
image

ছুডানত অনাহাৰে আৱদ্ধ ৪ হাজাৰ ভাৰতীয়

‘আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ২১ এপ্ৰিলঃ আফ্ৰিকাৰ দেশ ছুডানত গৃহযুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে তাত থকা ভাৰতীয় লোকসকলৰ সুৰক্ষাৰ দিশটোক লৈও ভাৰত চৰকাৰ চিন্তিত হৈ পৰিছে৷ তেওঁলোকৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে আমেৰিকা, ব্ৰিটেইন, ছৌদি আৰব, সংযুক্ত আৰব এমীৰেটছৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে৷ ক্ষমতাৰ বাবেই ছুডানৰ সেনাৰ দুজন মুৰব্বী আৰু তেওঁলোকৰ অধীনত থকা সেনাৰ মাজত হোৱা যুদ্ধই এতিয়ালৈকে তিনিশৰো অধিক লোকৰ প্ৰাণ লৈছে আৰু প্ৰায় তিনি হাজাৰ সেনা-সাধাৰণ লোক আহত হৈছে৷ আকাশত বিকট শব্দ কৰি উৰা যুঁজাৰু বিমান, পথত ঘূৰি ফুৰা টেংক আৰু বোমা বিস্ফোৰণ-গুলীচালনাই ছুডানৰ ৰাজধানী খাৰ্টুম আৰু ইয়াৰ আশে-পাশে থকা স্থানৰ পৰিস্থিতি শোচনীয় কৰি তুলিছে৷ তেনে অৱস্থাত ৰাজধানী খাৰ্টুমৰ পৰা হাজাৰ হাজাৰ লোকে পলায়ন কৰিছে৷ খাৰ্টুমৰ বিমানবন্দৰ আৰু ষ্টেচনৰ লগতে গুৰুত্বপূৰ্ণ স্থান দখলৰ বাবে যুঁজ অব্যাহত আছে৷ কিন্তু তাৰ মাজতে ইয়াত থকা চাৰি হাজাৰৰো অধিক ভাৰতীয় আৱদ্ধ হৈ পৰিছে৷ মাত্ৰ ৫২ লাখ জনসংখ্যা থকা ছুডানৰ সৰ্ববৃহৎ চহৰ খাৰ্টুমত ভয়ংকৰ পৰিস্থিতিৰ মাজতে তাত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ কথাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ ভাৰত চৰকাৰে এই লোকসকলক উদ্ধাৰৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰিছে যদিও পৰিস্থিতি ইমানেই ভয়ংকৰ যে তাত উদ্ধাৰ অভিযান চলোৱাটো সহজ নহয়৷ ছুডানত থকা ভাৰতীয় দূতাবাসে এই লোকসকলৰ নিৰাপত্তাৰ বাবে সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে৷ অধিক ভাৰতীয় ছুডানৰ চাৰিখন চহৰত বাস কৰি আহিছে৷ কিন্তু এই চাৰিখন চহৰৰ পৰা এই ভাৰতীয়সকলক উদ্ধাৰ কৰাটো কোনোপধ্যেই সহজ নহয়৷ তদুপৰি প্ৰাণৰ মায়াত লুকাই থকা ভাৰতীয়সকলে খাদ্য আৰু বিদ্যুৎ অবিহনে সময় পাৰ কৰিবলগীয়া হৈছে৷