উক্তি-বক্ৰোক্তি
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ’ব পাৰে৷ পৰিস্থিতি তেনেকুৱাই৷ এনে অৱস্থাত পাকিস্তানত নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নহয়৷
– পাকিস্তান চৰকাৰ
অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সমাধান নোহোৱালৈকে বিবদমান অঞ্চলত খাৰুৱা তেলৰ উৎপাদন অব্যাহত ৰাখিবৰ বাবে দুয়োখন ৰাজ্যই শীঘ্ৰে বুজাবুজি চুক্তিত চহী কৰিব৷ খাৰুৱা তেলৰ ৰয়েল্টী দুয়োখন ৰাজ্যই সমানে ভগাই ল’ব৷
– নেইফিউ ৰিঅ’
তথাকথিত ঐতিহাসিক চুক্তিৰ জৰিয়তে অসমে অৰুণাচলৰ দ্বাৰা দখলীকৃত কিমান মাটি উদ্ধাৰ কৰিলে? হেক্টৰৰ হিচাপৰ সলনি গাঁৱৰ হিচাপ দিয়া হ’ল কিয়? ইয়াতে চুক্তিৰ আঁৰৰ উদ্দেশ্যে ওলাই পৰে৷ দিল্লীত বহি চুক্তি কৰিলেই বাস্তৱত সমস্যাৰ সমাধান নহয়৷ ইয়াৰ বাবে আৰু বহু কাম কৰিব লাগিব৷
– তৃণমূল কংগ্ৰেছ
অসমীয়া নাৰীৰ ত্যাগ-সাহস-একাগ্ৰতা শলাগিবলগীয়া৷ এয়া সকলোৰে বাবে প্ৰেৰণাদায়ক৷ জয়মতী-কনকলতা-ভোগেশ্বৰী ফুকননী-তিলেশ্বৰী বৰুৱাৰ পৰা লাভলীনা বৰগোহাঁই-হিমা দাস-নয়নমণি শইকীয়ালৈকে এইসকল আমাৰ জাতিটোৰ বাবে প্ৰেৰণাৰ প্ৰতীক৷
– হিমন্ত বিশ্ব শৰ্মা
অংকিতা দত্তই শ্ৰীনিৱাসনৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ অনাৰ পাছতে তৎপৰ হৈ পৰিল ৰাষ্ট্ৰীয় মহিলা আয়োগ৷ আয়োগৰ এই তৎপৰতাৰ শলাগ লৈছোঁ৷ কিন্তু একেধৰণৰ তৎপৰতা বৰডুবিৰ ধৰ্ষিতা নাবালিকাৰ ক্ষেত্ৰত আয়োগে প্ৰদৰ্শন কৰা নাই৷ ধৰ্ষণত অভিযুক্তজন বিজেপি কৰ্মী হোৱা বাবেই মহিলা আয়োগ মনে মনে আছে৷ একে কাৰণতে নিৰ্লিপ্ত হৈ আছে আৰক্ষী প্ৰশাসনো৷
– দেৱব্ৰত শইকীয়া
অংকিতা দত্তই প্ৰতিবাদ কৰাত আপত্তি নাই৷ কিন্তু দলীয় অনুশাসন মানি প্ৰতিবাদ কৰিব লাগিছিল৷ এয়া ব্যক্তিকেন্দ্ৰিক কাজিয়া৷ ৰাজনৈতিকভাৱে ইয়াৰ সুবিধা ল’বলৈ প্ৰতিপক্ষ উঠিপৰি লাগিছে৷ দলত থাকিলে সকলোৱে দলীয় অনুশাসন মানি চলা উচিত৷
– প্ৰদ্যুৎ বৰদলৈ
সৰুপথাৰ সমষ্টিলৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী আহিছিল৷ এটি কণমানিয়ে তেওঁৰ ঘৰৰ সমুখৰ পথটো বোকাময় হোৱা বাবে স্কুললৈ যোৱাত অসুবিধা পোৱা বুলি মুখ্যমন্ত্ৰীক কোৱাত মুখ্যমন্ত্ৰীয়ে পথটো নিৰ্মাণ কৰি দিবলৈ ক’লে৷ বিধায়ক হিচাপে চাবলৈ গৈ দেখিলোঁ যে পকীকৰণৰ উদ্দেশ্যে পথটোত শিল দিয়া হৈছে৷ বোকা নাই৷ কোনোবাই শিশুটিক ভুলকৈ ক’বলৈ শিকাইছে৷ দুখ পালোঁ৷
– বিশ্বজিৎ ফুকন






